গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে এছডিআৰএফৰ অধীনত বানপীড়িত ৰাজ্যসমূহলৈ ২,১১৭.৮৫ কোটি টকাৰ আগতীয়াকৈ সাহায্য মুকলি কৰি দিয়াত জনালে অনুমোদন
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সাহায্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ বাবে ৰাজ্যসমূহলৈ প্ৰয়োজনীয় সকলো সাহায্য প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে
কেন্দ্ৰীয় চৰকাৰে এনডিআৰএফ দল পূৰ্বৰে পৰা নিয়োগ কৰা হৈছে, য’তেই প্ৰয়োজন হৈছে লজিষ্টিক সহায়কে ধৰি সকলো সম্ভৱপৰ সহায় আগবঢ়াইছে
ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰু অসমলৈ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আই এম চি টি)ৰ প্ৰতিনিধি প্ৰেৰণ কৰা হৈছে
বান পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসমত দুটাকৈ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলৰ ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে, আনহাতে নাগালেণ্ড চৰকাৰৰ অনুৰোধত ৰাজ্যখনৰ বাবেও আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰা হৈছে
আক্ৰান্ত সাতখন ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশ, ওড়িশা আৰু নাগালেণ্ডে ইতিমধ্যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে এছডিআৰএফৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিছে
प्रविष्टि तिथि:
01 AUG 2026 5:46PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ২০২৬ চনৰ দক্ষিণ-পশ্চিম বাৰিষাৰ ফলত বানপানীত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক সহায় কৰিবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ পৰা ২,১১৭.৮৫ কোটি টকাৰ আগতীয়াকৈ সাহায্য মুকলি কৰাত অনুমোদন জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যসমূহক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু সাহায্য, উদ্ধাৰ তথা পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । লগতে পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি থকা হৈছে।বাৰিষাৰ আৰম্ভণিৰ পৰাই ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে বান পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ)ৰ দল পূৰ্বৰে পৰা নিয়োগ কৰাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা য’তেই প্ৰয়োজন হৈছে তাতেই লজিষ্টিক সহায়কে ধৰি সকলো সম্ভৱপৰ সহায় আগবঢ়াইছে।
ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰু অসমলৈ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আই এম চি টি)ৰ প্ৰতিনিধি কৰা হৈছে। বান পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসমত দুটাকৈ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। নাগালেণ্ড চৰকাৰৰ পৰা লাভ কৰা অনুৰোধমৰ্মে ৰাজ্যখনৰ বাবে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰা হৈছে।
আক্ৰান্ত সাতখন ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশ, ওড়িশা আৰু নাগালেণ্ডে ইতিমধ্যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে এছডিআৰএফৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিছে। সাহায্য অভিযানৰ বাবে সময়মতে ধনৰ উপলব্ধতা নিশ্চিত কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এছডিআৰএফৰ কেন্দ্ৰীয় অংশৰ দ্বিতীয় কিস্তি হিমাচল প্ৰদেশ আৰু ওড়িশালৈ আগতীয়াকৈ মুকলি কৰি দিয়াত অনুমোদন জনাইছে। তদুপৰি, সাহায্য ব্যৱস্থাৰ বাবে সম্পদৰ জৰুৰী প্ৰয়োজনীয়তা বিবেচনা কৰি, প্ৰযোজ্য নিৰ্দেশনাৰ অধীনত নথিপত্ৰৰ প্ৰয়োজনীয়তা শিথিল কৰি অৰুণাচল প্ৰদেশ, অসম, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ বাবেও এছডিআৰএফৰ কেন্দ্ৰীয় অংশৰ প্ৰথম কিস্তিৰ অগ্ৰিম ধন আগতীয়াকৈ মুকলি কৰি দিয়া হৈছে।
ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ বাবে অনুমোদিত সাহায্যৰ ভিতৰত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে এছডিআৰএফৰ কেন্দ্ৰীয় অংশীদাৰিত্বৰ প্ৰথম কিস্তিৰ আগতীয়াকৈ মুকলি কৰি দিয়া ধন হিচাবে অৰুণাচল প্ৰদেশলৈ ৪৪.৫৫ কোটি টকা দিয়া হৈছে। অসমক প্ৰথম কিস্তিৰ অগ্ৰিম ধন হিচাপে ৩৭৯.৩৫ কোটি টকা প্ৰদানত অনুমোদন জনোৱাৰ বিপৰীতে গুজৰাটত প্ৰথম কিস্তিৰ অগ্ৰিম ধন হিচাপে ৫০০ কোটি টকা প্ৰদানত অনুমোদন জনোৱা হৈছে। ইতিমধ্যে ২০২৬-২৭ বৰ্ষৰ বাবে এছডিআৰএফৰ প্ৰথম কিস্তি লাভ কৰা হিমাচল প্ৰদেশক কেন্দ্ৰীয় অংশীদাৰিত্বৰ দ্বিতীয় কিস্তিৰ অগ্ৰিম ধন হিচাপে ১৯৩.৯৫ কোটি টকাত অনুমোদন দিয়া হৈছে। মহাৰাষ্ট্ৰত প্ৰথম কিস্তিৰ অগ্ৰিম ধন হিচাপে ৫০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে। ইতিমধ্যে প্ৰথম কিস্তি লাভ কৰা ওড়িশাক দ্বিতীয় কিস্তিৰ অগ্ৰিম ধন হিচাপে ৫০০ কোটি টকা অনুমোদন দিয়া হৈছে। এই অনুমোদনৰ জৰিয়তে বানপীড়িত ৰাজ্যসমূহে তেওঁলোকৰ চলি থকা সাহায্য আৰু উদ্ধাৰৰ ব্যৱস্থাসমূহ শক্তিশালী কৰিবলৈ মুঠ ২,১১৭.৮৫ কোটি টকা উপলব্ধ কৰা হৈছে।
***
RK / RR / PS/DM
(रिलीज़ आईडी: 2293099)
आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam