ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

মলদোভাত ভাৰতৰ ৰাষ্ট্ৰপতিঃ মলদোভাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ লগতে প্ৰতিনিধি দল পৰ্যায়ৰ আলোচনাৰ নেতৃত্ব দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

प्रविष्टि तिथि: 20 JUL 2026 4:28PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি পুৱা (২০ জুলাই, ২০২৬) মলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়ালৈ কৰা চৰকাৰী ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মলদোভাৰ চিচিনাউত উপস্থিত হয়। ভাৰতৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম মলদোভা ভ্ৰমণ।

এই  চৰকাৰী  ভ্ৰমণত ৰাষ্ট্ৰপতিৰ সৈতে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নিমুবেন জয়ন্তীভাই বাম্ভনিয়া, ৰাজ্যসভাৰ সাংসদ ড° দীনেশ শৰ্মা আৰু লোকসভাৰ সাংসদ শ্ৰী বিজয় বাঘেল আছে।

চিচিনাউ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰপতিগৰাকীক মলদোভা গণৰাজ্যৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মিহাই পপছ’ই উষ্ম আদৰণি জনায়। ইয়াৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ভৱন পৰিদৰ্শন কৰে, য’ত তেওঁক উষ্ম আদৰণি জনায় মলদোভা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম মাইয়া চাণ্ডুৱে। ভাৰতৰ ৰাষ্ট্ৰপতি মুৰ্মুক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় আৰু গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্বৰ সমগ্ৰ  পৰিক্ৰমাক  সামৰি উৎপাদনশীল তথা আগন্তুক দৃষ্টিভংগীৰ বিষয়কলৈ  আলোচনা কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় ৰাষ্ট্ৰপতিয়ে  মলদোভালৈ প্ৰথমবাৰৰ বাবে  কৰা চৰকাৰী  ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে আৰু ভাৰত তথা মলদোভাৰ মাজত ক্ৰমবৰ্ধমান বন্ধুত্ব তথা পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু মলদোভাই তিনি দশকৰো অধিক কাল ধৰি উষ্ণ তথা  বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে। যদিও ভৌগোলিকভাৱে দুয়োখন দেশৰ মাজত দূৰত্ব আছে   তথাপি ভাৰত-মলদোভাৰ অংশীদাৰিত্ব ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, শান্তি, উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতি ভাগ-বাটোৱাৰা কৰা দায়বদ্ধতাৰে দুয়োখন দেশ পৰিচালিত হৈছে।

অৰ্থনৈতিক সহযোগিতা আমাৰ অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈয়েই আছে বুলিও তেওঁ আঙুলিয়াই দিয়ে। তেওঁ অধিক বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰা, স্থিতিস্থাপক যোগান শৃংখল শক্তিশালী কৰা, সংযোগ উন্নত কৰা আৰু ব্যৱসায়িক সম্প্ৰদায়সমূহৰ মাজত ঘনিষ্ঠ সংযোগক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু অন্যান্য উদীয়মান প্ৰযুক্তিৰ বিশেষ পাঠ্যক্ৰমকে ধৰি মলদোভাৰ পেছাদাৰীসকলৰ বাবে আইটিইচিৰ প্ৰশিক্ষণ দুগুণ কৰিবলৈ  ভাৰতে গ্ৰহণ কৰা  সিদ্ধান্তৰ কথাও প্ৰকাশ কৰে। ভাৰতীয় বিদেশ সেৱা প্ৰতিষ্ঠানত এআই আৰু চাইবাৰ কূটনীতিৰ বিশেষ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ মলদোভাৰ  কূটনীতিবিদসকলক তেওঁ  আমন্ত্ৰণ জনায়।

কৃষি, লজিষ্টিক আৰু আন্তঃগাঁথনি, স্বাস্থ্যসেৱা আৰু ঔষধ, নবীকৰণযোগ্য শক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োগৰাকী নেত্ৰীয়ে সহমতত উপনীত হয়। তেওঁলোকে উমৈহতীয়া বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে একেলগে কাম কৰি যাবলৈ আৰু শান্তিপূৰ্ণ, সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বত অৰিহণা যোগাবলৈ সন্মত হয়।

দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে সংবাদ মাধ্যমৰ আগত বিবৃতি প্ৰকাশ কৰে।

(ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰেছ বিবৃতিৰ পাঠ  সংলগ্ন কৰা হৈছে)।

Please click here to see the President's Press Statement in English

 

***

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2286893) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Bengali-TR , Gujarati , Tamil , Malayalam