মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

এনচিপিচিআৰে এক বিশেষ অভিযানৰ অধীনত ৩৮০০-ৰো অধিক শিশু শ্ৰমিক উদ্ধাৰ কৰে

পোষ্ট কৰা হৈছে: 04 SEP 2026 11:04AM by PIB Guwahati

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনস্থ বিধিগত সংস্থা ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (NCPCR) ২০২৬-ৰ ১২ জুনত বিশেষ “সমগ্ৰ-ভাৰত উদ্ধাৰ আৰু পুনৰ্বাসন” অভিযানৰ শুভাৰম্ভ কৰিছিল আৰু ২০২৬-ৰ ৩১ আগষ্টলৈকে এই অভিযান অব্যাহত থাকে। এনচিপিচিআৰে সংশ্লিষ্ট ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন, জিলা দণ্ডাধীশ, শ্ৰম বিভাগ, আৰক্ষী কৰ্তৃপক্ষ আৰু আন-আন অংশীদাৰসকলৰ সৈতে সমন্বিত ব্যৱস্থা গ্ৰহণ কৰি শিশু শ্ৰমত নিয়োজিত আৰু সৰবৰাহ তথা শোষণৰ সন্মুখীন হোৱা শিশুসকলৰ চিনাক্তকৰণ, উদ্ধাৰ আৰু পুনৰ্বাসন ব্যৱস্থাক তীব্ৰতৰ কৰি তোলে।

এনচিপিচিআৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি শিশু শ্ৰম আৰু সৰবৰাহৰ হটস্পট সমূহত ব্যাপক আৰু লক্ষ্য নিৰ্ধাৰিত উদ্ধাৰ অভিযান চলাবলৈ অনুৰোধ জনাইছিল। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক উদ্ধাৰ অভিযান, উদ্ধাৰ কৰা শিশু, এফআইআৰ পঞ্জীয়ন, পুনৰ্বাসন, পুনৰুদ্ধাৰ, শৈক্ষিক মূলসুঁতিলৈ অনা, ক্ষতিপূৰণ আৰু আন অনুসৰণমূলক ব্যৱস্থা আদিৰ তথ্য নিয়মীয়া প্ৰদান কৰিবলৈয়ো অনুৰোধ জনোৱা হৈছিল।

কাৰ্য্যকৰীকৰণৰ নিৰীক্ষণ আৰু ক্ষেত্ৰ পৰ্য্যায়ৰ সমস্যাসমূহৰ সমাধানৰ বাবে এনচিপিচিআৰে জিলা প্ৰশাসনসমূহৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকসমূহত উদ্ধাৰ অভিযানৰ পৰ্য্যালোচনা, কাৰ্য্যকৰী বাধাসমূহ দূৰ কৰা, এটিআৰ-সমূহ সময়মতে দাখিল কৰাটো নিশ্চিত কৰা আৰু সংশ্লিষ্ট বিভাগ তথা সংস্থাসমূহৰ মাজত সমন্বয় সুদৃঢ় কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

এনচিপিচিআৰে ছ’চিয়েল মিডিয়া আৰু আন যোগাযোগ মঞ্চৰ জৰিয়তে সজাগতা আৰু প্ৰচাৰ কাৰ্য্য চলাই এই অভিযান সম্পৰ্কীয় তথ্য প্ৰচাৰ, শিশু শ্ৰমিকৰ প্ৰতিবেদন আৰু উদ্ধাৰৰ পিছত পুনৰ্বাসন তথা শৈক্ষিক মূলসুঁতিলৈ অনাৰ গুৰুত্বৰ কাম হাতত লৈছিল।

এই অভিযানৰ স্থায়ী আৰু সক্ৰিয় নিৰীক্ষণৰ জৰিয়তে এনচিপিচিআৰে ৰাজ্যিক কৰ্তৃপক্ষ সমূহৰ সহযোগত ৩,৮০০-ৰো অধিক শিশুক সফলতাৰে উদ্ধাৰ কৰে। তদুপৰি, অভিযানৰ সময়ছোৱাত ৫৭৫-ৰো অধিক এফআইআৰ পঞ্জীয়ন কৰা হৈছে।

*****

SS/PC/SB


(ৰিলিজ আই ডি : 2307011) অতিথি কক্ষ : 2