প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

পোষ্ট কৰা হৈছে: 11 SEP 2026 9:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ৰাষ্ট্ৰসংঘৰ মহাসচিব শ্ৰী এণ্টনিঅ’ গুটৰেছৰ সৈতে এখনি বৈঠকত মিলিত হয়।

 

ৰাষ্ট্ৰসংঘৰ মহাসচিব গুটৰেছে চতুৰ্থবাৰৰ বাবে ব্ৰিকছৰ সভাপতিৰ পদ অলংকৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনায়। দুয়োগৰাকী নেতাই বহুমুখী বিশ্বব্যৱস্থাৰ গুৰুত্ব আৰু সমসাময়িক প্ৰেক্ষাপটক প্ৰতিফলিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি অন্যান্য বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

তদুপৰি, তেওঁলোকে চলিত সংঘাত, জাহাজ চলাচলৰ স্বাধীনতা, বহনক্ষম উন্নয়ন, মানৱকেন্দ্ৰিক কৃত্রিম বুদ্ধিমত্তা, নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত অগ্ৰগতি আৰু গোলকীয় খাদ্য সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ মহাসচিব গুটৰেছক তেওঁৰ কাৰ্যকালৰ বাকী সময়ছোৱাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

.

*************

MJPS/SS/ST/DB


(ৰিলিজ আই ডি : 2309360) অতিথি কক্ষ : 12