গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে লাডাখত জম্মু-কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ অনুমোদন জনোৱা কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে লাডাখৰ দুৰ্গম অঞ্চলত বসবাস কৰা নাগৰিকসকলৰ ন্যায় লাভৰ সুবিধাৰ যথেষ্ট উন্নতি সাধন কৰিব
লাডাখৰ সৰ্বাংগীন উন্নয়ন তথা সাংবিধানিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ

प्रविष्टि तिथि: 20 AUG 2026 7:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত গ্ৰহণ কৰা কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক আদৰণি জনায়। যি সিদ্ধান্তৰ  ফলত জম্মু-কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ লাডাখৰ বাবেও থাকিব।  এক্সত দিয়া  এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, ‘ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে লাডাখত জম্মু-কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ স্থাপনৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।ইয়াৰ ফলত লাডাখৰ দুৰ্গম অঞ্চলত বসবাস কৰা নাগৰিকসকলে  ন্যায়ৰ সুবিধা পোৱাত সহায়ক  হ'ব আৰু তেওঁলোকে প্ৰাপ্য আইনী সেৱাৰ সুবিধা ল’বলৈ প্ৰয়োজন হোৱা সময়  ৰাহি কৰিব পাৰিব। চৰকাৰ লাডাখৰ সৰ্বাংগীন উন্নয়ন আৰু সাংবিধানিক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ।”

***

RK/PR/PS/SC/DM


(रिलीज़ आईडी: 2301856) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Malayalam