প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট এফ 57-ত স্বৰ্ণ জয় কৰাৰ বাবে শৰ্মিলাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন
प्रविष्टि तिथि:
28 JUL 2026 2:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ 57 শিতানত স্বৰ্ণ পদক লাভ কৰাৰ বাবে শৰ্মিলাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছিজনৰ শ্ৰেষ্ঠ থ্ৰ’ৰে এয়া তেওঁৰ উল্লেখযোগ্য সাফল্য। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে এই বিজয়ে কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ স্বৰ্ণ পদকৰ বাবে থকা দুই দশকৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলালে।
শ্ৰী মোদীয়ে তেওঁক ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
‘গ্লাছগোত ইতিহাস সৃষ্টি হৈছে!
মহিলাৰ শ্বট পুট এফ 57 শিতানত এই বিশেষ স্বৰ্ণ পদক আৰু লগতে ছিজনৰ শ্ৰেষ্ঠ থ্ৰ’ৰ বাবে শৰ্মিলাক অভিনন্দন জনাইছো। এই উল্লেখযোগ্য প্ৰদৰ্শনে কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ স্বৰ্ণ পদকৰ বাবে থকা দুই দশকৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলালে। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা জলাইছো । #CWG2026’
****
MJPS/SS/ST/MK
(रिलीज़ आईडी: 2290547)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam