গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
চেনি ব্যৱসায়ীসকলৰ বাবে চেনিৰ মজুত ৰখাৰ সীমা ১৫ ছেপ্টেম্বৰৰ পৰা ২০০০ কুইণ্টললৈ হ্রাস কৰিলে চৰকাৰে
নতুন মজুত সীমাৰ উদ্দেশ্য: অসাধুভাৱে চেনি মজুতকৰণ আৰু দাম হ্ৰাস-বৃদ্ধিৰে অনিশ্চিত ব্যৱসায় ৰোধ কৰা, পৰ্যাপ্ত উপলব্ধতা আৰু মূল্যৰ সুস্থিৰতা নিশ্চিত কৰি গ্ৰাহকৰ স্বাৰ্থ ৰক্ষা কৰা
পোষ্ট কৰা হৈছে:
01 SEP 2026 1:57PM by PIB Guwahati
দেশৰ ঘৰুৱা বজাৰত চেনিৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ আৰু চেনি অসাধুভাৱে মজুতকৰণ তথা দাম হ্ৰাস-বৃদ্ধিৰে অনিশ্চিত ব্যৱসায় প্ৰতিহত কৰিবলৈ ভাৰত চৰকাৰে চেনি ব্যৱসায়ীসকলৰ বাবে মজুত ৰখাৰ সীমা ৪,০০০ কুইণ্টলৰ পৰা ২,০০০ কুইণ্টললৈ হ্রাস কৰিছে। এই নিৰ্দেশনা ২০২৬ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ৩০ নৱেম্বৰলৈ কাৰ্যকৰী হ’ব। বৰ্তমান ২০২৬ চনৰ ১ আগষ্টৰ পৰা সমগ্ৰ দেশৰ চেনি ব্যৱসায়ীসকলৰ বাবে ৪,০০০ কুইণ্টলৰ মজুত সীমা বাহাল আছে। চৰকাৰে এতিয়া এই সীমা ২,০০০ কুইণ্টললৈ হ্ৰাস কৰি অধিক পদক্ষেপ গ্ৰহণ কৰিছে।
সংশোধিত নিয়ম অনুসৰি, ২০২৬ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা এজন চেনি ব্যৱসায়ীয়ে:
- চেনি লাভ কৰা তাৰিখৰ পৰা ৩০ দিনতকৈ অধিক সময়ৰ বাবে কোনো মজুত ৰাখিব নোৱাৰিব।
- সমগ্ৰ দেশৰ কোনো ঠাইতে বা কোনো সময়তে ২,০০০ কুইণ্টলতকৈ অধিক চেনি মজুত ৰাখিব নোৱাৰিব।
- অৱশ্যে, অঞ্চলটোৰ বিশেষ বজাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কলকাতা আৰু ইয়াৰ সম্প্ৰসাৰিত মহানগৰ অঞ্চলৰ বাবে মজুত ৰখাৰ সীমা ৪,০০০ কুইণ্টলতে বাহাল থাকিব।
- কলকাতা অঞ্চলে উত্তৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা চেনি সংগ্ৰহ কৰি উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশৰ পূব অংশলৈ যোগান ধৰে। সেয়েহে, কলকাতা আৰু ইয়াৰ সম্প্ৰসাৰিত মহানগৰ অঞ্চলৰ বাবে বৰ্তমানৰ ৪,০০০ কুইণ্টলৰ সীমা বৰ্তাই ৰখা হৈছে।
এই পদক্ষেপৰ উদ্দেশ্য হ’ল অসাধুভাৱে মজুত কৰি থোৱা কাৰ্য অধিক হ্ৰাস কৰা, দাম হ্ৰাস-বৃদ্ধি ওপৰত কৰা অনিশ্চিত ব্যৱসায় নিৰুত্সাহিত কৰা আৰু চেনিৰ অত্যধিক মজুত ৰোধ কৰা। ই যোগান শৃংখলাৰ জৰিয়তে চেনিৰ নিয়মীয়া সৰবৰাহ সুগম কৰিব আৰু গ্ৰাহকসকলক যুক্তিসংগত মূল্যত অবিৰতভাৱে চেনি উপলব্ধ হোৱাটো নিশ্চিত কৰিব।
সঘন নিৰীক্ষণ আৰু ভৌতিক পৰীক্ষণ
চৰকাৰে চেনি কল, ব্যৱসায়ী আৰু পাইকাৰী বিক্ৰেতাসকলক সামৰি সমগ্ৰ দেশতে চেনিৰ মজুতৰ সঘন নিৰীক্ষণ আৰু ভৌতিক পৰীক্ষণ আৰম্ভ কৰিছে। এই কাৰ্যসূচীয়ে অতিৰিক্ত মজুত ৰখা, তথ্য প্ৰকাশ নকৰা আৰু চেনিৰ সৰবৰাহ তথা বিক্ৰীত সংঘটিত অনিয়মসমূহ চিনাক্ত কৰাত সহায় কৰিছে।
এইসমূহ পদক্ষেপ আৰু উন্নত বজাৰৰ উপলব্ধতাৰ ফলস্বৰূপে, অলপতে চেনিৰ এক্স-মিল মূল্য প্ৰায় ২০% হ্রাস পাইছে। খুচুৰা মূল্যতো নিম্নগামী প্ৰৱণতা দেখা গৈছে আৰু এক্স-মিল মূল্যৰ হ্ৰাসৰ সতে সামঞ্জস্য ৰাখি খুচুৰা মূল্যও আৰু হ্ৰাস পাব বুলি আশা কৰা হৈছে।
নিয়মীয়া মজুত ঘোষণা আৰু ধাৰাবাহিক নিৰীক্ষণ
চৰকাৰে চেনি বজাৰৰ গতিবিধি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ অনলাইন প’ৰ্টেলৰ জৰিয়তে চেনিৰ মজুত নিয়মীয়াকৈ ঘোষণা আৰু উন্নীতকৰণ কৰাৰ ব্যৱস্থা কৰিছে। চেনি কল, ব্যৱসায়ী আৰু পাইকাৰী বিক্ৰেতাসকলক সামৰি সমগ্ৰ দেশতে চেনিৰ মজুতৰ ভৌতিক পৰীক্ষণ অহা সপ্তাহসমূহত অব্যাহত থাকিব। চৰকাৰে গ্ৰাহকসকলক আশ্বাস দিছে যে প্ৰকৃত বাণিজ্য আৰু বিতৰণ কাৰ্যসূচী কোনো বাধা নোহোৱাকৈ চলাই নিয়াৰ সমান্তৰালভাৱে ঘৰুৱা বজাৰত চেনিৰ পৰ্যাপ্ত উপলব্ধতা, শৃংখলাবদ্ধ যোগান আৰু মূল্যৰ সুস্থিৰতা বজাই ৰাখিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।
***
RT/ RP/DB
(ৰিলিজ আই ডি : 2305522)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
Bengali
,
Bengali-TR
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada