ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
সুবিধাজনক ডিজিটেল পৰিচয় সেৱাৰ সৈতে আধাৰ এপৰ ডাউনল’ড ৪০নিযুত অতিক্ৰম
প্ৰায় ৪৯ লাখ বাসিন্দাৰ মোবাইল নম্বৰ আপডেট; আধাৰ এপ ব্যৱহাৰ কৰি ১১.৬৫ লাখ ঠিকনা আপডেট
আধাৰ এপ ব্যৱহাৰ কৰি ১৯ মিলিয়নতকৈও অধিক বাৰ বায়’মেট্ৰিক লক/আনলক বাসিন্দাসকলৰ
प्रविष्टि तिथि:
18 JUL 2026 3:55PM by PIB Guwahati
সুবিধাজনক আৰু ডিজিটেল-প্ৰথম পৰিচয় সেৱাৰ ওপৰত বাসিন্দাসকলৰ বৰ্ধিত বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি আধাৰ এপটোৱে ৪ কোটি ডাউনল'ডৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে।
আধাৰ এপৰ বৰ্ধিত গ্ৰহণে ঘৰৰ পৰা ঠিকনা আপডেট, মোবাইল নম্বৰ আপডেট, ইমেইল আপডেট, বায়োমেট্রিক লক/আনলক আৰু ই-আধাৰ ডাউনলোডকে ধৰি আধাৰ সম্পৰ্কীয় সেৱাৰ এক বিস্তৃত পৰিসৰত প্ৰৱেশ কৰাৰ বাবে এটা-ষ্টপ ডিজিটেল প্লেটফৰ্ম হিচাপে ইয়াৰ উত্থান প্ৰতিফলিত কৰে।
আৰম্ভ হোৱাৰ পাছৰে পৰা, আধাৰ এপটোৱে ১১.৬৫ লাখ ঠিকনা আপডেটৰ সুবিধা প্ৰদান কৰিছে, যাৰ ফলত বাসিন্দাসকলে আধাৰ কেন্দ্ৰলৈ নোযোৱাকৈ সুবিধাজনকভাৱে তেওঁলোকৰ আধাৰৰ বিৱৰণ আপ টু ডেট কৰি ৰাখিব পাৰে। এই এপটোৱে প্ৰায় ৪৯ লাখ মোবাইল নম্বৰ আপডেট কৰাৰ সুবিধা প্ৰদান কৰিছে, যাৰ ফলত বাসিন্দাসকলে তেওঁলোকৰ আধাৰৰ সৈতে সংযুক্ত সঠিক যোগাযোগৰ তথ্য বজাই ৰখাত সহায় লাভ কৰিছে।
১ জুলাইত ইমেইল আপডেট সুবিধা আৰম্ভ হোৱাৰ পাছৰে পৰা আধাৰ এপৰ জৰিয়তে প্ৰায় ১২.৫ লাখ ইমেইল ঠিকনা যোগ বা আপডেট কৰা হৈছে, যাৰ ফলত বাসিন্দাসকল আৰু ইউ আই ডি এ আই-ৰ মাজত যোগাযোগ অধিক শক্তিশালী হৈছে। পূৰ্বতে ইয়াৰ বাবে ৭৫ টকা টকা দিব লগা হৈছিল যদিও আধাৰ এপত ২০২৬ চনৰ ৩১ ডিচেম্বৰলৈকে এই সুবিধা বিনামূলীয়া কৰা হৈছে।
এপটোৱে ইয়াৰ গোপনীয়তা আৰু সুৰক্ষাৰ বৈশিষ্ট্যসমূহ শক্তিশালীভাৱে গ্ৰহণ কৰা দেখা গৈছে। বাসিন্দাসকলে বায়ো’মেট্রিক লক/আনলক সুবিধা ১৯.১ মিলিয়নতকৈও অধিক (১.৯১কোটি) বাৰ ব্যৱহাৰ কৰিছে। এই বৈশিষ্টই আধাৰ নম্বৰ ধাৰকসকলক তেওঁলোকৰ ব্যক্তিগত তথ্যৰ ওপৰত অধিক নিয়ন্ত্ৰণৰ ক্ষমতা প্ৰদান কৰে আৰু যেতিয়াই প্ৰয়োজন হয় মাত্ৰ কেইটামান টেপৰ সৈতে এক অতিৰিক্ত সুৰক্ষা স্তৰ যোগ কৰি তেওঁলোকৰ বায়’মেট্ৰিক তাৎক্ষণিকভাৱে লক বা আনলক কৰাৰ অনুমতি দিয়ে।
আধাৰ এপটো আধাৰ নম্বৰ ধাৰকসকলক তেওঁলোকৰ পৰিচয় দেখুৱাবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু পৰীক্ষা কৰিবলৈ এক সুবিধাজনক আৰু গোপনীয়তা-প্ৰথম উপায় প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে আৰু ই বিকশিত ভাৰতৰ বাবে ডিজিটেল ইণ্ডিয়া মিছনৰ সৈতে সংগতি ৰাখি জীৱন ধাৰণৰ মান অধিক উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
****
Dharmendra Tewari / Kanishk Sharma / Vanshita Jaiswal/MK
(रिलीज़ आईडी: 2286124)
आगंतुक पटल : 9