স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভুৱা বা ভুল তথ্য দাখিল কৰা আবেদনকাৰীসকলক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ঔষধ সম্পৰ্কীয় কঠোৰ নিয়ম জাৰি

प्रविष्टि तिथि: 06 AUG 2026 2:08PM by PIB Guwahati

ভাৰতৰ ঔষধ নিয়ন্ত্ৰক ব্যৱস্থাৰ সততা আৰু স্বচ্ছতা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০২৫ৰ ১৬ অক্টোবৰত জি এছ আৰ নম্বৰ ৭৫৬ (ই)ৰ জৰিয়তে ড্ৰাগছ নিয়ম, ১৯৪৫ৰ সংশোধনীৰ বিষয়ে অধিসূচনা জাৰি কৰিছিল।

ড্ৰাগছ এণ্ড কছমেটিক্স এক্ট, ১৯৪০ৰ অধীনত ইতিমধ্যে বলৱৎ হৈ থকা ব্যৱস্থাসমূহৰ উপৰি এই নতুনকৈ জাৰি কৰা ব্যৱস্থাসমূহে অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষক নিজৰ আবেদনৰ সমৰ্থনত ভুৱা বা ভুল তথ্য দাখিল কৰা সংস্থাসমূহক পুনৰ আবেদন কৰাৰ পৰা নিষিদ্ধকৰণৰ ক্ষমতা প্ৰদান কৰিছে। ড্ৰাগছ ৰুলছ, ১৯৪৫ৰ বিভিন্ন ব্যৱস্থাৰ অধীনত দাখিল কৰা সকলো আবেদনৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য হ’ব।

বৰ্তমান ভুৱা তথ্য দাখিল কৰা এজন আবেদনকাৰীয়ে আবেদন নাকচ কৰা আৰু/বা ইতিমধ্যে থকা অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দৰে ব্যৱস্থাৰ সন্মুখীন হয়। এই সংশোধনীৰ জৰিয়তে তেওঁলোকক এক নিৰ্দিষ্ট সময়ৰ বাবে সংশ্লিষ্ট নিয়ন্ত্ৰক কৰ্তৃপক্ষ, ৰাজ্য বা কেন্দ্ৰত (প্ৰযোজ্য অনুসৰি) পুনৰ আবেদন দাখিল কৰাৰ পৰা নিষিদ্ধ কৰা হ’ব। এনেধৰণৰ যিকোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ জৰিয়তে এক উপযুক্ত প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি আপীল কৰাৰ ব্যৱস্থাও আছে।

আবেদনকাৰীসকলে দাখিল কৰা উপযুক্ত বৈজ্ঞানিক তথ্যই ঔষধৰ গুণগত মান, সুৰক্ষা আৰু কাৰ্যকাৰিতাৰ নিয়ামক মূল্যায়নৰ আধাৰ গঠন কৰে। ভুৱা বা ভুল তথ্য দাখিলে নিয়ামক প্ৰক্ৰিয়াৰ সততাৰ সৈতে আপোচ কৰে, ঔষধৰ মানৰ ওপৰত সন্দেহৰ সৃষ্টি কৰে আৰু জনস্বাস্থ্যৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে। বৰ্তমানৰ সংশোধনীৰ উদ্দেশ্য হৈছে এনে অসদাচৰণ প্ৰতিহত কৰা, আবেদনকাৰীসকলৰ মাজত দায়বদ্ধতা শক্তিশালী কৰা আৰু ঔষধৰ অনুমোদন নিৰ্ভৰযোগ্য আৰু বৈজ্ঞানিকভাৱে বৈধ প্ৰমাণৰ দ্বাৰা সমৰ্থিত হোৱাটো নিশ্চিত কৰা।

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অনুশীলন অনুসৰি ভাৰতৰ নিয়ন্ত্ৰক পৰিকাঠামো শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই অধিসূচনা জাৰি কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে সেইসকল ঔষধ নিৰ্মাতা আৰু বিতৰকসকলক উৎসাহ প্ৰদান কৰা, যিসকলে দেশৰ নিয়ামক পৰিকাঠামো অনুসৰণ কৰে আৰু অপব্যৱহাৰৰ যিকোনো ঘটনাৰ মোকাবিলা কৰিবলৈ চেষ্টা কৰে। ই ঔষধৰ ক্ষেত্ৰত অব্যাহত থকা নিয়ামক সংস্কাৰক অনুসৰণ কৰে আৰু নিৰীক্ষণ বৃদ্ধি, নৈতিক অনুশীলনক উৎসাহ প্ৰদান আৰু অসাধু সংস্থাসমূহক উপযুক্তধৰণে শাস্তি বিহাটো নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

জি এছ আৰৰ সম্পূৰ্ণ পাঠ ভাৰত চৰকাৰৰ চৰকাৰী অধিসূচনা (ই-গেজেট)ত উপলব্ধ আৰু ইয়াৰ জৰিয়তেও প্ৰৱেশ কৰিব পাৰিঃ-

https://egazette.gov.in/WriteReadData/2026/275233.pdf

*****

SR/HS


(रिलीज़ आईडी: 2295927) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , हिन्दी , Marathi , Punjabi , Tamil , Telugu , Malayalam