প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

বানত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 26 AUG 2026 6:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে কথা পাতে আৰু নেপালৰ বানৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ জনসাধাৰণে এই কঠিন সময়ত নেপালত থকা তেওঁলোকৰ ভাতৃ-ভগ্নীসকলৰ সৈতে একাত্মতাৰে থিয় দিছে।


তেওঁ লগতে পুনৰ নিশ্চিত কৰে যে  নেপালক সম্ভৱপৰ সকলো মানৱীয় সহায় আগবঢ়াবলৈ ভাৰত সাজু আৰু ভাৰতীয় দলসমূহে উদ্ধাৰ তথা সাহায্য প্ৰচেষ্টাৰ ক্ষেত্ৰত নেপালৰ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে কথা পাতি নেপালৰ বানৰ ফলত হোৱা প্ৰাণহানিৰ বাবে সমবেদনা জ্ঞাপন কৰো। ভাৰতৰ জনসাধাৰণ এই কঠিন সময়ত নেপালত থকা তেওঁলোকৰ ভাতৃ ভগ্নীসকলৰ সৈতে একাত্মতাৰে থিয় দি আছে। ভাৰতে নেপালক সকলো সম্ভৱ মানৱীয় সহায় আগবঢ়াবলৈ সাজু। আমাৰ দলসমূহে উদ্ধাৰ আৰু সাহায্য প্ৰচেষ্টাত ঘনিষ্ঠভাৱে সমন্বয় কৰি আছে।

@PM_nepal_

@ShahBalen

***

MJPS/SS/VJ/MK


(ৰিলিজ আই ডি : 2303567) অতিথি কক্ষ : 11