ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিলে মহাৰাজা সয়াজিৰাও ইউনিভাৰ্চিটি অব বৰোদাৰ ৭৫সংখ্যক বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত

শিক্ষা তেতিয়াহে অৰ্থপূৰ্ণ হ’ব, যেতিয়া ই দেশ আৰু সমাজৰ উপকাৰত আহিব : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 23 SEP 2026 4:39PM by PIB Guwahati

আজি (২৩ ছেপ্টেম্বৰ, ২০২৬) গুজৰাটৰ মহাৰাজা সয়াজিৰাও ইউনিভাৰ্চিটি অব বৰোদাৰ ৭৫ সংখ্যক বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰে।অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত ৭৫ বছৰে বিশ্ববিদ্যালয়খনে জ্ঞানৰ বিভিন্ন ধাৰাক একত্ৰিত কৰি আগবাঢ়ি গৈছে।

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/sep/PR123092026_20260923164058_4ad2fe.JPG

ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে আজিৰ পৃথিৱীত কোনো এটা সমস্যাৰ সমাধান কেৱল এটা বিষয়ৰ মাজতে সীমাবদ্ধ হৈ নাথাকে। জটিল প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ বিভিন্ন বিষয়ৰ সমন্বিত দৃষ্টিভংগীৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। আমাক এগৰাকী বিজ্ঞানীৰ অনুসন্ধিৎসা, এগৰাকী শিল্পীৰ সংবেদনশীলতা, এগৰাকী ইতিহাসবিদৰ দৃষ্টিভংগী, এগৰাকী অৰ্থনীতিবিদৰ অন্তৰ্দৃষ্টি আৰু এগৰাকী সমাজবিজ্ঞানীৰ সামাজিক সচেতনতা—এই সকলোবোৰৰেই প্ৰয়োজন। তেওঁ কয় যে মহাৰাজা সয়াজিৰাও ইউনিভাৰ্চিটি অব বৰোদাৰ দৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে এই দিশত সদায় সজাগ আৰু গতিশীল হৈ থকাৰ আশা কৰা হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/sep/PR223092026_20260923164114_efd5ae.JPG

ৰাষ্ট্ৰপতিগৰাকীয়ে স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক তেওঁলোকে লাভ কৰা শিক্ষা আৰু জ্ঞানৰ উদ্দেশ্য সম্পৰ্কে গভীৰভাৱে চিন্তা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি নিজৰ কৰ্মজীৱনৰ ক্ষেত্ৰত আগবাঢ়ি গ’লে তেওঁলোকো প্ৰগতিৰ দিশে আগুৱাই যাব পাৰিব আৰু সেই প্ৰগতিৰ জৰিয়তে তেওঁলোকে অপৰিসীম সন্তুষ্টি লাভ কৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/sep/PR323092026_20260923164127_927492.JPG

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষা তেতিয়াহে অৰ্থপূৰ্ণ হ’ব, যেতিয়া ই দেশ আৰু সমাজৰ উপকাৰত আহিব।তেওঁ শিক্ষাৰ্থীসকলক পৰামৰ্শ দিয়ে যে অভিযন্তা হিচাপে তেওঁলোকে মানুহৰ জীৱন অধিক সুচল আৰু উন্নত কৰা প্ৰযুক্তি বিকশিত কৰিব লাগে।চিকিৎসক হিচাপে চিকিৎসা সেৱাক কেৱল এক পেছা হিচাপে নলৈ সেৱাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰিব লাগে।বিজ্ঞানী হিচাপে মানৱজাতিৰ কল্যাণৰ স্বাৰ্থত বিভিন্ন সমস্যাৰ সমাধান বিচাৰি উলিয়াব লাগে।শিল্পী অথবা লেখক হিচাপে তেওঁলোকে সমাজৰ সংবেদনশীলতা আৰু মানৱীয় অনুভূতিক সমৃদ্ধ কৰিব লাগে।উদ্যোগী হিচাপে কেৱল সম্পদ সৃষ্টি কৰাই নহয়, কৰ্মসংস্থান আৰু নতুন সুযোগো সৃষ্টি কৰিব লাগে।শিক্ষক হিচাপে ঐতিহ্য আৰু প্ৰগতি—দুয়োটাকে আঁকোৱালি লোৱা নতুন প্ৰজন্ম গঢ়ি তোলাত গুৰুত্ব দিব লাগে আৰু ৰাজহুৱা জীৱনত তেওঁলোকে নিজৰ পদমৰ্যাদাক কৰ্তৃত্বৰ উৎস হিচাপে নহয়, বৰং এক দায়িত্ব হিচাপে গণ্য কৰিব লাগে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/sep/PR423092026_20260923164147_82ccd0.JPG

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰে আমি আগবাঢ়ি গৈ আছোঁ।এয়া এনে এখন দেশ, য’ত উন্নত মানৰ শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধা সকলোৰে বাবে উপলব্ধ হ’ব।য’ত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ মানৱ কল্যাণৰ বাবে কৰা হ’ব।য’ত সুযোগৰ ক্ষেত্ৰত সমতা থাকিব।য’ত মহিলা আৰু যুৱসমাজৰ সম্পূৰ্ণ সম্ভাৱনাক কামত লগোৱা হ’ব আৰু এনে এখন ভাৰত, য’ত প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ সুযোগ থাকিব।তেওঁ কয় যে এই লক্ষ্যসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় আৰু যুৱসমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/sep/PR523092026_20260923164215_81c1d6.JPG

Please click here to see the President's speech-

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2315456) অতিথি কক্ষ : 6