পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬-ৰ ১ ছেপ্টেম্বৰত নতুন দিল্লীত ৪ৰ্থ ভাৰত-জাৰ্মান পৰিবেশ ফৰামৰ আয়োজন

এই ফৰামে পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় আৰু বহু-অংশীদাৰ বিনিময় প্ৰশস্ত কৰিব

পোষ্ট কৰা হৈছে: 31 AUG 2026 2:05PM by PIB Guwahati

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ লগতে জাৰ্মানীৰ পৰিবেশ, জলবায়ু সুৰক্ষা, প্ৰকৃতি সংৰক্ষণ আৰু পাৰমাণৱিক সুৰক্ষা দপ্তৰৰ মন্ত্ৰী কাৰ্ষ্টেন শ্বনাইডাৰে ০১-০৯-২০২৬ ত নতুন দিল্লীত অনুষ্ঠিতব্য ৪ৰ্থ ভাৰত-জাৰ্মান পৰিবেশ ফৰামৰ অধ্যক্ষতা কৰিব। এই ফৰামৰ বিষয়বস্তু হৈছে ‘অধিক স্থিতিস্থাপকতাৰ বাবে একেলগে’।

ভাৰত-জাৰ্মান পৰিবেশ ফৰাম হৈছে ভাৰত আৰু জাৰ্মানীৰ মাজত পৰিবেশ নীতি আধাৰিত সৰ্বোচ্চ-পৰ্য্যায়ৰ দ্বিপাক্ষিক মঞ্চ আৰু ২০০৮-ৰ পৰা এয়া অনুষ্ঠিত হৈ আহিছে। এছিয়া-পেচিফিক কমিটি অৱ জাৰ্মান বিজনেছ (APA) আৰু ভাৰতীয় উদ্যোগ সংস্থাসমূহৰ সহযোগত ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEFCC) তথা জাৰ্মানীৰ পৰিবেশ, জলবায়ু সুৰক্ষা, প্ৰকৃতি সংৰক্ষণ আৰু পাৰমাণৱিক সুৰক্ষা (BMUKN) ফেডাৰেল মন্ত্ৰালয়ে যুটীয়াভাৱে ইয়াৰ আয়োজন কৰে।

ইয়াত শ্ৰী যাদৱ আৰু শ্বনাইডাৰে দ্বিপাক্ষিক সহযোগিতাক অধিক সুদৃঢ় কৰি তুলিবলৈ পৰিবেশ সুৰক্ষা আৰু জলবায়ু নীতিৰ সৈতে জড়িত মূল বিষয়সমূহৰ সন্দৰ্ভত আলোচনা, অভিজ্ঞতাৰ আদান-প্ৰদান কৰিব আৰু ব্যৱহাৰিক সহযোগিতাক আগুৱাই নিব। বিষয়ভিত্তিক অধিৱেশনৰ জৰিয়তে ফৰামে নিম্ন-কাৰ্বন উদ্যোগৰ ক্ষেত্ৰত প্ৰত্যাহ্বান, সমাধান আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব আৰোপ; জলাশয়, পৰ্বত আৰু বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য; ব্যৱসায়িক আৰ্হি হিচাপে সম্পদ দক্ষতা আৰু চক্ৰীয় অৰ্থনীতি তথা বহনক্ষম বিত্ত, সেউজ দক্ষতা আৰু বিনিয়োগ সংগঠনত গুৰুত্ব আৰোপ কৰা হ’ব।

এই ফৰামে দুয়োখন দেশৰ মাজত পৰিবেশ আৰু জলবায়ু সহযোগিতাৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰক, ব্যক্তিগত-খণ্ডৰ প্ৰতিনিধি, থিংক টেংক আৰু আন-আন গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ মাজত দ্বিপাক্ষিক আদান-প্ৰদানৰ বাবে এখনি মঞ্চ প্ৰশস্ত কৰিব। ফৰামত মন্ত্ৰালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, বিশেষজ্ঞ গোট আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিব।

ফৰামৰ পূৰ্বে চলিত বৰ্ষতে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্য আৰু চক্ৰীয় অৰ্থনীতিৰ তিনি যুটীয়া কৰ্মগোট বৈঠকত মিলিত হৈছিল। সংশ্লিষ্ট কৰ্মগোটসমূহে অগ্ৰগতি আৰু পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰসমূহৰ সম্পৰ্কে আলোচনা কৰিছিল।

ভাৰত আৰু জাৰ্মানীৰ মাজত শক্তিশালী আৰু ক্ৰমবৰ্ধমান অৰ্থনৈতিক আৰু ঔদ্যোগিক সংযোগ তথা বহনক্ষম প্ৰযুক্তি আৰু সেউজ অৰ্থনীতিৰ ক্ষেত্ৰত গভীৰ সহযোগিতাৰ সম্ভাৱনাৰ প্ৰেক্ষাপটত এই ফৰামে তাৎপৰ্য্য বহন কৰিছে।

*****

VM/GS/SB


(ৰিলিজ আই ডি : 2305796) অতিথি কক্ষ : 6