ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৮ এনআইএফটি চৌহদৰ সংযুক্ত সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে
ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শিপা আৰু আমাৰ সংস্কৃতিৰ মূল প্ৰমূল্যবোধৰ সৈতে দৃঢ়ভাৱে সংযুক্ত হৈ থকাৰ সময়তে এক বিশ্বব্যাপী দৃষ্টিভংগী অক্ষুণ্ণ ৰাখিব লাগেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু
পোষ্ট কৰা হৈছে:
31 AUG 2026 4:10PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে আজি (৩১ আগষ্ট, ২০২৬) নতুন দিল্লীত অনুষ্ঠিত ১৮ ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান (NIFT) চৌহদৰ সংযুক্ত সমাৱৰ্তন অনুষ্ঠানৰ শোভা বৰ্ধন কৰে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বস্ত্ৰ আৰু পোছাক খণ্ড কেৱল আমাৰ সাংস্কৃতিক ঐতিহ্যৰ এটা অংশই নহয়, বৰঞ্চ এয়া লক্ষ-লক্ষ লোকৰ জীৱিকাৰ মেৰুদণ্ডও হৈ আহিছে। পৰম্পৰাগত কাৰিকৰসকলে সমৰ্থন আৰু পথ-প্ৰদৰ্শন লাভ কৰিলে তেওঁলোকে পৰৱৰ্তী প্ৰজন্মক গৌৰৱ আৰু আত্মবিশ্বাসেৰে এই বৃত্তিত নিয়োজিত হৈ থাকিবলৈ উৎসাহিত কৰিব। বস্ত্ৰ আৰু পোছাক খণ্ডৰ আধুনিক কৌশলৰ সৈতে নিজ-নিজ অঞ্চলৰ শিপিনী আৰু কাৰিকৰসকলক চিনাকি কৰাই দিয়াৰ লগতে বজাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে ভিন্ন এনআইএফটি কেন্দ্ৰই ‘ক্ৰাফ্ট ক্লাষ্টাৰ ইনিচিয়েটিভ’ৰ দৰে কাৰ্য্যসূচী ৰূপায়ণ কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজি আমাৰ দেশে পূৰ্বতকৈ গভীৰ আত্মবিশ্বাসেৰে বিশ্ব মঞ্চত নিজৰ ভূমিকা সম্প্ৰসাৰিত কৰিছে। ফেশ্বন প্ৰযুক্তিও ভাৰতৰ বিশ্বব্যাপী স্থান সমৃদ্ধকৰণৰ অসীম সম্ভাৱনা সম্পন্ন এখনি ক্ষেত্ৰ। তেওঁ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলক এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ এই প্ৰচেষ্টাত ছাত্ৰ-ছাত্ৰীসকল নিজৰ শিপা আৰু আমাৰ সংস্কৃতিৰ মূল প্ৰমূল্যবোধৰ সৈতে দৃঢ়ভাৱে সংযুক্ত হৈ থাকিব লাগে বুলিও কয়। এনে কৰিলে তেওঁলোকে কেৱল সফল পেছাদাৰী হোৱাই নহয়, বৰঞ্চ ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সমৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগাবলৈ সক্ষম হ’ব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে বিশ্বমানৰ সামগ্ৰী আৰু ব্ৰেণ্ড সৃষ্টি কৰিব লাগে, কিন্তু এই সমূহ পৰিবেশ অনুকূল হোৱাটোও নিশ্চিত কৰিব লাগে। তেওঁলোকৰ সামগ্ৰীৰ বাবে স্থানীয়ভাৱে উপলব্ধ কেঁচামালৰ ব্যৱহাৰ কাৰ্য্য পৰিবেশ সংৰক্ষণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হ’ব বুলিও তেওঁ কয়। অৱশিষ্ট সমূহ আৱৰ্জনা হিচাপে পেলাই দিব নালাগে; বৰঞ্চ এইসমূহক এটা নতুন ৰূপ, নতুন উপযোগিতা আৰু নতুন মূল্য প্ৰদান কৰিব পাৰি। তেওঁ সন্তোষ প্ৰকাশেৰে কয় যে এনআইএফটি-ৰ নীতি-নিৰ্ধাৰকসকলে প্ৰতিষ্ঠানখনিৰ কৌশলগত পৰিকল্পনাৰ ভিতৰত বহনক্ষমতা আৰু সামাজিক দায়বদ্ধতাক যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। বস্ত্ৰ আৰু পোছাক খণ্ডৰ বহনক্ষম ভৱিষ্যতৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এনআইএফটি-এ চক্ৰীয় অৰ্থনীতিৰ পদ্ধতিসমূহক ব্যাপক আৰু উপযোগী কৰি তোলাৰ ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে।

২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনআইএফটি-ৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী সকলৰ পৰা ৰাষ্ট্ৰখনৰ বহু প্ৰত্যাশা আছে। তেওঁ ৰাষ্ট্ৰখনৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকে অংশগ্ৰহণ কৰাৰ ন্যায্য সুযোগ সম্পন্ন এখন সমাজ গঢ়ি তোলাত অৰিহণা যোগাবলৈ আহ্বান জনায়। কাৰিকৰসকলক তেওঁলোকৰ উৎপাদনশীলতা আৰু আয় বৃদ্ধি কৰাত সহায় কৰাৰ লগতে তেওঁলোকৰ শিল্পৰ প্ৰামাণিক পৰিচয় ৰক্ষা কৰাৰ প্ৰচেষ্টাতে তেওঁলোকৰ সফলতা নিহিত হৈ আছে বুলি তেওঁ কয়।

Please click here to see the President’s Speech
***
MJPS/SS/PRK/SB
(ৰিলিজ আই ডি : 2305427)
অতিথি কক্ষ : 4