বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

‘অপাৰেচন ব্লেক হক’ৰ অধীনত চলোৱা অভিযানত চিবিএনৰ জালত পৰিল আন্তঃৰাজ্যিক হেৰ’ইন ছিণ্ডিকেট চক্ৰ ; জব্দ কৰিলে ১৮.৬ কিলোগ্ৰামতকৈ অধিক হেৰ’ইন

আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহ চক্ৰৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ

পোষ্ট কৰা হৈছে: 24 AUG 2026 10:03AM by PIB Guwahati

ড্ৰাগছ বিৰোধী অভিযানত এক  বৃহৎ সফলতা  লাভ কৰিলে  মধ্য প্ৰদেশ  আৰু  উত্তৰ প্ৰদেশৰ চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কটিকছ (চিবিএন)ৰ দলে। চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কটিকছ (চিবিএন)ৰ বিষয়াসকলে ‘অপাৰেচন ব্লেক হক’ৰ অধীনত  সফলতাৰে অভিযান চলাই উত্তৰ প্ৰদেশৰ  লক্ষ্ণৌৰ ওচৰত মুঠ ১৮.৬৪ কিলোগ্ৰাম  হেৰ’ইন জব্দ কৰে। অভিযানৰ সময়তে আন্তঃৰাজ্যিক ড্ৰাগছ  সৰবৰাহ চক্ৰৰ  তিনিজন  লোককো গ্ৰেপ্তাৰ কৰা হয় । উত্তৰ-পূবৰ   পৰা সৰবৰাহ  হোৱা নিষিদ্ধ সামগ্ৰীসমূহ উত্তৰ প্ৰদেশলৈ   প্ৰেৰণ  কৰা হৈছিল। উত্তৰ-পূব অঞ্চলৰ পৰা লক্ষ্ণৌলৈ ড্ৰাগছ সৰবৰাহৰ বিষয়ে  মধ্যপ্ৰদেশৰ  চিবিএনে  প্ৰথম নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছতে মধ্যপ্ৰদেশৰ চিবিএন আৰু চিবিএনৰ উত্তৰ প্ৰদেশৰ গোটে  ২০–২১ আগষ্ট, ২০২৬ৰ মাজ নিশা চুলতানপুৰ–লক্ষ্ণৌ ঘাইপথৰ কাষত তালাচী চকী স্থাপন কৰিছিল।https://static.pib.gov.in/WriteReadData/userfiles/image/image001DU8L.jpg

বিভিন্ন টোল প্লাজাৰ গতিবিধি ধাৰাবাহিকভাৱে ট্ৰেকিং কৰাৰ পিছত ২১ আগষ্টত লক্ষ্ণৌৰ সমীপত অসমত  পঞ্জীয়নভুক্ত হুণ্ডাই ক্ৰেটা গাড়ীখনক আটক কৰিব পৰা যায়।  বাহনখন খালী অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে গাড়ীখনত থকা লোকসকলে নিজকে নিৰ্দোষী বুলি দাবী কৰে। সোধা-পোছাৰ সময়ত গাড়ীখনত থকা লোকসকলে মাত্ৰ ৫০০ কিলোমিটাৰৰ ভিতৰত চাৰিবাৰকৈ ইন্ধন ভৰোৱাৰ কথা প্ৰকাশ কৰাৰ লগে লগে চিবিএনৰ  বিষয়াসকলৰ সন্দেহ বাঢ়ি যায়।

ইন্ধনৰ টেংকটোৰ  টেপিং পৰীক্ষাত বিসংগতি থকাৰ কথা   নিশ্চিত কৰা হয় । লক্ষ্ণৌৰ চিবিএন কাৰ্যালয়ত ইন্ধনৰ টেংকিটো ভাঙি পেলোৱাৰ বাবে কাৰিকৰী সহায়ৰ লোৱা হয়। ইয়াৰ পিছতে ১৬.৪৬ কিলোগ্ৰাম  হেৰ’ইন থকা ২৫টা ৱাটাৰপ্ৰুফ পেকেট ৰখা  বিশেষভাৱে নিৰ্মিত এটা বাকচ ওলাই পৰে। লগে লগে দুয়োজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002B9TZ.jpg

চিবিএনৰ উত্তৰ প্ৰদেশ গোটে  চোৰাংচোৱাই শিলিগুৰি–লক্ষ্ণৌ কৰিডৰৰ কাষেৰে নিষিদ্ধ সামগ্ৰী পৰিবহণ কৰা এখন গধুৰ ট্ৰাক গৈ থকাৰ তথ্য প্ৰদান কৰাৰ পিছতে অভিযান আৰম্ভ কৰে।  চিবিএনৰ দলে বাৰাবাংকিৰ সমীপত গাড়ীখন  ধৰাৰ পূৰ্বে একাধিক টোল প্লাজাৰ মাজেৰে গাড়ী খন পাৰ হোৱাৰ বিষয়ে ট্ৰেক কৰে। শেষত অনুসন্ধানত বাহনখনৰ বডিৰ ভিতৰত বিশেষভাৱে নিৰ্মিত গোপন কোঠাত  লুকুৱাই ৰখা  ২.১৬ কিলোগ্ৰাম হেৰ’ইন পোৱা যায়। লগে লগে গ্ৰেপ্তাৰ কৰা হয় আন  এজন সন্দেহযুক্ত লোকক।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003TDD6.jpg


https://static.pib.gov.in/WriteReadData/userfiles/image/image004SDPD.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image00504IQ.jpg

তিনিওজন সন্দেহযুক্ত লোকৰ বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) এক্ট, ১৯৮৫ৰ কঠোৰ বিধানৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ড্ৰাগছ সৰবৰাহ কৰা দুয়োখন বাহন আৰু  নিষিদ্ধ সামগ্ৰীখিনি  জব্দ কৰা হৈছে।উত্তৰ-পূবৰ ড্ৰাগছ  যোগানকাৰীসকলক বিচাৰি উলিওৱা আৰু ড্ৰাগছৰ বিতৰণ চেনেলসমূহ ভাঙি পেলোৱাৰ বাবে বৰ্তমান বিস্তৃত তদন্ত চলি আছে।

 

পলকতে জব্দ কৰাৰ তথ্য

• মুঠ জব্দ কৰা ড্ৰাগছ: ১৮.৬৪ কিলোগ্ৰাম  (এখন গাড়ীৰ পৰা ১৬.৪৮ কিলোগ্ৰাম আৰু এখন গধুৰ বাণিজ্যিক বাহনৰ পৰা ২.১৬ কিলোগ্ৰাম)

• জব্দ কৰা বাহনঃ এখন অসমত পঞ্জীয়নভুক্ত হুণ্ডাই ক্ৰেটা, এখন গধুৰ বাণিজ্যিক ট্ৰাক।

• মুঠ গ্ৰেপ্তাৰ: ৩ জন সন্দেহযুক্ত (এন ডি পি এছ আইন, ১৯৮৫ৰ অধীনত গ্ৰেপ্তাৰ)

• লুকুৱাই ৰখাৰ পদ্ধতি: বাহনৰ  ইন্ধন টেংকত নিৰ্মিত গোপন কোঠা আৰু ট্ৰাকৰ বডিত নিৰ্মিত গোপন  চেম্বাৰ।

****

SR/KMN/DM


(ৰিলিজ আই ডি : 2303401) অতিথি কক্ষ : 21