যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডভিয়াই মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ নেতৃত্ব প্ৰদান কৰে
ড° মনসুখ মাণ্ডভিয়াই ‘এক ঘণ্টা খেল কে ময়দান মেঁ’ পদক্ষেপত অংশগ্ৰহণ কৰে; ক্ৰীড়া আৰু ফিটনেছৰ ক্ষেত্ৰত অধিক অংশগ্ৰহণৰ বাবে আহ্বান জনায়
পোষ্ট কৰা হৈছে:
29 AUG 2026 1:57PM by PIB Guwahati
ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ যাৰ অৱদান অনুপ্ৰেৰণাৰ এক চিৰস্থায়ী উৎস হৈ ৰৈছে, সেই কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ ১২১ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে দেশে আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰে।
নতুন দিল্লীত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডভিয়া আৰু কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালৰ উপস্থিতিত ইণ্ডিয়া গেটৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত এক বিশেষ ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰা হয়।

এইবাৰ উদযাপনৰ মূল কেন্দ্ৰবিন্দু আছিল দেশজুৰি গ্ৰহণ কৰা ‘এক ঘণ্টা খেল কে ময়দান মেঁ’ পদক্ষেপ, যিয়ে নাগৰিকসকলক, বিশেষকৈ যুৱপ্ৰজন্মক, ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপৰ বাবে কমেও এক ঘণ্টা সময় উচৰ্গা কৰিবলৈ উৎসাহিত কৰিছিল।
মন্ত্ৰীসকলে মেজৰ ধ্যানচান্দৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পুৱা ৮ বজাৰ পৰাই শ শ অংশগ্ৰহণকাৰীয়ে বিভিন্ন ক্ৰীড়া আৰু ফিটনেছ কাৰ্যকলাপত অংশগ্ৰহণ কৰি এই উদযাপনত যোগদান কৰে।
এই উপলক্ষে ভাষণ প্ৰদান কৰি ড° মনসুখ মাণ্ডভিয়াই কয় যে দেশজুৰি গ্ৰহণ কৰা ‘এক ঘণ্টা খেল কে ময়দান মেঁ’ পদক্ষেপৰ উদ্দেশ্য হৈছে ফিট ইণ্ডিয়া আন্দোলনক শক্তিশালী কৰা আৰু মানুহক ক্ৰীড়াক তেওঁলোকৰ দৈনন্দিন জীৱনৰ এক অংশ কৰি তুলিবলৈ উৎসাহিত কৰা।
তেওঁ কয়, "ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপিত মেজৰ ধ্যানচান্দৰ ১২১ সংখ্যক জন্মবাৰ্ষিকীত ফিট ইণ্ডিয়া আন্দোলনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে দেশজুৰি ‘এক ঘণ্টা খেল কে ময়দান মেঁ’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।"
ড° মাণ্ডভিয়াই কয়, “দেশৰ লাখ লাখ যুৱকে প্ৰতিটো পথত, প্ৰতিখন খেলপথাৰত, এঘণ্টাৰ বাবে খেলিবলৈ ওলাই আহি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। মই এই কথা ক'বলৈ পাই আনন্দিত যে মোদীজীৰ নেতৃত্বত দেশ সলনি হৈছে, দেশ আগবাঢ়িছে আৰু এখন নৱ ভাৰত গঢ় লৈ উঠিছে।"
তেওঁ লগতে কয়, "মোদীজীৰ এখন নতুন ভাৰত গঢ়াৰ দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত, আমি সকলোৱে সুস্থ হোৱাৰ লগতে সমাজখনো স্বাস্থ্যৱান হোৱাৰ সপোন দেখিব লাগিব। ইয়েই আমাক এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠাত সহায় কৰিব। আহক, আমি সকলোৱে প্ৰতি সপ্তাহত এঘণ্টা সময় খেলপথাৰত কটাওঁ আৰু আমাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিওঁ।"
শ্ৰী অৰ্জুন ৰাম মেঘৱালে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে আৰু শাৰীৰিক তথা মানসিক সুস্থতা বজাই ৰখাৰ ক্ষেত্ৰত নিয়মীয়া ক্ৰীড়া আৰু শাৰীৰিক ক্ৰিয়াকলাপৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে।
তেওঁ কয়, "কাবাদী আৰু ফুটবলৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিদিনে বেডমিণ্টন খেলালৈকে, ক্ৰীড়া সদায় মোৰ জীৱনৰ এক অংশ হৈ আহিছে। মোৰ ব্যক্তিগত মূলমন্ত্ৰ হৈছে 'পুৱা সংগীত আৰু সন্ধিয়া ক্ৰীড়া'। ক্ৰীড়াত নিয়মীয়া অংশগ্ৰহণে আমাক শাৰীৰিকভাৱে সক্ষম, স্বাস্থ্যৱান আৰু মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ক্ৰীড়াৰ বাবে এক ঘণ্টা সময় উচৰ্গা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে জনোৱা আহ্বান ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই 'হাম ফিট তো ইণ্ডিয়া ফিট' (Hum Fit Toh India Fit) পদক্ষেপক সমৰ্থন কৰে আৰু এখন উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।"
_20260829140405_e3fa9c.jpg)
_20260829140420_676ead.jpg)
অংশগ্ৰহণ, দলীয় প্ৰচেষ্টা আৰু এক সক্ৰিয় জীৱনশৈলীক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা কাৰ্যকলাপসমূহৰ ভিতৰত ক্ৰিকেট, ফুটবল আৰু ৰছী টনা খেল অন্যতম আছিল।
_20260829140844_25191d.jpg)
এখন ক্ৰিকেট প্ৰতিযোগিতাত চাৰিটা দলে অংশগ্ৰহণ কৰে — মিনিষ্ট্ৰি একাদশ, ছাই (SAI) একাদশ, মিডিয়া একাদশ আৰু ইনফ্লুৱেন্সাৰ্ছ একাদশ।
ড° মনসুখ মাণ্ডভিয়াৰ নেতৃত্বত ক্ৰীড়া বিভাগৰ সচিব শ্ৰী হৰি ৰঞ্জন ৰাও আৰু মন্ত্ৰালয়ৰ বিষয়াসকলক লৈ গঠিত মিনিষ্ট্ৰি একাদশে উদ্বোধনী ক্ৰিকেট মেচখনত মিডিয়া একাদশৰ বিৰুদ্ধে এক স্পষ্ট বিজয় সাব্যস্ত কৰে। ইনফ্লুৱেন্সাৰ্ছ একাদশ দলটোত বিশিষ্ট ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু ফিট ইণ্ডিয়াৰ ৰাষ্ট্ৰদূতসকল অন্তৰ্ভুক্ত আছিল।
_20260829140906_ca9175.jpg)
মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ উদযাপনে মেজৰ ধ্যানচান্দৰ চিৰস্থায়ী অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সমগ্ৰ দেশতে ক্ৰীড়া, ফিটনেছ আৰু সক্ৰিয় জীৱনযাপনৰ সংস্কৃতিক আগবঢ়াই নিয়াৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে।
_20260829141000_582fe9.jpg)
*****
Ayushman Kumar
(ৰিলিজ আই ডি : 2305425)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam