গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে 'শূন্য সহনশীলতা' নীতিৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি, এনচিবি-য়ে ইউএই-ৰ পৰা পলাতক ড্ৰাগছ সম্ৰাট বীৰেন্দ্ৰ সিং বাছোয়াক ঘূৰাই অনাটো নিশ্চিত কৰিছে

বাছোয়াৰ গ্ৰেপ্তাৰৰ সবিশেষ সদৰী কৰি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় - মোদী চৰকাৰে বিদেশত আত্মগোপন কৰি থকা ড্ৰাগছ সৰবৰাহকাৰীসকলক নিৰন্তৰভাৱে বিচাৰি উলিয়াইছে

মোদী চৰকাৰে এক নিৰ্মম দৃষ্টিভংগীৰে ড্ৰাগছ সৰবৰাহকাৰীসকলৰ সমগ্ৰ ইকোচিষ্টেম বা পৰিৱেশ তন্ত্ৰ ধ্বংস কৰি পেলাইছে।
'অপাৰেচন গ্লোবেল-হাণ্ট'ৰ অধীনত ৱাণ্টেড আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী বীৰেন্দ্ৰ সিং বাছোয়াক ভাৰতলৈ ঘূৰাই অনা হৈছে

অপৰাধীটোক 'টপ-টু-বটম' আৰু 'বটম-টু-টপ' পদ্ধতিৰে বিচাৰি উলিয়াই, আমাৰ সংস্থাসমূহে পুনৰবাৰ প্ৰমাণ কৰিছে যে ড্ৰাগছ সৰবৰাহকাৰীসকলে য'তেই আত্মগোপন নকৰক কিয়, তেওঁলোকে ভাৰতীয় আইনৰ দীঘল হাতৰ পৰা সাৰিব নোৱাৰে

পোষ্ট কৰা হৈছে: 14 AUG 2026 12:31PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে চলা যুঁজত এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰি, নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে (এনচিবি) দিল্লীৰ সৰোজিনী নগৰৰ পিলানঞ্জীৰ নিবাসী ৱাণ্টেড পলাতক অপৰাধী বীৰেন্দ্ৰ সিং বাছোয়া ওৰফে বীৰু ওৰফে বাছোয়াক ভাৰতলৈ ঘূৰাই অনাটো নিশ্চিত কৰিছে। আজি পুৱতি নিশা নতুন দিল্লীৰ আই জি আই বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক জিম্মাত লোৱা হয়।

এনচিবিৰ অনুৰোধমৰ্মে জাৰি কৰা ইণ্টাৰপ'লৰ 'ৰেড নটিচ'ৰ ভিত্তিত ২০২৬ চনৰ জুন মাহত বাছোয়াক সংযুক্ত আৰৱ আমিৰশ্বাহীত (ইউএই) গ্ৰেপ্তাৰ কৰা হৈছিল। ভাৰতীয় সংস্থাসমূহে ইউএই কৰ্তৃপক্ষৰ সৈতে অব্যাহত ৰখা নিৰন্তৰ সমন্বয়ৰ জৰিয়তে তেওঁক ভাৰতলৈ ঘূৰাই অনাটো নিশ্চিত কৰা হৈছিল।

এক্স (X) প্লেটফৰ্মত কৰা এক পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “মোদী চৰকাৰে বিদেশত আত্মগোপন কৰি থকা ড্ৰাগছ সৰবৰাহকাৰীসকলক নিৰন্তৰভাৱে বিচাৰি উলিয়াইছে আৰু এক নিৰ্মম দৃষ্টিভংগীৰে তেওঁলোকৰ সমগ্ৰ ইকোচিষ্টেম ধ্বংস কৰি পেলাইছে। নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে 'শূন্য সহনশীলতা' নীতিৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি, এনচিবি-য়ে ইউএই-ৰ পৰা পলাতক ড্ৰাগছ সম্ৰাট বীৰেন্দ্ৰ সিং বাছোয়াক ঘূৰাই অনাটো নিশ্চিত কৰিছে। অপৰাধীটোক 'টপ-টু-বটম' আৰু 'বটম-টু-টপ' পদ্ধতিৰ জৰিয়তে বিচাৰি উলিয়াই, আমাৰ সংস্থাসমূহে পুনৰবাৰ প্ৰমাণ কৰিছে যে ড্ৰাগছ সৰবৰাহকাৰীসকলে য'তেই আত্মগোপন নকৰক কিয়, তেওঁলোকে ভাৰতীয় আইনৰ দীঘল হাতৰ পৰা সাৰিব নোৱাৰে।”

গোচৰটোৰ বিষয়ে

এই গোচৰটোৰ সূত্ৰপাত হৈছিল ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পুনেত, যেতিয়া পুনে চহৰ আৰক্ষীয়ে ৫০০ গ্ৰাম মেফেড্ৰন (Mephedrone) জব্দ কৰিছিল। ইয়াৰ পিছত, 'টপ-টু-বটম' আৰু 'বটম-টু-টপ' পদ্ধতি গ্ৰহণ কৰি সমগ্ৰ ড্ৰাগছ সৰবৰাহ চক্ৰটোক চিনাক্ত আৰু উৎখাত কৰিবলৈ তদন্তৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হৈছিল। পৰৱৰ্তী তদন্ত আৰু অভিযানৰ ফলস্বৰূপে পুনেৰ পৰা প্ৰায় ৮৬৭ কিলোগ্ৰাম আৰু দিল্লীৰ পৰা ৯৭০ কিলোগ্ৰাম মেফেড্ৰন উদ্ধাৰ হয়, যাৰ ফলত উদ্ধাৰ হোৱা মেফেড্ৰনৰ সৰ্বমুঠ পৰিমাণ প্ৰায় ১,৮৩৭ কিলোগ্ৰামলৈ বৃদ্ধি পায়। পৰৱৰ্তী সময়ত অধিক তদন্তৰ বাবে গোচৰটো এনচিবিৰ (NCB) মুম্বাই জ'নেল গোটলৈ হস্তান্তৰ কৰা হয়।

তদন্তত বাছোয়াক এজন মূল বিদেশী অপাৰেটিভ আৰু অভিযুক্ত ষড়যন্ত্ৰকাৰী হিচাপে চিনাক্ত কৰা হয়, যিয়ে বিদেশৰ পৰা চক্ৰটোৰ কাম-কাজসমূহ পৰিচালনা কৰাৰ লগতে ভাৰতৰ পৰা অন্যান্য দেশলৈ মেফেড্ৰনৰ চালান ৰপ্তানি কৰাত সহায় কৰিছিল। দিল্লীত উদ্ধাৰ হোৱা প্ৰায় ৯৭০ কিলোগ্ৰাম মেফেড্ৰনৰ এটা বৃহৎ চালান তেওঁৰ সৈতে জড়িত কুৰিয়াৰ মাধ্যমৰ জৰিয়তে ৰপ্তানি কৰাৰ প্ৰস্তুতিৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন হৈছিল। ঘৰুৱা উৎপাদন আৰু সৰবৰাহ নেটৱৰ্কক ইয়াৰ বিদেশী বিতৰণ চেনেলসমূহৰ সৈতে সংযোগ কৰা এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ হিচাপে তেওঁৰ ভূমিকা পোহৰলৈ আহে।

আন্তঃৰাষ্ট্ৰীয় ক'কেইন সৰবৰাহৰ সৈতে জড়িত দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ এক সুকীয়া গোচৰতো বাছোয়াৰ নাম সাঙোৰ খাইছে। ২০২৪ চনৰ অক্টোবৰ মাহত দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰে, যাৰ ফলত দিল্লী, হাপুৰ আৰু গাজিয়াবাদৰ গুডাম আৰু অন্যান্য চৌহদৰ লগতে গুজৰাটৰ অংকলেশ্বৰৰ এটা কাৰখানাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। এই সমন্বিত অভিযানৰ ফলস্বৰূপে ১,৩০০ কিলোগ্ৰামতকৈয়ো অধিক ক'কেইন, মেফেড্ৰন আৰু হাইড্ৰ'পনিক ৱিড উদ্ধাৰ হয়। চক্ৰটোৰ ওপৰত চলোৱা তদন্তত ক'কেইন আৰু অন্যান্য ড্ৰাগছৰ সংগ্ৰহ, পৰিবহণ, মজুতকৰণ আৰু বিতৰণৰ ক্ষেত্ৰত সমন্বয় সাধন কৰাত বাছোয়াৰ কথিত ভূমিকা পোহৰলৈ আহে।

বাছোয়াক ঘূৰাই অনাটো হৈছে 'অপাৰেচন গ্লোবেল-হাণ্ট'ৰ অধীনত এনচিবিৰ নিৰন্তৰ প্ৰচেষ্টাৰ এক অংশ, যাক বিদেশৰ পৰা পৰিচালিত বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী আৰু পলাতক অপৰাধীসকলক চিনাক্ত কৰিবলৈ, বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰম্ভ কৰা হৈছিল। এই পদক্ষেপে ইণ্টাৰপ'লৰ 'ৰেড নটিচ'কে ধৰি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ব্যৱস্থাসমূহ ব্যৱহাৰ কৰে আৰু ভাৰতীয় তথা বিদেশী আইন-প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে কাৰ্যকৰী সমন্বয় শক্তিশালী কৰে। ইয়াৰ পূৰ্বে তুৰস্কৰ পৰা মহম্মদ চেলিম ডোলা আৰু মালয়েছিয়াৰ পৰা নবীন চিচকাৰকে ধৰি অন্যান্য ৱাণ্টেড ড্ৰাগছ সৰবৰাহকাৰীক সফলতাৰে ঘূৰাই অনাটোও আছিল এই পদক্ষেপৰ অধীনত এক উল্লেখযোগ্য সাফল্য।

পলাতক অপৰাধীসকলক তেওঁলোকৰ অপৰাধৰ আইনী পৰিণাম ভোগ কৰিবলৈ ভাৰতলৈ ঘূৰাই অনাটো মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰা 'ড্ৰাগছ নিয়ন্ত্ৰণৰ ভিজন ডকুমেণ্ট'ৰ (২০২৬-২০২৯) লক্ষ্যৰ অনুকূলে গ্ৰহণ কৰা এক পদক্ষেপ। এই ৰূপৰেখাৰ এক অংশ হিচাপে, অন্যান্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বিত কাৰ্যপন্থাৰ জৰিয়তে বিদেশৰ পৰা কাৰ্যকলাপ চলাই থকা অন্যান্য গুৰুত্বপূৰ্ণ ড্ৰাগছ সৰবৰাহকাৰী পলাতক অপৰাধীসকলক চিনাক্ত কৰিবলৈ, বিচাৰি উলিয়াবলৈ আৰু ঘূৰাই আনিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত, এনচিবি ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ 'শূন্য সহনশীলতা' নীতিৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ।

ভাৰতৰ ভিতৰৰ পৰাই হওক বা বিদেশৰ পৰাই হওক, এনচিবিয়ে ড্ৰাগছ সম্ৰাট, বিত্তীয় যোগানকৰ্তা, পৰিচালক আৰু পলাতক অপৰাধীসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব, আৰু সমগ্ৰ ড্ৰাগছ সৰবৰাহৰ পৰিৱেশ তন্ত্ৰ বা ইকোচিষ্টেম ধ্বংস কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে নিবিড়ভাৱে কাম কৰি যাব।

***

RK / RR / PR / PS/RD


(ৰিলিজ আই ডি : 2299964) অতিথি কক্ষ : 27