ৰাষ্ট্ৰপতি সচিবালয়
৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ; শ্ৰী অনন্ত নাগক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত
ভাৰতীয় চিনেমা হৈছে ভাৰতীয় জনসাধাৰণৰ সপোন, পৰম্পৰা, সংগ্ৰাম আৰু ভৱিষ্যতৰ সম্ভাৱনাবোৰৰ প্ৰতিফলন: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
পোষ্ট কৰা হৈছে:
22 SEP 2026 9:12PM by PIB Guwahati
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২২ ছেপ্টেম্বৰ, ২০২৬) গুজৰাটৰ কেৱাদিয়াৰ একতা নগৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰে। তদুপৰি, তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে জ্যেষ্ঠ অভিনেতা শ্ৰী অনন্ত নাগক ২০২৪ বর্ষৰ 'দাদা চাহেব ফাল্কে বঁটা'ৰে সন্মানিত কৰে।

অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে সকলো বঁটাপ্ৰাপকক অভিনন্দন জনায়, যিসকলে নিজৰ ব্যতিক্ৰমী প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। শ্ৰী অনন্ত নাগক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে চলচ্চিত্ৰত তেওঁৰ অভিনয়ে নাট্যমঞ্চ আৰু চিনেমাৰ উৎকৃষ্ট উপাদানসমূহৰ এক সুন্দৰ মিশ্ৰণক প্ৰতিনিধিত্ব কৰে। তেওঁ নিজৰ স্বাভাৱিক, সংযত আৰু জীৱন্ত অভিনয়ৰ বাবে জনাজাত। তেওঁ শিল্পীসকলৰ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক আদৰ্শ উদাহৰণ দাঙি ধৰিছে।

ৰাষ্ট্ৰপতিয়ে কয় যে সকলো ভাষা আৰু অঞ্চলৰ চলচ্চিত্ৰত ভাৰতৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়। ভাৰতীয় চিনেমা হৈছে ভাৰতীয় জনসাধাৰণৰ সপোন, পৰম্পৰা, সংগ্ৰাম আৰু ভৱিষ্যতৰ সম্ভাৱনাবোৰৰ প্ৰতিফলন। অসামান্য চলচ্চিত্ৰসমূহক সন্মান জনোৱাৰ এই অনুষ্ঠান 'ষ্টেচু অৱ ইউনিটি'ৰ চৌহদত 'ৱাল অৱ ইউনিটি'ৰ ওচৰত অনুষ্ঠিত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এই বিশেষ ক্ষণে ভাৰতৰ একতাৰ স্থপতি চৰ্দাৰ বল্লভভাই পেটেলৰ উপস্থিতি সজীৱ কৰি তুলিছে, যেন তেওঁ নিজেই দেশৰ সাংস্কৃতিক একতাৰ এই উৎসৱক আশীৰ্বাদ দিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে সকলো বঁটা বিজয়ী চলচ্চিত্ৰসমূহৰ প্ৰশংসা কৰে। তেওঁ কয় যে 'আৰ্টিকল ৩৭০' চলচ্চিত্ৰখনে দেশৰ একতাৰ সন্মুখত থকা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আৰু ইয়াৰ সমাধানৰ এক সজীৱ চিত্ৰ দাঙি ধৰিছে। নন ফিচাৰ ফিল্ম 'ভানগড়' (Bhangaar)এ জীৱন আৰু মৃত্যু, অৰ্থ আৰু অৰ্থহীনতাৰ সৈতে জৰিত অদৃশ্য মাত্ৰাবোৰ প্ৰকাশ কৰিছে। 'স্বাতন্ত্ৰ্য বীৰ সাৱৰকাৰ' হৈছে বীৰ সাৱাৰকাৰ জীৰ অসাধাৰণ জীৱন গাথাৰ প্ৰতি এক শৈল্পিক শ্ৰদ্ধাঞ্জলি। 'ভক্ষক' চলচ্চিত্ৰখনে নাৰী সুৰক্ষাৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত সমাজত সজাগতা সৃষ্টি কৰিছে। চাওঁতাল ভাষাৰ ছবি 'আংগেন' লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিয়ে এখন উৎকৃষ্ট ছবিক উৎসাহিত কৰাৰ লগতে সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামাজিক অন্তৰ্ভুক্তিকো প্ৰসাৰিত কৰিছে।

ৰাষ্ট্ৰপতিয়ে সমাজ আৰু দেশৰ গুৰুত্বপূৰ্ণ বিষয়সমূহক প্ৰতিফলিত কৰা চলচ্চিত্ৰসমূহ নিৰ্বাচন কৰাৰ বাবে জুৰীৰ সদস্যসকলক প্ৰশংসা কৰে। তেওঁ কয় যে প্ৰতিটো আঞ্চলিক জুৰীতে মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিব লাগে। তেওঁ উল্লেখ কৰে যে যিকোনো ক্ষেত্ৰতে মহিলাৰ দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰিহে এক সামগ্ৰিক মানৱীয় দৃষ্টিভংগী গঢ়ি তুলিব পৰা যায়।
ৰাষ্ট্ৰপতিয়ে কয় যে দলটোৰ প্ৰতিজন সদস্যৰ প্ৰতি শ্ৰদ্ধা আৰু সংবেদনশীলতাৰ ভাৱ বজাই ৰখা পৰিৱেশ চলচ্চিত্ৰ উদ্যোগৰ কাৰ্যসংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগে। সৃষ্টিশীল অৰ্থনীতিৰ মূল প্ৰতিনিধিসকলক শ্ৰমিক, ক্ষুদ্ৰ শিল্পী, সহকাৰী আৰু সংগ্ৰাম কৰা নামনি পৰ্যায়ৰ শিল্পীসকলে যাতে যোগ্য সন্মান আৰু সামাজিক সুৰক্ষা পায় সেয়া নিশ্চিত কৰিবলৈ তেওঁ আহ্বান জনায়।
ৰাষ্ট্ৰপতিয়ে কয় যে জনপ্ৰিয় চলচ্চিত্ৰ শিল্পীসকলৰ দেশৰ জনসাধাৰণক, বিশেষকৈ যুৱ প্ৰজন্মক প্ৰভাৱিত কৰাৰ অপাৰ ক্ষমতা আছে। যেতিয়া সফল চলচ্চিত্ৰ শিল্পীসকলে অনুশাসিত জীৱনশৈলীৰ উপকাৰিতাৰ বিষয়ে কয়, তেতিয়া লাখ লাখ শিশু আৰু যুৱকে তেওঁলোকক অনুকৰণ কৰে। স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সামগ্ৰীৰ বিজ্ঞাপন নকৰিবলৈ তেওঁ তাৰকাসকলক অনুৰোধ জনায়। তেওঁ কয় যে প্ৰকৃত তাৰকা তেওঁৱেই যিয়ে আন্ধাৰ নহয়, পোহৰ সিঁচি দিয়ে।
ৰাষ্ট্ৰপতিৰ ভাষণৰ সম্পূৰ্ণ পাঠ চাবলৈ ইয়াত ক্লিক কৰক-
****
MJPS/SS/PRK/DB
(ৰিলিজ আই ডি : 2313704)
অতিথি কক্ষ : 6