ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰত-মলদোভা ব্যৱসায়িক মঞ্চত ভাষণ দিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ভাৰতে বাণিজ্য আৰু বিনিয়োগৰ বাবে মলদোভাৰ কোম্পানীসমূহক ব্যৱসায়ৰ সুন্দৰ সুযোগ আগবঢ়াইছে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

प्रविष्टि तिथि: 20 JUL 2026 7:07PM by PIB Guwahati

চিছিনাউত আজি (২০ জুলাই, ২০২৬) ভাৰত–মলদোভা ব্যৱসায়িক মঞ্চত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মলদোভাৰ ৰাষ্ট্ৰপতি মহামহিম মাইয়া চান্দুৰ সৈতে  অংশগ্ৰহণ কৰে আৰু ভাষণ দিয়ে।

উদ্বোধনী ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ১৯৯২ চনত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পিছৰে পৰা ভাৰত আৰু মলদোভাই উষ্ণ বন্ধুত্বপূৰ্ণ সম্পৰ্ক  বজাই ৰাখিছে ।দুয়োখন দেশৰ অংশীদাৰিত্ব পাৰস্পৰিক সন্মান, গণতান্ত্ৰিক মূল্যবোধ আৰু শান্তি, উন্নয়ন তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতি এক ভাগ-বাটোৱাৰা কৰা  দায়বদ্ধতাৰে পৰিচালিত বুলি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে দুয়োখন দেশে বিশ্বাস আৰু ভাগ-বাটোৱাৰা কৰা  সমৃদ্ধিৰ বাবে  অংশীদাৰিত্ব শক্তিশালী কৰিব বিচাৰিছে। উদ্যোগীকৰণ, ডিজিটেল ৰূপান্তৰ, উৎপাদনৰ উৎকৰ্ষতা আৰু যুৱ, দক্ষ কৰ্মশক্তিৰ দ্বাৰা পৰিচালিত ভাৰত দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম বুলি তেওঁ উল্লেখ কৰে। একে সময়তে মলদোভাৰ সংস্কাৰমুখী দৃষ্টিভংগী, কৌশলগত অৱস্থান, প্ৰতিভাৱান মানৱ মূলধন আৰু ইউৰোপীয় বজাৰৰ সৈতে ক্ৰমবৰ্ধমান সংহতিৰ কথাও তেওঁ উল্লেখ কৰে।  যিয়ে দেশখনক ভাৰতীয় ব্যৱসায়ৰ বাবে এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান কৰি তুলিছে বুলিও তেওঁ কয়। 

ৰাষ্ট্ৰপতিগৰাকীয়ে আঙুলিয়াই দিয়ে যে ডিজিটেল প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ-নিৰাপত্তা, ফিন-টেক, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, আন্তঃগাঁথনি উন্নয়ন, নবীকৰণযোগ্য শক্তি, উন্নত উৎপাদন, কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ, ঔষধ, জৈৱ প্ৰযুক্তি আৰু স্বাস্থ্যসেৱাৰ দৰে বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতাৰ অপৰিসীম সম্ভাৱনা আছে। সৌৰশক্তি, বেটাৰী সংৰক্ষণ, স্মাৰ্ট গ্ৰীড, সেউজ হাইড্ৰজেন আৰু অন্যান্য স্বচ্ছ প্ৰযুক্তিকে ধৰি নবীকৰণযোগ্য শক্তি খণ্ডত মলদোভাৰ উন্নয়নমূলক প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় কোম্পানীসমূহ আগ্ৰহী বুলিও তেওঁ  কয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে মলদোভাৰ কোম্পানীসমূহক বাণিজ্য তথা  বিনিয়োগৰ বাবে সুন্দৰ ব্যৱসায়িক সুযোগ প্ৰদান কৰিছে। তেওঁ কয় -আমি স্বচ্ছ, ভৱিষ্যদ্বাণীযোগ্য আৰু বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো। মলদোভাৰ ব্যৱসায়ীসকলক ভাৰতৰ সুযোগসমূহ অন্বেষণ কৰিবলৈ তেওঁ  আমন্ত্ৰণ জনায়। ভাৰতীয় ব্যৱসায়ীসকলকো মলদোভাত সুযোগ বিচাৰি উলিয়াবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়। তেওঁলোকৰ উদ্যোগ, দৃষ্টিভংগী আৰু দায়বদ্ধতাই স্থায়ী অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলাত সহায়ক হ’ব বুলিও  তেওঁ কয় । এই ব্যৱসায়িক মঞ্চত অনুষ্ঠিত  পাৰস্পৰিক বিনিময়ে ভাৰত আৰু মলদোভাৰ মাজত অৰ্থনৈতিক সহযোগিতাক নতুন উচ্চতালৈ লৈ গৈ নতুন অংশীদাৰিত্ব আৰু উদ্ভাৱনীমূলক সহযোগিতাৰ ভেটি স্থাপন কৰিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে।ব্যৱসায়িক মঞ্চৰ অনুষ্ঠানত কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ, তথ্য প্ৰযুক্তি, ঔষধ, স্বাস্থ্যসেৱা, নবীকৰণযোগ্য শক্তি, শিক্ষা, লজিষ্টিক আৰু ডিজিটেল প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডক প্ৰতিনিধিত্ব কৰা দুয়োখন দেশৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

Please click here to see the President' Speech-

 

***

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2286896) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Telugu , Malayalam