গৃহ মন্ত্ৰালয়
নেপালৰ বানপানীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে নেপালৰ দুৰ্য্যোগ সন্দৰ্ভত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে
নেপালৰ বানপানীয়ে কৰা ধ্বংসলীলা গভীৰ মৰ্মান্তিক, এই দুৰ্য্যোগত আপোনজনক হেৰুৱাবলগীয়া হোৱা পৰিয়াল সমূহৰ প্ৰতি মোৰ সমবেদনা জনালো
এই সংকটৰ সময়ত ভাৰত চৰকাৰ নেপালৰ কাষত আছে
প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা সীমান্তৱৰ্তী অঞ্চলসমূহত এনডিআৰএফ-ৰ লগতে স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দলকো সজাগ কৰি ৰখা হৈছে
পোষ্ট কৰা হৈছে:
26 AUG 2026 9:08PM by PIB Guwahati
নেপালৰ বানপানীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে নেপালৰ দুৰ্য্যোগ সন্দৰ্ভত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ‘এক্স’ৰ এটা প’ষ্টত কয় যে নেপালৰ বানপানীয়ে কৰা ধ্বংসলীলা গভীৰ মৰ্মান্তিক, এই দুৰ্য্যোগত আপোনজনক হেৰুৱাবলগীয়া হোৱা পৰিয়াল সমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। এই সংকটৰ সময়ত ভাৰত চৰকাৰ নেপালৰ কাষত আছে। মই নেপালৰ দুৰ্য্যোগ সন্দৰ্ভত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছো। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা সীমান্তৱৰ্তী অঞ্চলসমূহত ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ (NDRF) লগতে স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দলকো সজাগ কৰি ৰখা হৈছে।
কেন্দ্ৰীয় জল আয়োগৰ (CWC) পৰামৰ্শ আৰু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নেপাল–চীন সীমান্তৰ সমীপত সন্দেহজনক ফ্লেছ ফ্লাড/জিএলঅ’এফ কাৰ্য্যকলাপৰ বাবে ভাৰতীয় সীমান্তৰ পৰা প্ৰায় ১৬০ কিমি দূৰত্বত থকা নেপালৰ ফুৰ্কে খোলাত ত্ৰিশুলী নদীৰ জলস্তৰ হঠাতে বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে।
বিহাৰ আৰু উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰে ভাৰত–নেপাল সীমান্তৰ সমীপৰ স্থানীয় ভাৰতীয় সমাজসমূহক প্ৰয়োজনীয় স্থানান্তৰ আৰু আন-আন সহায়ৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিছে। দুয়োখন ৰাজ্যকে সজাগ হৈ থাকিবলৈ আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (MEA), জল শক্তি মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ লগতে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে পৰিস্থিতিৰ ওপৰত নিৰন্তৰভাৱে নজৰ ৰাখিছে। চিডব্লিউচি-ৰ মতে নেপালৰ ফালৰ জলাশয়সমূহৰ জলপৃষ্ঠ হ্ৰাস পাইছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে। কোনো আতংকৰ-দৰে পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই।
নেপালৰ ভূখণ্ডত ভাৰতীয় পৰ্যটক সকল নিৰুদ্দেশ হোৱাৰ খবৰ লাভৰ পৰিপ্ৰেক্ষিতত কাঠমাণ্ডুস্থিত এমইএ/ভাৰতীয় দূতাবাসে নেপালৰ বানপানীত প্ৰভাৱিত ভাৰতীয় নাগৰিক সকলক সাহায্য আগবঢ়াবলৈ আৰু তথ্যৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। সহায়ৰ প্ৰয়োজন হোৱা লোকসকলে হেল্পলাইন +977 985 131 6807 আৰু +977 970 910 7500-ত দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰিব।
***
RK / RR / PR / PS/SB
(ৰিলিজ আই ডি : 2304192)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
English
,
Khasi
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam