ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশ্বস্তৰীয় প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু ঘৰুৱা মূল্য সংযোজন অধিক সুদৃঢ় কৰিবলৈ চৰকাৰে ৬২,৫০০ কোটি টকাৰ ম'বাইল ফোন প্ৰস্তুতকৰণ আঁচনিৰ অধিসূচনা জাৰি কৰিছে

২০২৭ চনৰ মাজভাগৰ ভিতৰত ভাৰতে প্ৰথমটো শক্তিশালী স্বদেশী ম'বাইল ব্ৰেণ্ড লাভ কৰিবলৈ সাজু হৈছে: অশ্বিনী বৈষ্ণৱ

ম'বাইল ফোন প্ৰস্তুতকৰণ আঁচনিয়ে প্ৰায় ৬০,০০০ প্ৰত্যক্ষ সংস্থাপনৰ সৃষ্টি কৰিব আৰু প্ৰায় ৩৯ লাখ কোটি টকাৰ সামগ্ৰিক উৎপাদন ত্বৰান্বিত কৰিব

পোষ্ট কৰা হৈছে: 21 AUG 2026 7:14PM by PIB Guwahati

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৬২,৫০০ কোটি টকাৰ বাজেট আবণ্টনৰ সৈতে ম'বাইল ফোন প্ৰস্তুতকৰণ আঁচনিৰ অধিসূচনা জাৰি কৰিছে। এই আঁচনিৰ লক্ষ্য হৈছে পৰিসৰ অধিক বৃদ্ধি কৰি, উচ্চতৰ ঘৰুৱা মূল্য সংযোজনৰ জৰিয়তে ম'বাইল প্ৰস্তুতকৰণ যোগান শৃংখল সুদৃঢ় কৰি আৰু ঘৰুৱা প্ৰস্তুতকৰণ ক্ষমতাসমূহ শক্তিশালী কৰি বিশ্বস্তৰীয় প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰা। কৰ্মসংস্থাপন সৃষ্টি কৰাৰ সমান্তৰালকৈ, এম পি এম এছে ভাৰতীয় ম'বাইল ফোন ব্ৰেণ্ডসমূহক প্ৰযুক্তিগত সাৰ্বভৌমত্ব অৰ্জন কৰাত, অধিক অৰ্থনৈতিক মূল্য হস্তগত কৰাত আৰু ডিজাইন তথা গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় পেটেণ্টক উৎসাহিত কৰাত সহায় কৰিব।

কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ম'বাইল ফোন প্ৰস্তুতকৰণ আঁচনিয়ে ভাৰতীয় মালিকানাধীন ম'বাইল ব্ৰেণ্ড, বৌদ্ধিক সম্পত্তি আৰু ডিজাইনৰ বিকাশত এক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰিব। প্ৰকৃত ভাৰতীয় মালিকীস্বত্বৰ গুৰুত্বৰ ওপৰত জোৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ডিজাইন, বৌদ্ধিক সম্পত্তি আৰু ব্ৰেণ্ড ভাৰতীয় মালিকানাধীন হোৱাৰ লগতে সংশ্লিষ্ট বজাৰ খণ্ডৰ সৰ্বশ্ৰেষ্ঠ সামগ্ৰীসমূহৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ'ব লাগিব। তেওঁ লগতে কয় যে বৌদ্ধিক সম্পত্তি প্ৰকৃততে ভাৰতীয় মালিকানাধীন হয় নে নহয় তাক নিশ্চিত কৰিবলৈ চৰকাৰে এক সূক্ষ্ম মূল্যায়ন কৰিব, আনহাতে উদ্যোগটোৰ সৈতে আলোচনা মৰ্মে অ-বিত্তীয় আৰু অন্যান্য সাহায্য ব্যৱস্থাসমূহ প্ৰস্তুত কৰা হ'ব।

পটভূমি

প্ৰধানমন্ত্ৰীৰ 'মেক ইন ইণ্ডিয়া' দৃষ্টিভংগীৰ বাবেই ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ইলেক্ট্ৰনিক্স সামগ্ৰীৰ উৎপাদন সাতগুণ আৰু ৰপ্তানি এঘাৰগুণলৈ বৃদ্ধি পাইছে। ইলেক্ট্ৰনিক্স প্ৰস্তুতকৰণ খণ্ডটোৱে এক মুখ্য কৰ্মসংস্থাপন সৃষ্টিকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে, বিশেষকৈ দূৰ-দূৰণিৰ গাঁৱৰ যুৱক-যুৱতীসকলৰ বাবে, য'ত কেইবাটাও প্ৰস্তুতকৰণ কাৰখানাই একেটা স্থানতে ৫,০০০-ৰো অধিক লোকক সংস্থাপন দিছে আৰু কিছুমান কাৰখানাত সংস্থাপনৰ এই সংখ্যা ২০,০০০-লৈকে বৃদ্ধি পাইছে। এই বিকাশ প্ৰধানকৈ ম'বাইল ফোন প্ৰস্তুতকৰণৰ দ্বাৰা ত্বৰান্বিত হৈছে, য'ত বৰ্তমান ম'বাইল ফোনে ভাৰতৰ ইলেক্ট্ৰনিক্স উৎপাদন আৰু ৰপ্তানিৰ এক বৃহৎ অংশ অধিকাৰ কৰিছে আৰু গোলকীয় মূল্য শৃংখলত ভাৰতৰ স্থান শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

পৰিমাণৰ দিশৰ পৰা ভাৰত বৰ্তমান বিশ্বৰ দ্বিতীয় বৃহত্তম ম'বাইল ফোন প্ৰস্তুতকৰ্তা দেশ, য'ত আজি ভাৰতত ব্যৱহৃত ৯৯.২ শতাংশ ম'বাইল ফোনেই ভাৰতত নিৰ্মিত। ডিজেল আৰু কটা হীৰাৰ দৰে পৰম্পৰাগত প্ৰধান ৰপ্তানি সামগ্ৰীক অতিক্ৰম কৰি ২০২৫ চনত স্মাৰ্টফোন ভাৰতৰ একক সৰ্ববৃহৎ ৰপ্তানি সামগ্ৰীৰ শ্ৰেণী হিচাপে পৰিগণিত হৈছে।

আটাইতকৈ সফল পি এল আই আঁচনিসমূহৰ ভিতৰত অন্যতম 'বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিক্স প্ৰস্তুতকৰণৰ বাবে উৎপাদনভিত্তিক উদগনি আঁচনি'য়ে ভাৰতক ম'বাইল ফোন প্ৰস্তুতকৰণ আৰু ৰপ্তানিৰ এক গোলকীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত এক অনুঘটকৰ ভূমিকা পালন কৰিছিল; ইয়াৰ কাৰ্যকাল ২০২৬ চনৰ ৩১ মাৰ্চত অন্ত পৰে। এই বিকাশৰ গতি অব্যাহত ৰাখিবলৈ আৰু ম'বাইল ফোনৰ উৎপাদন অধিক বৃদ্ধি কৰিবলৈ চৰকাৰে এতিয়া ম'বাইল ফোন প্ৰস্তুতকৰণ আঁচনিৰ অধিসূচনা জাৰি কৰিছে।

MPMS ৰ অন্তৰ্নিহিত বৈশিষ্টবোৰ

এই আঁচনিৰ দুটা লক্ষ্য খণ্ড আছে:

  • লক্ষ্য খণ্ড ১ (TS1): ম'বাইল ফোন প্ৰস্তুতকৰণত উদগনি প্ৰদান কৰা
  • লক্ষ্য খণ্ড ২ (TS2): ভাৰতীয় ম'বাইল ফোন ব্ৰেণ্ডসমূহক সমৰ্থন কৰা

আঁচনিখনৰ কাৰ্যকাল ৫ বছৰ হ'ব, অৰ্থাৎ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈ। টি এছ ২-ৰ অধীনৰ আবেদনকাৰীসকলক ১ বছৰৰ প্ৰস্তুতিৰ সময় মঞ্জুৰ কৰা হ'ব পাৰে। টি এছ ১-ৰ ক্ষেত্ৰত, আঁচনিখনে ২.২৫ শতাংশৰ পৰা ৫ শতাংশলৈকে ভিন্ন হাৰৰ উদগনি প্ৰদান কৰে। টি এছ ২-ৰ ক্ষেত্ৰত, আঁচনিখনে ভাৰতীয় ব্ৰেণ্ডসমূহৰ বাবে ৫% হাৰত উদগনি আৰু ভাৰতীয় ডিজাইন তথা গৱেষণা আৰু উন্নয়নৰ বাবে অতিৰিক্ত ৩% উদগনি প্ৰদান কৰে। তদুপৰি, আঁচনিখনে ভাৰতীয় ব্ৰেণ্ডসমূহক অ-বিত্তীয় সাহায্যও প্ৰদান কৰে।

তদুপৰি, আঁচনিখনৰ অধীনৰ দুয়োটা লক্ষ্য খণ্ডৰ বাবে মূল উপাদান বা ছাব-এচেম্বলীসমূহ ঘৰুৱাভাৱে সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ১.৫ শতাংশলৈকে অতিৰিক্ত উদগনি প্ৰদান কৰা হ'ব। আঁচনিখনৰ অধীনৰ আবেদনকাৰীসকল ভাৰতত পঞ্জীয়নভুক্ত ইলেক্ট্ৰনিক্স প্ৰস্তুতকৰণ সেৱা প্ৰদানকাৰীকে ধৰি ম'বাইল ফোন প্ৰস্তুতকৰ্তা হ'ব লাগিব। আবেদনকাৰীক প্ৰদান কৰিবলগীয়া বিক্ৰী আৰু উদগনিৰ পৰিমাণ ব্ৰেণ্ডৰ ভিত্তিত গণনা কৰা হ'ব।

অৰ্হতা

টি এছ ১-ৰ অধীনত যোগ্যতা ভাৰতত পঞ্জীয়নভুক্ত আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত নূন্যতম ১০,০০০ কোটি টকাৰ টাৰ্ণঅভাৰ থকা ইলেক্ট্ৰনিক্স প্ৰস্তুতকৰণ সেৱা কোম্পানীসমূহকে ধৰি ম'বাইল ফোন প্ৰস্তুতকৰ্তাসকলৰ বাবে প্ৰযোজ্য। বৰ্তমানৰ ব্ৰেণ্ডসমূহে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বিক্ৰীৰ উপৰিও প্ৰতি বছৰে অতিৰিক্ত ৫,০০০ কোটি টকাৰ বাৰ্ষিক নূন্যতম সীমা পূৰণ কৰিব লাগিব। এটা নতুন ব্ৰেণ্ডে ভাৰতত মুঠ ১০,০০০ কোটি টকাৰ বাৰ্ষিক বিক্ৰী অৰ্জন কৰাৰ পিছতহে যোগ্য বিবেচিত হ'ব, আৰু তাৰ পিছত ক্ৰমাগতভাৱে প্ৰতি বছৰে ৫,০০০ কোটি টকাৰ নূন্যতম বিক্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।

টি এছ ২-ৰ অধীনত যোগ্যতা ভাৰতত পঞ্জীয়নভুক্ত আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত নূন্যতম ১,০০০ কোটি টকাৰ টাৰ্ণঅভাৰ থকা, লগতে এটা 'ভাৰতীয় ব্ৰেণ্ড'ৰ সকলো মাপকাঠি পূৰণ কৰা ই এম এছ কোম্পানীসমূহকে ধৰি ম'বাইল ফোন প্ৰস্তুতকৰ্তাসকলৰ বাবে প্ৰযোজ্য। এই মাপকাঠিসমূহ হৈছে: ভাৰতত পঞ্জীয়নভুক্ত/নিগমিত হোৱা; আই পি আৰু ট্ৰেডমাৰ্ক ভাৰতৰ অধীনত থকা; পৰিচালনাৰ নিয়ন্ত্ৰণ ভাৰতীয় নাগৰিকৰ হাতত থকা; ৫১% তকৈ অধিক শ্বেয়াৰ ভাৰতীয় নাগৰিকৰ হাতত থকা; আৰু ভাৰতত নিজস্ব গৱেষণা আৰু উন্নয়ন তথা ডিজাইনৰ ক্ষমতা থকা।

ঘৰুৱা সামগ্ৰী সংগ্ৰহৰ ওপৰত অতিৰিক্ত উদগনি

ভাৰতীয় ম'বাইল ফোন প্ৰস্তুতকৰণ পৰিৱেশতন্ত্ৰত ঘৰুৱা প্ৰস্তুতকৰণ অধিক ত্বৰান্বিত কৰিবলৈ আৰু আত্মনিৰ্ভৰতা নিশ্চিত কৰিবলৈ, এই আঁচনিখনে মূল উপাদান আৰু ছাব-এচেম্বলীসমূহ ঘৰুৱাভাৱে সংগ্ৰহ কৰাৰ বাবে ১.৫% লৈকে অতিৰিক্ত উদগনি প্ৰদান কৰে, যদিহে এটা বিত্তীয় বৰ্ষত উৎপাদিত মুঠ ম'বাইল ফোনৰ নূন্যতম ২৫% ত এনে উপাদানসমূহ স্থানীয়কৰণ কৰা হয়। এই অতিৰিক্ত উদগনি প্ৰকৃত আৰু গভীৰভাৱে শিপোৱা ঘৰুৱা প্ৰস্তুতকৰণক পুৰস্কৃত আৰু সুদৃঢ় কৰিবলৈ প্ৰস্তুত কৰা হৈছে।

প্ৰত্যাশিত ফলাফল

আঁচনিখনৰ কাৰ্যকালৰ ভিতৰত, দেশত ম'বাইল ফোনৰ সামগ্ৰিক উৎপাদন প্ৰায় ৩৯ লাখ কোটি টকা হ'ব বুলি আশা কৰা হৈছে, যাৰ সমান্তৰালভাৱে ম'বাইল ফোনৰ ৰপ্তানিও উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এম পি এম এছে প্ৰায় ৬০,০০০ প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব বুলিও আশা কৰা হৈছে, যিয়ে অৰ্থনৈতিক বিকাশ আৰু নিযুক্তি সৃষ্টিত অৱদান আগবঢ়োৱাৰ লগতে এক গোলকীয় ইলেক্ট্ৰনিক্স প্ৰস্তুতকৰণ কেন্দ্ৰ হিচাপে ভাৰতৰ স্থান অধিক শক্তিশালী কৰিব।

****

Vinod Kumar / Kanishk Sharma / Vanshita Jaiswal


(ৰিলিজ আই ডি : 2302671) অতিথি কক্ষ : 20