গৃহ মন্ত্ৰালয়
ইউএপিএৰ অধীনত শ্বাহজাদ ভাট্টি নেটৱৰ্কক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ; কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ ঘোষণা
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে
এই গোটটো সীমান্তৰ সিপাৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত। ইয়াৰ উপৰি যুৱক-যুৱতী আৰু সৰু-সুৰা অপৰাধত জড়িত লোকসকলক সন্ত্ৰাসবাদৰ পথলৈ প্ৰৰোচিত কৰাৰ কামতো জড়িত
ভাৰতৰ গণতান্ত্ৰিক গাঁথনি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশক লক্ষ্য কৰি ছিণ্ডিকেটটোৱে ঘৃণামূলক ডিজিটেল সমলো প্ৰকাশ কৰিছিল
পোষ্ট কৰা হৈছে:
16 SEP 2026 7:44PM by PIB Guwahati
আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৃষ্টিভংগী অনুসৰণ কৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)-ৰ অধীনত শ্বাহজাদ ভাট্টি নেটৱৰ্কক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে।‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৃষ্টিভংগী অনুসৰণ কৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে শ্বাহজাদ ভাট্টি নেটৱৰ্কক ইউএপিএৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে।এই গোটটো সীমান্তৰ সিপাৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত। ইয়াৰ উপৰি যুৱক-যুৱতী আৰু সৰু-সুৰা অপৰাধত জড়িত লোকসকলক সন্ত্ৰাসবাদৰ পথলৈ প্ৰৰোচিত কৰাৰ কামতো এই গোটটো জড়িত।ভাৰতৰ গণতান্ত্ৰিক গাঁথনি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশক লক্ষ্য কৰি ছিণ্ডিকেটটোৱে ঘৃণামূলক ডিজিটেল সমলো প্ৰকাশ কৰিছিল।”
****
RK/RKB/PR/PS/SC/DM
(ৰিলিজ আই ডি : 2311192)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Gujarati
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Odia
,
Telugu
,
Kannada
,
Malayalam