প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশ্ব হস্তী দিৱসত ভাৰতৰ শক্তিশালী সংৰক্ষণ প্ৰচেষ্টাৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 12 AUG 2026 1:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিশ্ব হস্তী দিৱসত আমি ৰাজকীয় হাতীৰ অস্তিত্ব উদযাপন কৰো, যি ভাৰতৰ পৰিবেশগত ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ হৈ আছে। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে ভাৰত হৈছে বিশ্বৰ ৬০ শতাংশতকৈও অধিক বন্য এছীয় হাতীৰ বাসস্থান।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশত ৩৩ খন হস্তী সংৰক্ষিত বনাঞ্চল আছে, যিসমূহ হাতীৰ মূল বাসস্থান আৰু সেইসমূহে দীৰ্ঘম্যাদী সংৰক্ষণৰ দিশত আমাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰে। শ্ৰী মোদীয়ে লগতে এনে সকলো প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সকলো বন কৰ্মী, বিজ্ঞানী, পশু চিকিৎসক, মাউট আৰু স্থানীয় সম্প্ৰদায়ক লৈ গৌৰৱ কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰেঃ

‘বিশ্ব হস্তী দিৱসত আমি ৰাজকীয় হাতীৰ অস্তিত্ব উদযাপন কৰো, যি ভাৰতৰ পৰিবেশগত ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ হৈ আছে। এয়া অত্যন্ত আনন্দৰ বিষয় যে ভাৰত হৈছে বিশ্বৰ ৬০ শতাংশতকৈও অধিক বন্য এছীয় হাতীৰ বাসস্থান। আমাৰ দেশত ৩৩ খন হস্তী সংৰক্ষিত বনাঞ্চল আছে, যিসমূহ হাতীৰ মূল বাসস্থান আৰু সেইসমূহে দীৰ্ঘম্যাদী সংৰক্ষণৰ দিশত আমাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰে। আমি সকলো বন কৰ্মী, বিজ্ঞানী, পশু চিকিৎসক, মাউট আৰু এনে সকলো প্ৰচেষ্টাৰ অবিচ্ছেদ্য অংশ হোৱা স্থানীয় সম্প্ৰদায়ক লৈ গৌৰৱান্বিত।’

***

MJPS/SS/PRK/NB


(रिलीज़ आईडी: 2298272) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam