প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত পুৰুষৰ স্কীটৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অনন্তজিৎ সিং নাৰুকা, ভৱতেঘ সিং গিল আৰু মাইৰাজ আহমেদ খানক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
23 SEP 2026 10:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনন্তজিৎ সিং নাৰুকা, ভৱতেঘ সিং গিল আৰু মাইৰাজ আহমেদ খানক পুৰুষৰ স্কীটৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জনাই এছিয়ান গেমছত ইয়াক এক গৌৰৱোজ্জ্বল সাফল্য বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ নিষ্ঠা আৰু দলীয় কৰ্ম দৃষ্টান্তমূলক। তেওঁ লগতে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘এছিয়ান গেমছত এক গৌৰৱোজ্জ্বল সাফল্য!
পুৰুষৰ স্কীটৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অনন্তজিৎ সিং নাৰুকা, ভৱতেঘ সিং গিল আৰু মাইৰাজ আহমেদ খানক অভিনন্দন জনাইছো। তেওঁলোকৰ নিষ্ঠা আৰু দলীয় কৰ্ম দৃষ্টান্তমূলক । তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’
***
MJPS/SS/PRK/MK
(ৰিলিজ আই ডি : 2314477)
অতিথি কক্ষ : 6