মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আই আই এছ চি বাংগালুৰুত সেৱা প্ৰথম উদ্ভাৱন চেলেঞ্জ উদ্বোধন কৰিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰীযুত প্ৰহ্লাদ যোশীয়ে

দক্ষিণৰ পাঁচখন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব

২৫ ছেপ্টেম্বৰৰ পৰা ২৪ অক্টোবৰ, ২০২৬লৈ মুকলি থাকিব পঞ্জীয়ন প্ৰক্ৰিয়া

পোষ্ট কৰা হৈছে: 24 SEP 2026 4:16PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰীযুত প্ৰহ্লাদ যোশীয়ে কাইলৈ, বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত (আই আই এছ চি) সেৱা প্ৰথম উদ্ভাৱন চেলেঞ্জ (এছ এফ আই চি) উদ্বোধন কৰিব। এই পদক্ষেপে যুৱক-যুৱতীসকলক তেওঁলোকৰ মাজত দেখা দিয়া সমস্যাসমূহ চিনাক্ত কৰিবলৈ আৰু পৰীক্ষা, উন্নতি তথা কাৰ্যকৰীকৰণৰ দিশত সমাধান বিকশিত কৰিবলৈ উৎসাহিত কৰিব। এই চেলেঞ্জে কৰ্ণাটক, তামিলনাডু, কেৰালাম, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ আৰু পুডুচেৰীকে ধৰি পাঁচখন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ল’ব।

এই চেলেঞ্জে বিদ্যালয়, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই), পলিটেকনিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ যুৱ অংশগ্ৰহণকাৰীসকলক একত্ৰিত কৰিব।

 

 

ইয়াত অংশগ্ৰহণৰ তিনিটা পৰ্যায় থাকিব—কনিষ্ঠ, কাৰিকৰী আৰু মুকলি।

 

ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কনিষ্ঠ পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰিব।

 

এই পৰ্যায়ত শিক্ষাৰ্থীসকলে স্থানীয় সমস্যাসমূহ চিনাক্ত কৰি সৰলভাৱে কাৰ্যকৰী কৰিব পৰা সমাধান অথবা যুক্তিসংগত সেৱা আৰু শাসন-ব্যৱস্থাৰ ধাৰণা আগবঢ়াব পাৰিব।ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কাৰিকৰী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে হাতে-কামে অভিযান্ত্ৰিক কাৰ্য, নিৰ্মাণ, বৈদ্যুতিন সঁজুলি আৰু প্ৰক্ৰিয়াভিত্তিক সমাধানৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিব।

আনহাতে, স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণা শিক্ষাৰ্থীসকলৰ পৰা প্ৰয়োগযোগ্য আৰ্হি অথবা পৰীক্ষামূলক প্ৰকল্প প্ৰদৰ্শন কৰাৰ লগতে সেইবোৰ বাস্তৱায়নৰ বাবে বিশ্বাসযোগ্য পৰিকল্পনা উপস্থাপনৰ আশা কৰা হ’ব। এই প্ৰতিযোগিতাত পাঁচটা ৰাষ্ট্ৰীয় বিষয়বস্তুৰ ক্ষেত্ৰত  গুৰুত্ব আৰোপ কৰা হ’ব। সেইবোৰ হৈছে—

১। পৰিষ্কাৰ আৰু বহনক্ষম ভাৰত

২। সমৃদ্ধ কৃষক, সমৃদ্ধ ভাৰত

৩। সুস্থ আৰু সকলোকে সামৰি লোৱা ভাৰত

৪। শিক্ষিত আৰু দক্ষ ভাৰত

৫। সুৰক্ষিত ভাৰত

এই অনুষ্ঠানৰ বাবে পঞ্জীয়ন ২৫ ছেপ্টেম্বৰৰ পৰা ২৪ অক্টোবৰ, ২০২৬লৈ মুকলি থাকিব।

প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায় হিচাপে ২০২৬ চনৰ ১০ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অংশগ্ৰহণকাৰীসকলে শিক্ষাবিদ আৰু উদ্যোগ খণ্ডৰ বিশেষজ্ঞৰ পৰামৰ্শ, পৰীক্ষাগাৰ, নিৰ্মাণৰ সুবিধা, পৰীক্ষণৰ সহায়, উদ্ভাৱনক ব্যৱসায়িক ৰূপ দিয়াৰ সুবিধা, প্ৰাৰম্ভিক আৰু পৰীক্ষামূলক পুঁজিৰ সহায়, ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ সুযোগ আৰু বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ সন্দৰ্ভত দিহা-পৰামৰ্শ লাভ কৰিব।

সম্ভাৱনাপূৰ্ণ সমাধানসমূহ সম্ভাব্যভাৱে গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, নগৰ আৰু গ্ৰামাঞ্চলৰ স্থানীয় স্বায়ত্তশাসিত সংস্থা, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু উদ্যোগ খণ্ডৰ সৈতে সংযোগ স্থাপন কৰা হ’ব।এই প্ৰতিযোগিতা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়, সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে যুটীয়াভাৱে আয়োজন কৰিছে। বাংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে এই পদক্ষেপৰ মূল সমন্বয়কাৰী প্ৰতিষ্ঠান হিচাপে কাম কৰিব।এই পদক্ষেপৰ লক্ষ্য হৈছে সমাজভিত্তিক উদ্ভাৱনৰ এক সংস্কৃতি গঢ়ি তোলা। ইয়াৰ জৰিয়তে যুৱসকলক সমস্যা চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি বাস্তৱিক সমাধান প্ৰস্তুত কৰাৰ দিশে আগবঢ়াই নিয়া আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত অৰিহণা যোগাবলৈ সক্ষম কৰা হ’ব।অধিক তথ্যৰ বাবে অনুষ্ঠানটোৰ চৰকাৰী ৱেবছাইটত যোগাযোগ কৰিব পাৰিব— https://sevafirst.mic.gov.in/

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/sep/image001_20260924161756_c77720.jpg

********

RRTN/AM/DM


(ৰিলিজ আই ডি : 2315458) অতিথি কক্ষ : 5