তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতৰ টিভি দৰ্শক পৰিমাপন ব্যৱস্থাত স্বচ্ছতা, স্বাধীনতা আৰু জবাবদিহিতা শক্তিশালী কৰাৰ বাবে টেলিভিছন ৰেটিং নীতি, ২০২৬
নতুন নীতিয়ে নেট ৱৰ্থ-ৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিছে, মিটাৰযুক্ত ঘৰৰ সংখ্যা বৃদ্ধি কৰিছে আৰু সাময়িক প্ৰতিষ্ঠা জৰীপ-ৰ প্ৰৱৰ্তন কৰিছে
ৰেটিং নীতিয়ে বিশ্বাসযোগ্য টিভি পৰিমাপনৰ জোখ-মাখ নিশ্চিত কৰিবলৈ স্বতন্ত্ৰ অডিট, ক্ৰছ-হল্ডিং নিয়ন্ত্ৰয়ণ আৰু পৰ্যায়ক্ৰমিক শাস্তিৰ নিৰ্দেশ দিয়ে
পোষ্ট কৰা হৈছে:
24 JUL 2026 3:50PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টিভি ৰেটিং নীতি ২০২৬ প্ৰকাশ কৰিছে, য’ত ভাৰতত টেলিভিছন ৰেটিং নিয়ন্ত্ৰণৰ বাবে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে। এই নীতিয়ে টিভি ৰেটিং সেৱা প্ৰদান কৰা সংস্থাসমূহৰ পঞ্জীয়ন, পৰিচালনা, অডিট, আৰু তদাৰকীৰ বাবে স্পষ্ট মানদণ্ড নিৰ্ধাৰণ কৰিছে, যাৰ লক্ষ্য হৈছে দৰ্শক জোখাৰ ক্ষেত্ৰত স্বচ্ছতা, স্বাধীনতা আৰু জবাবদিহিতা নিশ্চিত কৰা।
টিভি ৰেটিং নীতি ২০২৬-য়ে ভাৰতত টিভি ৰেটিং এজেন্সীসমূহৰ বাবে ১৬ জানুৱাৰী ২০১৪ তাৰিখৰ অদ্যপি বৰ্তি থকা নিৰ্দেশনাৱলীৰ ঠাই লৈছে।
এই নীতিৰ অধীনত প্ৰৱৰ্তিত প্ৰধান সংস্কাৰসমূহৰ ভিতৰত আছে-
- নেট ৱৰ্থৰ মাপকাঠী ২০ কোটিৰ পৰা ৫ কোটি টকা হ্ৰাস কৰা;
- অ'টিটি প্লেটফৰ্মত উপলব্ধ সংযুক্ত টিভি আৰু টিভি চেনেলকে ধৰি একাধিক প্লেটফৰ্মত প্ৰযুক্তি-নিৰপেক্ষ দৰ্শকৰ জোখ-মাখ দিহা কৰা;
- iii. মিটাৰযুক্ত ঘৰৰ সংখ্যা ৫০,০০০ৰ পৰা ৮০,০০০লৈ সম্প্ৰসাৰণ কৰি নমুনাৰ আকাৰ বৃদ্ধি কৰা;
- প্ৰতি তিনি বছৰৰ মূৰে মূৰে সাময়িক প্ৰতিষ্ঠা জৰীপৰ দিহা কৰা;
- দৰ্শকৰ তথ্য গণনাত লেণ্ডিং পেজ বাদ দিয়া;
- বাৰ্ষিক স্বতন্ত্ৰ অডিটৰ দিহা কৰা; আৰু
- অমান্যতাৰ বাবে এটা পৰ্যায়ক্ৰমিক জৰিমনা ফ্ৰেমৱৰ্ক গঠন কৰা।
নিৰ্ধাৰিত সুৰক্ষা ব্যৱস্থাসমূহৰ ভিতৰত আছে ক্ৰছ-হোল্ডিং নিষেধাজ্ঞা, সংস্থাটোৰ ব’ৰ্ডত কমেও ৩৩% স্বতন্ত্ৰ পৰিচালকৰ প্ৰয়োজনীয়তা, স্বাৰ্থৰ সংঘাত সৃষ্টি কৰিব পৰা পৰামৰ্শ বা পৰামৰ্শদাতা কাৰ্যকলাপ নিষিদ্ধ কৰা, নিৰাপত্তা নিষ্পত্তিৰ প্ৰয়োজনীয়তা, ৰেটিং এজেন্সীসমূহৰ কাৰ্যকৰী আৰু পৰিচালন স্বাধীনতা নিশ্চিত কৰিবলৈ অডিট আৰু স্বচ্ছতাৰ বাধ্যবাধকতা আৰোপ কৰা।
এই নীতিৰ অধীনত ভাৰতত টেলিভিছন ৰেটিংৰ ব্যৱসায়ত জড়িত যিকোনো সত্তাই কিছুমান অতিৰিক্ত অনুপালন মানি চলিব লাগিব আৰু নতুন নীতিৰ অধীনত পঞ্জীয়ন কৰিব লাগিব।
আজিৰ তাৰিখত নতুন নীতিৰ অধীনত কোনো সত্তা পঞ্জীয়ন কৰা হোৱা নাই। টেলিভিছন ৰেটিং নীতি, ২০২৬ত টিভি ৰেটিং সেৱা প্ৰদান কৰিবলৈ পঞ্জীয়ন হ’ব পৰা সংস্থাসমূহৰ সংখ্যাৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা হোৱা নাই।
ড° জন ব্ৰিটাছে ৰাজ্যসভাত উত্থাপন কৰা এটা অনষ্টাৰেড প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰিছে তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগনে।
****
Mahesh Kumar/ Vivek Vishwash/KB
(ৰিলিজ আই ডি : 2289036)
অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam