যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই ইণ্ডিয়া পোষ্টৰ দ্বাৰা ড্ৰোনৰ জৰিয়তে সৰ্বপ্ৰথম ত্ৰিৰংগা প্ৰেৰণৰ শুভাৰম্ভ কৰে
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ইণ্ডিয়া পোষ্টে হিমাচল প্ৰদেশৰ মাণ্ডি মুখ্য ডাকঘৰৰ পৰা ৰেহৰধাৰ শাখা ডাকঘৰলৈ ড্ৰোনৰ জৰিয়তে ত্ৰিৰংগা প্ৰেৰণ কৰে
प्रविष्टि तिथि:
14 AUG 2026 7:46PM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই ইণ্ডিয়া পোষ্টৰ দ্বাৰা ড্ৰোনৰ জৰিয়তে সৰ্বপ্ৰথম ত্ৰিৰংগা প্ৰেৰণৰ শুভাৰম্ভ কৰে
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ইণ্ডিয়া পোষ্টে হিমাচল প্ৰদেশৰ মাণ্ডি মুখ্য ডাকঘৰৰ পৰা ৰেহৰধাৰ শাখা ডাকঘৰলৈ ড্ৰোনৰ জৰিয়তে ত্ৰিৰংগা প্ৰেৰণ কৰে
দেশপ্ৰেম, জনসেৱা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ এক অনন্য উদযাপন হিচাপে, ডাক বিভাগে আজি হিমাচল প্ৰদেশৰ মাণ্ডি মুখ্য ডাকঘৰৰ পৰা ৰেহৰধাৰ শাখা ডাকঘৰলৈ ড্ৰোনৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা ত্ৰিৰংগা প্ৰেৰণ কৰে, যিয়ে ইণ্ডিয়া পোষ্টৰ দ্বাৰা ড্ৰোনযোগে হোৱা সৰ্বপ্ৰথম ত্ৰিৰংগা প্ৰেৰণক চিহ্নিত কৰিছে।
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই ভাৰ্চুৱেল মাধ্যমেৰে এই পদক্ষেপৰ উদ্বোধন আৰু পৰিচালনা কৰে। মাণ্ডি মুখ্য ডাকঘৰৰ পৰা ড্ৰোনটোৰ পোনপটীয়া উৰণ প্ৰত্যক্ষ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডাক বিভাগৰ বিষয়া আৰু ড্ৰোন অপাৰেটৰগৰাকীৰ সৈতে মত বিনিময় কৰে। পৰৱৰ্তী সময়ত ড্ৰোনখন ৰেহৰধাৰ শাখা ডাকঘৰত অৱতৰণ কৰে, য'ত ডাক বিভাগৰ দলটোৱে ত্ৰিৰংগাসম্বলিত পাৰ্চেলটো গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে এগৰাকী প্ৰাক্তন সেনা জোৱানৰ হাতত অৰ্পণ কৰে, যিয়ে এই ক্ষণটোলৈ এক বিশেষ তাৎপৰ্য বহন কৰিছে।


এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে হিমাচল প্ৰদেশৰ আকাশমাৰ্গেৰে ত্ৰিৰংগাৰ এই যাত্ৰাই ভৌগোলিক প্ৰতিবন্ধকতা অতিক্ৰম কৰি প্ৰতিগৰাকী নাগৰিকৰ কাষ চাপিবলৈ সংকল্পবদ্ধ এখন নৱ ভাৰতৰ মনোভাৱক প্ৰতিনিধিত্ব কৰিছে। তেওঁ লগতে কয় যে এইবাৰৰ স্বাধীনতা দিৱসে এক অতিৰিক্ত তাৎপৰ্য কঢ়িয়াই আনিছে কিয়নো দেশখনে 'বন্দে মাতৰম'ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে, যিয়ে ৰাষ্ট্ৰীয় গৌৰৱ, সেৱাৰ মনোভাৱ আৰু এখন 'বিকাশিত ভাৰত'ৰ বাবে থকা ভাৰতৰ আকাংক্ষাক একত্ৰিত কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ত্ৰিৰংগা কেৱল প্ৰতিখন ঘৰতেই নহয়, প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়তো জিলিকি থাকিব লাগে। এই মনোভাৱক সাৰোগত কৰি, সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে ৰাষ্ট্ৰীয় পতাকা প্ৰেৰণৰ ব্যৱস্থা কৰি ইণ্ডিয়া পোষ্টে 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানলৈ নিজৰ অৱদান আগবঢ়াইছে, যাৰ ফলত ৰাইজে নিজৰ ঘৰৰ পৰাই ৰাষ্ট্ৰীয় গৌৰৱৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে।
মাণ্ডিৰ পৰা ৰেহৰধাৰলৈ ড্ৰোনৰ জৰিয়তে কৰা এই প্ৰেৰণ ব্যৱস্থাই প্ৰদৰ্শন কৰে যে কেনেদৰে নৱাগত প্ৰযুক্তিয়ে ইণ্ডিয়া পোষ্টৰ বিস্তৃত ভৌতিক নেটৱৰ্কৰ পৰিপূৰক হিচাপে কাম কৰাৰ লগতে বিশেষকৈ দুৰ্গম আৰু কঠিন ভৌগোলিক অঞ্চলসমূহত শেষ-প্ৰান্তৰ সংযোগ শক্তিশালী কৰিব পাৰে। ড্ৰোন-ভিত্তিক ডাক প্ৰেৰণ ব্যৱস্থাৰ অন্বেষণ কৰি, ডাক বিভাগে এনে কিছুমান অভিনৱ সমাধানৰ সন্ধান কৰিছে যিয়ে নিশ্চিত কৰিব পাৰে যে আনকি পৰম্পৰাগত পৰিবহণ ব্যৱস্থাই প্ৰত্যাহ্বানৰ সৃষ্টি কৰা স্থানসমূহতো ডাক আৰু ৰাজহুৱা সেৱাসমূহ যাতে নাগৰিকসকলৰ কাষ চাপিব পাৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এখন প্ৰযুক্তিগতভাৱে উন্নত, সৰ্বাংগীন আৰু সংযুক্ত 'বিকাশিত ভাৰত'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, ডাক বিভাগে হিমাচল প্ৰদেশ আৰু অসমৰ ১৫০ টা চিনাক্ত পথত ড্ৰোন-ভিত্তিক ডাক প্ৰেৰণ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে।
দুৰ্গম ভৌগোলিক অঞ্চলসমূহত সংযোগ শক্তিশালী কৰা আৰু সুচাৰুৰূপে ডাক বিতৰণ ব্যৱস্থা সহজসাধ্য কৰাই হৈছে এই পদক্ষেপৰ উদ্দেশ্য। ই "ডাক সেৱা, জন সেৱা"ৰ চিৰস্থায়ী আদৰ্শ তথা উদ্ভাৱন আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে নাগৰিকসকলক সংযোগ কৰা আৰু দেশৰ সেৱা কৰাৰ ধাৰাবাহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰে।

***
AMK/ARJ/RD
(रिलीज़ आईडी: 2299969)
आगंतुक पटल : 8