গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নতুন দিল্লীত থকা তেওঁৰ বাসভৱনত ত্ৰিৰংগ পতাকা উত্তোলন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আৰম্ভ কৰা ‘হৰ ঘৰ তিৰংগা’ অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেম আৰু গৌৰৱৰ ভাৱনাক অধিক শক্তিশালী কৰে

ত্ৰিৰংগই আমাৰ ৰাষ্ট্ৰত আমি লোৱা পবিত্ৰ গৌৰৱ আৰু আমাৰ একতাৰ শক্তিক প্ৰতিনিধিত্ব কৰে

কোটি কোটি দেশবাসীয়ে ত্ৰিৰংগৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱধাৰাক শক্তিশালী কৰিছে

গৃহ মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী নাগৰিকক এই আন্দোলনত আন লাখ লাখ লোকৰ সৈতে একত্ৰিত হ’বলৈ আহ্বান জনায়

প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰত তিৰংগা উত্তোলন কৰি আৰু http://harghartiranga.com ত এখন চেলফি আপলোড কৰি দেশপ্ৰেম উদযাপন কৰা উচিত

प्रविष्टि तिथि: 13 AUG 2026 5:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত থকা তেওঁৰ বাসভৱনত ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অংশ হিচাপে ত্ৰিৰংগ পতাকা উত্তোলন কৰে। গৃহ মন্ত্ৰীগৰাকীয়ে প্ৰতিজন নাগৰিকক এই আন্দোলনত আন লাখ লাখ লোকৰ সৈতে একত্ৰিত হব’লৈ আৰু নিজৰ ঘৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি দেশপ্ৰেম উদযাপন কৰিবলৈ আৰু http://harghartiranga.com ত এখন চেলফি আপলোড কৰিবলৈ আহ্বান জনায়।

এক্স-ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, ‘আজি নতুন দিল্লীত থকা মোৰ বাসভৱনত মই #HarGharTiranga অভিযানৰ অংশ হিচাপে ত্ৰিৰংগ পতাকা উত্তোলন কৰো। মোদী জীৰ নেতৃত্বত আৰম্ভ কৰা এই অভিযানে আজি প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেম আৰু গৌৰৱৰ ভাৱনাক অধিক শক্তিশালী কৰি তুলিছে। আজি কোটি কোটি দেশবাসীয়ে ত্ৰিৰংগৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক শক্তিশালী কৰিছে।’

গৃহ মন্ত্ৰীগৰাকীয়ে এক্স-ৰ আন এটা পোষ্টত কয়, ‘ত্ৰিৰংগই আমাৰ ৰাষ্ট্ৰত আমি লোৱা পৱিত্ৰ গৌৰৱ আৰু একতাৰ শক্তিক সূচায়। আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি #HarGharTiranga আন্দোলনত যোগদান কৰিলো। মই প্ৰতিজন নাগৰিকক এই আন্দোলনত আন লাখ লাখ লোকৰ সৈতে একত্ৰিত হ’বলৈ আৰু নিজৰ ঘৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ লগতে  http://harghartiranga.com ত এখন চেলফি আপলোড কৰি দেশপ্ৰেম উদযাপন কৰিবলৈ আহ্বান জনাইছো।’

****

 

RK/RR/PR/PS/MK


(रिलीज़ आईडी: 2299218) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Odia , English , Urdu , हिन्दी , Gujarati , Kannada , Malayalam