কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৫৪০ কিলোমিটাৰ বৃদ্ধি কৰি তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাৰ ১৭খন জিলাক সামৰি লোৱা পাঁচটা মাল্টিট্ৰেকিং প্ৰকল্পত কেবিনেটৰ অনুমোদন

প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় হৈছে ১০,০২১ কোটি টকা আৰু ২০২৯-৩০ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে

পোষ্ট কৰা হৈছে: 09 SEP 2026 3:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰেল মন্ত্ৰালয়ৰ মুঠ ১০,০২১ কোটি টকা (আনুমানিক) ব্যয়ৰ পাঁচটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃ

ক. আৰাক্কোনম-ৰেনিগুন্টা তৃতীয় আৰু চতুৰ্থ ৰেলপথ - ৭৭ কিলোমিটাৰ

খ. হোৱাইটফিল্ড-বাংৰাপেট তৃতীয় আৰু চতুৰ্থ ৰেলপথ - ৪৭ কিলোমিটাৰ

. হোছুৰ-ওমালুৰ দ্বৈতকৰণ – ১৪৭ কিলোমিটাৰ

ঘ. ছালেম-কাৰুৰ-ডিণ্ডিগুল দ্বৈতকৰণ – ১৫৯ কিলোমিটাৰ

ঙ. চেকেন্দ্ৰাবাদ (ঘাটকেছাৰ)-কাজিপেট – ১১০ কিলোমিটাৰৰ মাল্টিট্ৰেকিং

ৰে’লপথৰ বৰ্ধিত সংখ্যাই গতিশীলতা যথেষ্ট বৃদ্ধি কৰিব, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ বাবে কাৰ্য্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নত হ’ব। এই মাল্টি-ট্ৰেকিং প্ৰকল্পবোৰে কাম-কাজ সুবিন্যস্ত কৰাৰ লগতে যানজঁট হ্ৰাস কৰিব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ যিয়ে অঞ্চলটোৰ জনসাধাৰণক ব্যাপক উন্নয়নৰ জৰিয়তে "আত্মনিৰ্ভৰ" কৰি তুলিব আৰু তেওঁলোকৰ নিয়োগ/স্বনিয়োজনৰ সুযোগ বৃদ্ধি কৰিব।

সমন্বিত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে মাল্টি-মডেল সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিএম-গতি শক্তি নেচনেল মাষ্টাৰ প্লেনত এই প্ৰকল্পসমূহৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহে মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে নিৰবচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাৰ ১৭খন জিলাক সামৰি লোৱা পাঁচটা প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৫৪০ কিলোমিটাৰ বৃদ্ধি কৰিব। অনুমোদিত মাল্টি-ট্ৰেকিং প্ৰকল্পসমূহে প্ৰায় ৫২ লাখ জনসংখ্যাৰ প্ৰায় ২,১২১খন গাঁৱৰ সৈতে সংযোগ বৃদ্ধি কৰিব।

অনুমোদিত ক্ষমতা বৃদ্ধিয়ে সমগ্ৰ দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীৰ সৈতে ৰে’ল সংযোগ উন্নত কৰিব, যাৰ ভিতৰত আছে তিৰুপতি, সুব্ৰমণিয় স্বামী মন্দিৰ (তিৰুট্টানী), শ্ৰী পদ্মাৱতী আম্মাৱাৰী মন্দিৰ (তিৰুচানুৰ), কোটিলিংগেশ্বৰ দেৱালয়, শ্ৰী সীথী বাইৰাভেশ্বৰ স্বামী মন্দিৰ, বাংগাৰু তিৰুপতি, কোলাৰ গোল্ড ফিল্ডছ, হোগেনাক্কাল জলপ্ৰপাত, হোছুৰ দুৰ্গ, মেট্টুৰ বান্ধ, কোডাইকানাল পাহাৰ, সত্যমঙ্গলম বন্যপ্ৰাণী অভয়াৰণ্য, নামক্কল অঞ্জনেয়াৰ মন্দিৰ, নামক্কল দুৰ্গ, কল্যাণ পশুপথেশ্বৰ মন্দিৰ, যাদাগিৰিগুট্টা মন্দিৰ, ভংগীৰ দুৰ্গ, সুৰেন্দ্ৰপুৰী, স্বৰ্ণগিৰি মন্দিৰ ইত্যাদি।

এই প্ৰকল্পসমূহ হৈছে কয়লা, চিমেণ্ট, লোহা আৰু ইস্পাত, কণ্টেইনাৰ, অটোমোবাইল, খাদ্যশস্য, পেট্ৰ’লিয়ামজাত সামগ্ৰী, সাৰ আদিৰ দৰে সামগ্ৰীৰ পৰিবহণৰ বাবে অত্যাৱশ্যকীয় পথ। ক্ষমতা বৃদ্ধিৰ ফলত ৪৭ এম টি পি এ (মিলিয়ন টন প্ৰতি বছৰত) পৰিমাণৰ অতিৰিক্ত মালবাহী যান-বাহন চলাচল হ’ব। পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণৰ মাধ্যম হোৱাৰ বাবে ৰে'লৱেই জলবায়ুৰ লক্ষ্যত উপনীত হোৱাত আৰু দেশৰ লজিষ্টিক ব্যয় হ্ৰাস কৰাত সহায় কৰিব, তেল আমদানি হ্ৰাস কৰিব (~ ৮ কোটি লিটাৰ) আৰু কার্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰিব (~ ৪২ কোটি কিলোগ্ৰাম) যি হৈছে ~ ২ কোটি গছ ৰোপণৰ সমতুল্য।

 

****

MJPS/HS


(ৰিলিজ আই ডি : 2308306) অতিথি কক্ষ : 18