মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
১ৰ পৰা ৭ আগষ্টলৈকে সমগ্ৰ দেশজুৰি পালন ‘বিশ্ব স্তনপান সপ্তাহ, ২০২৬’
মূল বিষয়বস্তু: "জীৱনৰ এক বহনক্ষম শুভাৰম্ভণিৰ বাবে স্তনপান: যিবোৰ ব্যৱস্থা কাৰ্যকৰী হৈছে তাক শক্তিশালী কৰক"
পোষণ অভিযানৰ অধীনত ৰূপায়ণ এই কাৰ্যসূচী
प्रविष्टि तिथि:
05 AUG 2026 3:22PM by PIB Guwahati
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ১ৰ পৰা ৭ আগষ্টলৈ সমগ্ৰ দেশজুৰি "জীৱনৰ এক বহনক্ষম শুভাৰম্ভণিৰ বাবে স্তনপান: যিবোৰ ব্যৱস্থা কাৰ্যকৰী হৈছে তাক শক্তিশালী কৰক" শীৰ্ষক মূল বিষয়বস্তুৰ সৈতে 'বিশ্ব স্তনপান সপ্তাহ ২০২৬' উদযাপন কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অংগনৱাড়ী কেন্দ্ৰ, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, সামুহিক প্ৰচাৰ মঞ্চ আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে গোটেই সপ্তাহজুৰি সজাগতামূলক কাৰ্যসূচীসমূহৰ নেতৃত্ব দি পোষণ অভিযানৰ অধীনত এই কাৰ্যসূচী আগবঢ়াই নিয়া হৈছে।
এই অভিযানে শিশুৰ জীৱনৰ প্ৰথম ১০০০ দিন—অৰ্থাৎ গৰ্ভধাৰণৰ সময়ছোৱা, জন্মৰ প্ৰথম ছয় মাহ আৰু ২৪ মাহ বয়সলৈকে সময়ছোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত লাভ কৰা পুষ্টি, যত্ন আৰু মৰমে মগজুৰ বিকাশ, ৰোগ প্ৰতিৰোধ ক্ষমতা, শাৰীৰিক বিকাশ, শিকন ক্ষমতা আৰু সমগ্ৰ জীৱনৰ কুশলতা নিৰ্ধাৰণ কৰে। যাৰ বাবে শিশুৰ জীৱন ৰক্ষা আৰু সুস্থ বিকাশৰ বাবে স্তনপান হৈছে অন্যতম কাৰ্যকৰী ব্যৱস্থা।
মন্ত্ৰালয়ে প্ৰতিটো পৰিয়ালক আহ্বান জনায় যাতে নৱজাতকে জন্মৰ প্ৰথম এঘণ্টাৰ ভিতৰত মাতৃৰ গাখীৰ লাভ কৰে, যাক 'সোণালী ঘণ্টা' বুলি কোৱা হয়। ফেঁহু গাখীৰ বা প্ৰথম গাখীৰ (Colostrum), যাক প্ৰায়ে শিশুৰ প্ৰথম প্ৰাকৃতিক প্ৰতিষেধক বুলি কোৱা হয়, ই এণ্টিবডী আৰু প্ৰয়োজনীয় পুষ্টিৰে সমৃদ্ধ আৰু ইয়াক কেতিয়াও পেলাই দিব নালাগে। জন্মৰ লগে লগে মাতৃ আৰু শিশুৰ চালৰ প্ৰত্যক্ষ সংস্পৰ্শে স্তনপান আৰম্ভ কৰাত সহায় কৰে আৰু দুয়োৰে মাজৰ আৱেগিক সম্পৰ্ক মজবুত কৰে।
প্ৰথম ছয় মাহৰ বাবে কেৱল স্তনপানৰ অৰ্থ হৈছে যে নৱজাতকে পানী, মৌ, ঘুট্টি, গ্লুকজ বা ফৰ্মুলা গাখীৰ আদি একো নোহোৱাকৈ কেৱল মাতৃৰ গাখীৰ পাব লাগে; কাৰণ এই সময়ছোৱাত কেৱল মাতৃৰ গাখীৰেই পুষ্টি আৰু পানীৰ সকলো প্ৰয়োজন পূৰণ কৰে আৰু শিশুটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ৬মাহৰ পিছৰ পৰা বয়স-উপযোগী পৰিপূৰক খাদ্যৰ আৰম্ভণি কৰিব লাগে আৰু লগতে দুবছৰ বা তাতকৈ অধিক বয়সলৈকে স্তনপান অব্যাহত ৰাখিব লাগে।
মাতৃসকলক গাখীৰ খুওৱাৰ সঠিক অৱস্থান আৰু শিশুৱে স্তন সঠিকভাৱে মুখত লোৱাৰ পদ্ধতি সম্পৰ্কতো নিৰ্দেশনা দিয়া হৈছে আৰু তেওঁলোকক নিজৰ তথা শিশুৰ বাবে আটাইতকৈ আৰামদায়ক অৱস্থান গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে। শিশুৱে বিচৰা অনুসৰি বাৰে বাৰে গাখীৰ খুওৱা আৰু কিবা অসুবিধা পালে অংগনৱাড়ী কৰ্মী, আশা কৰ্মী বা নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰৰ পৰা সহায় লোৱাৰ ওপৰত সপ্তাহজুৰি গুৰুত্ব আৰোপ কৰা হৈছে। কৰ্মক্ষেত্ৰলৈ ঘূৰি অহা মাতৃসকলক গাখীৰ উলিয়াই সুৰক্ষিতভাৱে সংৰক্ষণ কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে যাতে স্তনপান কোনো বাধা নোহোৱাকৈ অব্যাহত থাকে।
মন্ত্ৰালয়ে স্বাস্থ্য পেচাদাৰী, সামুহিক কৰ্মী, পৰিয়াল আৰু নাগৰিকসকলক এনে এক অনুকূল পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনায় য’ত প্ৰতিগৰাকী মাতৃক স্তনপানৰ বাবে সবলীকৰণ কৰা হয় আৰু প্ৰতিটো শিশুৱে জীৱনৰ সৰ্বোত্তম শুভাৰম্ভণি কৰিব পাৰে।
***
SS/PC/DB
(रिलीज़ आईडी: 2295341)
आगंतुक पटल : 12