ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে

বিশ্বৰ সৈতে ভাৰতৰ সংযোগ আমাৰ জনসাধাৰণৰ আকাংক্ষাৰ সৈতে সদায় সম্পৃক্ত হ'ব লাগে: ৰাষ্ট্ৰপতি মুৰ্মু

পোষ্ট কৰা হৈছে: 27 AUG 2026 4:22PM by PIB Guwahati

ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থী (২০২৫ বেটচ) আৰু বৰ্তমান সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচত ইনডাকচন ট্ৰেইনিং প্ৰগ্ৰেম অব্যাহত ৰখা ভূটানৰ  দুগৰাকী  কূটনীতিবিদে আজি (২৭ আগষ্ট, ২০২৬) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/aug/PR127082026_20260827162332_9adb7f.JPG

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক অভিনন্দন জনাই কয় যে তেওঁলোকে বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সৌভাগ্য তথা  দায়িত্ব লাভ কৰিব,দেশৰ স্বাৰ্থ আগবঢ়াই নিব আৰু সমগ্ৰ বিশ্বৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ অৰ্থনৈতিক উত্থানে বিশ্বৰ সৈতে আমাৰ সংযোগৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। তেওঁ কূটনীতিবিদসকলক বিনিয়োগ, প্ৰযুক্তি, উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু উদ্ভাৱনৰ দৰে ক্ষেত্ৰত উদীয়মান সুযোগসমূহৰ প্ৰতি সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে আৰু ভাৰতৰ জাতীয় স্বাৰ্থক আগুৱাই নিয়া অংশীদাৰিত্ব গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত কূটনীতিয়ে পোনপটীয়াকৈ  অৰিহণা যোগাব লাগিব বুলিও তেওঁ কয় ।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/aug/PR227082026_20260827162402_4cdbbd.JPG

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্বৰ সৈতে ভাৰতৰ সংযোগ সদায় আমাৰ জনসাধাৰণৰ আকাংক্ষাৰ সৈতে ঘনিষ্ঠভাৱে সম্পৃক্ত হ'ব লাগে। তেওঁ কয় যে  ৰাষ্ট্ৰহিত সৰ্বোপৰি। ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলৰ পেছাদাৰী জীৱনৰ এয়া এক চিৰস্থায়ী নীতি হৈ থাকিব লাগে। ২০৪৭ চনৰ ভিতৰত দেশখনে বিকশিত ভাৰত হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে কূটনীতিৰ ভূমিকা সম্প্ৰসাৰিত হোৱাৰ বিষয়ত তেওঁ আলোকপাত কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কূটনীতিবিদসকলে নিজকে কেৱল  চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী বৈঠকতে সীমাবদ্ধতা ৰাখিব নালাগে। বিশ্ববিদ্যালয়, ব্যৱসায়ী, গৱেষক, উদ্ভাৱক, সাংস্কৃতিক প্ৰতিষ্ঠান, নাগৰিক সমাজ আৰু স্থানীয় জনগোষ্ঠীৰ সৈতেও তেওঁলোকে সংযোগ স্থাপন কৰিব লাগিব ।  তেওঁ তেওঁলোকক ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সৈতে নিবিড়ভাবে  জড়িত হ’বলৈ, বিশেষকৈ প্ৰব্ৰজনকাৰী যুৱ সদস্যসকলক ভাৰতৰ সৈতে সংযুক্ত হৈ থাকিবলৈ উৎসাহিত কৰা আৰু তেওঁলোকৰ বাবে আমাৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাৰ সুযোগ চিনাক্ত কৰাৰ পৰামৰ্শ দিয়ে।

ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে যে কূটনীতিৰ স্বৰূপ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। তেওঁ দেশসমূহৰ যোগাযোগ, ব্যৱসায় পৰিচালনা  আৰু নাগৰিকে ৰাজহুৱা সেৱা লাভ কৰাৰ ধৰণ ৰূপান্তৰিত কৰাত প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।  বিদেশত ভাৰতৰ মিছনসমূহে এই পৰিৱৰ্তনৰ সৈতে খোজ মিলাব লাগিব বুলিও তেওঁ কয়  ।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/aug/PR327082026_20260827162418_007033.JPG

প্ৰযুক্তিক উন্নত শাসন আৰু গভীৰ নিয়োজিতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা উচিত, কিন্তু  কোনো কাৰণতে সহানুভূতিক ই বিতাড়িত কৰিব নালাগে। তেওঁ কূটনীতিবিদসকলক আহ্বান জনায় যে ভাৰতীয় মিছনসমূহ যাতে প্ৰয়োজনৰ সময়ত আমাৰ নাগৰিকসকলৰ বাবে সদায় সুলভ আৰু উপলব্ধ হৈ থাকে সেয়া নিশ্চিত কৰিব লাগে। শেহতীয়া বছৰবোৰত আমাৰ বৃহৎ পুনৰুদ্ধাৰ কাৰ্যসূচী  আৰু মানৱীয় অভিযানৰ জৰিয়তে প্ৰদৰ্শিত পৰম্পৰাক তেওঁলোকে অব্যাহত ৰাখিব লাগিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। তেওঁ কয় যে সাহায্য বিচৰা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰিব লাগে যে তেওঁলোকৰ মিছন সহজে  তেওঁলোকৰ  কাষ চাপিব পৰা বিধৰ, দয়ালু আৰু নিৰ্ভৰযোগ্য।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে কেৱল হাজাৰ হাজাৰ বছৰৰ সভ্যতামূলক যাত্ৰাক প্ৰতিনিধিত্ব কৰাই নহয়, তেওঁলোকে এখন যুৱ, গতিশীল আৰু আকাংক্ষিত ভাৰতকো প্ৰতিনিধিত্ব কৰে। শান্তি, বহুত্ববাদ, আলোচনা, সহাৱস্থান আৰু বৈচিত্ৰ্যৰ প্ৰতি সন্মান ভাৰতৰ বসুধৈৱ কুটুম্বকমৰ সভ্যতাবাদী নীতিৰ মাজত গভীৰভাৱে নিহিত হৈ আছে বুলিও তেওঁ কয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ক্ৰমান্বয়ে অনিশ্চিত তথা জটিল পৃথিৱীখনত কূটনীতিবিদসকল সক্ৰিয়, কৌতুহলী আৰু শিকিবলৈ অহৰহ ইচ্ছুক হ’ব লাগিব। সৰ্বোপৰি তেওঁলোকে নম্ৰতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। তেওঁ যুৱ বিষয়া প্ৰশিক্ষাৰ্থীসকলক বিদেশ ভ্ৰমণৰ সময়ত সদায় মনত ৰাখিবলৈ আহ্বান জনায় যে তেওঁলোকে কেৱল ভাৰত চৰকাৰকে নহয়, ১.৪ বিলিয়ন ভাৰতীয় আৰু তেওঁলোকৰ আশা তথা  আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছে। তেওঁ তেওঁলোকক সততা আৰু পেছাদাৰিত্বৰ উচ্চতম মান বজাই ৰাখিবলৈও পৰামৰ্শ দিয়ে।

Please click here to see the President's Speech

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2304552) অতিথি কক্ষ : 31