গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে দিব্যাংগ পুৰুষ ক্ৰিকেট দলক সাক্ষাৎ কৰে

দেশলৈ সন্মান কঢ়িয়াই অনাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা আৰু দৃঢ়তাই ভাৰতৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব

দলটোৱে ইণ্ডিয়া-ইংলেণ্ড মেনছ মিক্সড ডিচেবিলিটি টি-২০ আই ছিৰিজ ২০২৬ৰ বাবে ইংলেণ্ড ভ্ৰমণৰ পৰা উভতি আহিছে

ভৱিষ্যতৰ সকলো প্ৰয়াসৰ বাবে তেওঁলোকক শুভেচ্ছা জনালোঁ

प्रविष्टि तिथि: 23 AUG 2026 9:25PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ দিব্যাংগ পুৰুষ ক্ৰিকেট দলক সাক্ষাৎ কৰে। এক্সত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “আজি নতুন দিল্লীত ভাৰতৰ দিব্যাংগ পুৰুষ ক্ৰিকেট দলক লগ পাই আনন্দিত হৈছোঁ। দলটোৱে ইণ্ডিয়া-ইংলেণ্ড মেনছ মিক্সড ডিচেবিলিটী টি-২০ আই ছিৰিজ ২০২৬ৰ বাবে ইংলেণ্ড ভ্ৰমণৰ পৰা উভতি আহিছে। দেশলৈ সন্মান কঢ়িয়াই অনাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা আৰু দৃঢ়তাই ভাৰতৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব। তেওঁলোকৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঁ।”

 

***

 

RK/RR/PR/PS/KD


(रिलीज़ आईडी: 2302581) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Telugu , Kannada , Malayalam