গৃহ মন্ত্ৰালয়
২০ আগষ্ট, ২০২৬ত তামিলনাডুৰ মহাৱলীপুৰমত দক্ষিণ আঞ্চলিক পৰিষদৰ ৩১সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমবায় যুক্তৰাষ্ট্ৰবাদৰ আধাৰত সমগ্ৰ দেশৰ বাবে ‘টীম ভাৰত’ ধাৰণা উপস্থাপন কৰিছে; আঞ্চলিক পৰিষদসমূহে এই দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে
শক্তিশালী ৰাজ্যইহে এক শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰে—এই মূল ভাৱনাৰে আঞ্চলিক পৰিষদসমূহে দুই বা ততোধিক ৰাজ্য অথবা কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ স্বাৰ্থজড়িত সমস্যাৰ পৰস্পৰ আলোচনা আৰু সমাধানৰ বাবে এক প্ৰণালীবদ্ধ মঞ্চ প্ৰদান কৰে
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আঞ্চলিক পৰিষদৰ বৈঠকসমূহ ধাৰাবাহিক সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপৰ জৰিয়তে সমস্যা সমাধানৰ এক ফলপ্ৰসূ মাধ্যম হৈ পৰিছে
प्रविष्टि तिथि:
19 AUG 2026 2:35PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ২০ আগষ্ট, ২০২৬ তাৰিখে তামিলনাডুৰ মহাৱলীপুৰমত দক্ষিণ আঞ্চলিক পৰিষদৰ ৩১সংখ্যক বৈঠক অনুষ্ঠিত হ’ব। দক্ষিণ আঞ্চলিক পৰিষদৰ অন্তৰ্ভুক্ত ৰাজ্যসমূহ হৈছে—অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানা; পৰিষদখনত পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ আদি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহো অন্তৰ্ভুক্ত হৈ আছে।
১৯৫৬ চনৰ ‘ৰাজ্য পুনৰগঠন আইন’ৰ ১৫ পৰা ২২ নং অনুচ্ছেদ অনুসৰি পাঁচখন আঞ্চলিক পৰিষদ গঠন কৰা হৈছিল, যাৰ ভিতৰত দক্ষিণ আঞ্চলিক পৰিষদো অন্যতম। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহ এই পৰিষদৰ সভাপতি আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী চি. জোচেফ বিজয় ইয়াৰ উপ-সভাপতি। সদস্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে পৰ্যায়ক্ৰমে উপ-সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অন্তৰ্গত ‘আন্তঃৰাজ্যিক পৰিষদ সচিবালয়’ৰ সৌজন্যত আৰু তামিলনাডু চৰকাৰৰ আয়োজনত এই ৩১সংখ্যক বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত দক্ষিণাঞ্চলৰ সদস্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী, উপ-ৰাজ্যপাল, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। তদুপৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য সচিব, উপদেষ্টা তথা জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব।
আঞ্চলিক পৰিষদে মুখ্য সচিবসকলৰ পৰ্যায়ত এখন স্থায়ী সমিতিও গঠন কৰিছে। ৰাজ্যসমূহে উত্থাপন কৰা সমস্যাসমূহ প্ৰথমে এই স্থায়ী সমিতিত খৰচি মাৰি আলোচনা কৰাৰ লগতে পৰৱৰ্তী সময়ত অৱশিষ্ট বিষয়সমূহ চূড়ান্ত সিদ্ধান্তৰ বাবে মূল পৰিষদৰ বৈঠকত উপাপন কৰা হয়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমবায় যুক্তৰাষ্ট্ৰবাদৰ আধাৰত যি ‘টীম ভাৰত’ৰ সপোন দেখিছিল, আঞ্চলিক পৰিষদসমূহে তাক বাস্তৱায়িত কৰাত ধাৰাবাহিক ভূমিকা লৈ আহিছে। এই পৰিষদসমূহে বিশ্বাস কৰে যে শক্তিশালী ৰাজ্যৰ বুনিয়াদতে শক্তিশালী ৰাষ্ট্ৰ গঢ়ি উঠে। সেয়েহে দুই বা ততোধিক ৰাজ্য অথবা কেন্দ্ৰ-ৰাজ্যৰ পাৰস্পৰিক সমস্যাক সুগঠিত আলোচনাৰে নিষ্পত্তি কৰিবলৈ এই পৰিষদে এক সুচল মাধ্যম হিচাপে কাম কৰে।
মূলতঃ উপদেষ্টাধৰ্মী হ’লেও বিগত কেইবছৰমানত এই পৰিষদসমূহে বিভিন্ন অঞ্চলৰ মাজত আন্তঃৰাজ্যিক বুজাবুজি আৰু সহযোগিতা বৃদ্ধি কৰাত ব্যৱহাৰিকভাৱে সফল হৈছে। সকলো ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ সহযোগত ২০১৪ চনৰ জুন মাহৰ পৰা বৰ্তমানলৈকে বিগত ১২ বছৰত বিভিন্ন আঞ্চলিক পৰিষদ আৰু স্থায়ী সমিতিৰ মুঠ ৬৯খন বৈঠক সম্পন্ন হৈছে।
কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ মতানৈক্য দূৰ কৰাৰ উপৰিও এই পৰিষদে ৰাষ্ট্ৰীয় গুৰুত্ব থকা বিষয়সমূহতো গুৰুত্বপূৰ্ণ ভূমিকা লয়। যেনে—মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত ধৰ্ষণৰ দ্ৰুত তদন্ত আৰু নিষ্পত্তিৰ বাবে ‘ফাষ্ট ট্ৰেক স্পেচিয়েল ক’ৰ্ট’ (FTSC) স্থাপন, শিক্ষা খণ্ডৰ সংস্কাৰ আদি। তদুপৰি, আঞ্চলিক পৰ্যায়ৰ স্বাৰ্থজড়িত সমস্যা—অন্ধ্ৰপ্ৰদেশ পুনৰগঠন আইনৰ কাৰ্যান্বয়ন, পানী ভাগ-বাটোৱাৰা প্ৰকল্প, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আৰু অসামৰিক বিমান পৰিবহণ খণ্ডৰ বিভিন্ন বিষয়তো এই বৈঠকত বিস্তৃত আলোচনা কৰা হ’ব।
****
RK / RR / PR / PS/DB
(रिलीज़ आईडी: 2301384)
आगंतुक पटल : 12