গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
গ্ৰাহক পৰিক্ৰমা বিভাগে বৈধ মাপবিজ্ঞান (ভাৰতীয় মান সময়) নিয়ম, ২০২৬ অধিসূচিত কৰিছে
সমগ্ৰ দেশজুৰি ভাৰতীয় মান সময়ক উমৈহতীয়া সময়ৰ মানদণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এই নিয়মসমূহ প্ৰণয়ন কৰা হৈছে
১৮০ দিনৰ পাছত এই নিয়মসমূহ কাৰ্যকৰী হ'ব
পোষ্ট কৰা হৈছে:
30 AUG 2026 11:27AM by PIB Guwahati
গ্ৰাহক পৰিক্ৰমা বিভাগে ২৭ আগষ্ট ২০২৬ তাৰিখে বৈধ মাপবিজ্ঞান (ভাৰতীয় মান সময়) নিয়ম, ২০২৬ অধিসূচিত কৰিছে। চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ দিনাৰে পৰা ১৮০ দিনৰ পাছত এই নিয়মসমূহ কাৰ্যকৰী হ'ব।
এই নিয়মসমূহে আইনী, প্ৰশাসনিক, বাণিজ্যিক আৰু অন্যান্য চৰকাৰী উদ্দেশ্যৰ বাবে সমগ্ৰ দেশজুৰি ভাৰতীয় মান সময়ক (IST) উমৈহতীয়া সময়ৰ মানদণ্ড হিচাপে প্ৰদান কৰে। এই ১৮০ দিনৰ সময়সীমাই চৰকাৰী বিভাগ, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আৰু অন্যান্য সংস্থাসমূহক নিয়মসমূহ কাৰ্যকৰী হোৱাৰ আগতে তেওঁলোকৰ ব্যৱস্থাসমূহত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ সুবিধা প্ৰদান কৰিব।
ডিজিটেল আৰু প্ৰযুক্তি-ভিত্তিক ব্যৱস্থাৰ ক্ৰমৱৰ্ধমান ব্যৱহাৰৰ লগে লগে এক উমৈহতীয়া সময়ৰ মানদণ্ডৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। বেংকিং আৰু ডিজিটেল পেমেণ্ট, দূৰসংযোগ, ৰেলৱে, শক্তি ব্যৱস্থা, কম্পিউটাৰ নেটৱৰ্ক আৰু চৰকাৰী অভিলেখসমূহ সঠিক সময় আৰু টাইম ষ্টাম্পৰ (time stamps) ওপৰত নিৰ্ভৰশীল। সময়ৰ উৎসসমূহৰ মাজৰ পাৰ্থক্যই এনে কাৰ্যকলাপসমূহৰ সমন্বয় আৰু লিপিৱদ্ধকৰণত প্ৰভাৱ পেলাব পাৰে। সমগ্ৰ দেশৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহে যাতে সঠিক আৰু ধাৰাবাহিক ভাৰতীয় মান সময় ব্যৱহাৰ কৰে, সেয়া নিশ্চিত কৰাই হৈছে এই নিয়মসমূহৰ লক্ষ্য।
উমৈহতীয়া সময়ৰ মানদণ্ডই তলত উল্লেখ কৰা বিষয়বোৰত সহায় কৰিব:
• বেংকিং আৰু ডিজিটেল পেমেণ্ট লেনদেনৰ সঠিক টাইম-ষ্টাম্পিং (time-stamping);
• ৰেলৱে, বিমানবন্দৰ আৰু অন্যান্য পৰিবহণ ব্যৱস্থাৰ সমন্বয় ৰক্ষা;
• দূৰসংযোগ আৰু ইণ্টাৰনেট নেটৱৰ্কৰ নিৰ্ভৰযোগ্য পৰিচালনা;
• শক্তি ব্যৱস্থাত সঠিক সময়-ৰক্ষণ (time-keeping);
• চৰকাৰী আৰু আইনী অভিলেখসমূহৰ ৰক্ষণাবেক্ষণ; আৰু
• জৰুৰীকালীন আৰু অন্যান্য সময়-সংবেদনশীল সেৱাসমূহৰ সমন্বয় ৰক্ষা।
ভাৰতীয় সময়ৰ উৎসসমূহৰ ব্যৱহাৰ
ভাৰতীয় প্ৰতিষ্ঠান আৰু বৈধ মাপবিজ্ঞান গৱেষণাগাৰসমূহৰ জৰিয়তে সমগ্ৰ দেশতে সঠিক ভাৰতীয় মান সময় প্ৰসাৰণৰ বাবে চৰকাৰে আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত সময় প্ৰসাৰণৰ বাবে এই নিয়মসমূহে ভাৰতৰ উপগ্ৰহীয় নেভিগেচন ব্যৱস্থা নাভিক (NavIC) আৰু অন্যান্য অনুমোদিত ভাৰতীয় সময়ৰ উৎসসমূহ ব্যৱহাৰৰ ব্যৱস্থাও প্ৰদান কৰিছে।
বৰ্তমান কেইবাটাও ব্যৱস্থাই বিদেশী উপগ্ৰহ-ভিত্তিক সময়ৰ উৎস ব্যৱহাৰ কৰে। ভাৰতীয় সময় প্ৰসাৰণ আন্তঃগাঁথনিৰ বিকাশে গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহৰ বাবে অতিৰিক্ত বিকল্প প্ৰদান কৰিব আৰু বাহ্যিক সময়ৰ উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব।
হোৱাইট ৰেবিট (White Rabbit) প্ৰযুক্তিৰ প্ৰদৰ্শন
‘এক ৰাষ্ট্ৰ, এক সময়’ (One Nation, One Time) পদক্ষেপৰ অংশ স্বৰূপে, ২০২৬ চনৰ জুলাই মাহত বেংগালুৰুৰ আঞ্চলিক প্ৰসংগ মান গৱেষণাগাৰ (RRSL)-ত এটা হোৱাইট ৰেবিট প্ৰযুক্তি-ভিত্তিক ভাৰতীয় মান সময় প্ৰসাৰণ প্ৰদৰ্শন নেটৱৰ্ক মুকলি কৰা হয়।
এই ব্যৱস্থাই বেংকিং, দূৰসংযোগ, শক্তি, পৰিবহণ আৰু ডিজিটেল প্ৰশাসন আদি খণ্ডৰ বাবে ভাৰতীয় মান সময় প্ৰসাৰণৰ প্ৰদৰ্শন কৰিছে। চি এছ আই আৰ-এন পি এল (CSIR-NPL), ইছৰো (ISRO), ছেবি (SEBI), এন এছ ই (NSE), বি এছ এন এল (BSNL) আৰু অন্যান্য অংশীদাৰসকলৰ সহযোগত বিভাগে আৰ আৰ এছ এল বেংগালুৰু আৰু এন এছ ই চেন্নাইৰ মাজত আই এছ টি-ৰ (IST) সুৰক্ষিত প্ৰসাৰণো প্ৰদৰ্শন কৰিছে।
নিয়মসমূহ কাৰ্যকৰী হোৱাৰ পূৰ্বৰ এই ১৮০ দিনৰ সময়সীমাই অংশীদাৰসকলক তেওঁলোকৰ বৰ্তমানৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিবলৈ, প্ৰয়োজনীয় কাৰিকৰী পৰিৱৰ্তন কৰিবলৈ আৰু ৰূপায়ণৰ বাবে প্ৰস্তুতি চলাবলৈ সময় প্ৰদান কৰিব। বৈধ মাপবিজ্ঞান (ভাৰতীয় মান সময়) নিয়ম, ২০২৬-এ সমগ্ৰ দেশজুৰি সময়-নিৰ্ভৰ ব্যৱস্থা আৰু চৰকাৰী উদ্দেশ্যৰ বাবে এক উমৈহতীয়া ভাৰতীয় মান সময়ৰ প্ৰসংগ প্ৰদান কৰিব।
***
RT/ SB / ARC/RD
(ৰিলিজ আই ডি : 2305414)
অতিথি কক্ষ : 9