ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উত্তৰ মেচিডোনিয়াত ভাৰতৰ ৰাষ্ট্ৰপতি; উত্তৰ মেচিডোনিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ লগতে প্ৰতিনিধি দল পৰ্যায়ৰ আলোচনাৰ নেতৃত্ব দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে

অৰ্থনৈতিক সহযোগিতা ভাৰত-উত্তৰ মেচিডোনিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক অতি গুৰুত্বপূৰ্ণ স্তম্ভ : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

प्रविष्टि तिथि: 21 JUL 2026 4:32PM by PIB Guwahati

কালি সন্ধিয়া (২০ জুলাই, ২০২৬) মলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়ালৈ কৰা চৰকাৰী ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উত্তৰ মেচিডোনিয়াৰ স্কোপজেত উপস্থিত হয়। উত্তৰ মেচিডোনিয়ালৈ ভাৰতীয় ৰাষ্ট্ৰপতিয়ে কৰা এয়াই হৈছে  প্ৰথম ভ্ৰমণ।স্কোপজে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উত্তৰ মেচিডোনিয়াৰ বৈদেশিক পৰিক্ৰমা তথা বৈদেশিক বাণিজ্য মন্ত্ৰী টিমচো মুকুনস্কিয়ে তেওঁক উষ্ম আদৰণি জনায়। এই চৰকাৰী  ভ্ৰমণত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নিমুবেন জয়ন্তীভাই বাম্ভনিয়া,  সংসদ সদস্য ড° দীনেশ শৰ্মা আৰু শ্ৰী বিজয় বাঘেলো আছে।

আজি (২১ জুলাই, ২০২৬) ৰাষ্ট্ৰপতিয়ে উত্তৰ মেচিডোনিয়াৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱন আৰু কাৰ্যালয় ভিলা ভডনো ভ্ৰমণৰ জৰিয়তে তেওঁৰ কাৰ্যসূচী আৰম্ভ কৰে। তেওঁক  উষ্ম আদৰণি জনায়  উত্তৰ মেচিডোনিয়া ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম  ড° গৰ্ডানা চিলজানোভস্কা-ডাভকোভাই । ৰাষ্ট্ৰপতি মুৰ্মুক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় আৰু গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰা হয়। বৈঠক আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ সম্পূৰ্ণ পৰিসৰৰ বিষয়ে আলোচনা কৰে আৰু পাৰস্পৰিক স্বাৰ্থ জড়িত হৈ থকা  আঞ্চলিক তথা  বিশ্বজোৰা বিষয়সমূহৰ প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে ভাগ-বাটোৱাৰা  কৰা গণতান্ত্ৰিক মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি গভীৰ তথা  বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ কথা  পুনৰ দৃঢ় কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে  কয় যে অৰ্থনৈতিক সহযোগিতা ভাৰত-উত্তৰ মেচিডোনিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ স্তম্ভ। আই টি/আই টি ই এছ, কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ, ঔষধ, বস্ত্ৰশিল্প আৰু জৈৱ প্ৰযুক্তি, পৰ্যটন, আতিথ্য আৰু চলচ্চিত্ৰ নিৰ্মাণকে ধৰি মূল খণ্ডসমূহত সহযোগিতাৰ বিষয়ত তেওঁ  গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্ক সদায় দ্বিপাক্ষিক সম্পৰ্কৰ আটাইতকৈ শক্তিশালী স্তম্ভ হৈয়েই আছে। সৃষ্টিশীল উদ্যোগৰ ক্ষেত্ৰত সহযোগিতা  বৃদ্ধি সাংস্কৃতিক বিনিময়ৰ এক গুৰুত্বপূৰ্ণ দিশ বুলিও  তেওঁ আলোকপাত কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (আই এছ এ), ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চি ডি আৰ আই) আৰু গ্ল’বেল বায়’ফুৱেলছ এলায়েন্সৰ দৰে পদক্ষেপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিব বিচাৰে। এই পদক্ষেপসমূহত যোগদান কৰিবলৈ  উত্তৰ মেচিডোনিয়াই দেখুওৱা আগ্ৰহকো  তেওঁ আদৰণি জনায় আৰু কয় যে এই আন্তঃৰাষ্ট্ৰীয় পদক্ষেপসমূহত অংশগ্ৰহণেৰে উত্তৰ মেচিডোনিয়াই নবীকৰণযোগ্য শক্তি আৰু দুৰ্যোগ স্থিতিস্থাপকতাক প্ৰসাৰিত কৰিবলৈ বিশ্বজোৰা উত্তম পদ্ধতি তথা  কাৰিকৰী বিশেষজ্ঞতাৰ সহায় ল’ব পাৰিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰমকে ধৰি উত্তৰ মেচিডোনিয়াৰ বাবে ভাৰতীয় কাৰিকৰী তথা  অৰ্থনৈতিক সহযোগিতা (আই টি ই চি)ৰ প্ৰশিক্ষণৰ সংখ্যা দুগুণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ এই ভ্ৰমণে ভাৰত আৰু উত্তৰ মেচিডোনিয়াৰ বহুমুখী অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰি তুলিব আৰু আগন্তুক বছৰবোৰত ইয়াক নতুন উচ্চতালৈ লৈ যাব বুলি দুয়োগৰাকী নেতাই সহমত ব্যক্ত  কৰে।

 

North Macedonia Press Statement English in pdf

****

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2287633) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Telugu , Malayalam