ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত 'শৌশ্ৰুতম ২০২৬' উদ্বোধন কৰে
আচাৰ্য শুশ্ৰুতে দেখুৱাই যোৱা পথ অনুসৰণ কৰক আৰু চিকিৎসা নৈতিকতা তথা ৰোগীৰ প্ৰতি সহানুভূতিশীল সেৱাৰ প্ৰতি নিজৰ প্ৰতিবদ্ধতাত অবিচলিত থাকক: যুৱ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ প্ৰতি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
प्रविष्टि तिथि:
15 JUL 2026 2:25PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১৫ জুলাই, ২০২৬) সুশ্ৰূত জয়ন্তী উপলক্ষে নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব আয়ুৰ্বেদত 'শৌশ্ৰুতম ২০২৬' উদ্বোধন কৰে। এই উপলক্ষে তেওঁ AIIA-ৰ এম আৰ আই বিভাগটোও উদ্বোধন কৰে।

সমবেত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে শৈল্য চিকিৎসাৰ পিতৃ হিচাপে বহুলভাৱে পৰিচিত আচাৰ্য শুশ্ৰুতৰ পবিত্ৰ জন্ম জয়ন্তী উপলক্ষে আয়ুৰ্বেদৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে শতিকাজোৰা পূৰ্বে আচাৰ্য শুশ্ৰুতে যেতিয়া শৈল্য চিকিৎসাৰ চৰ্চা আৰম্ভ কৰিছিল, তেতিয়া সেয়া সেই সময়ৰ বাবে এক বিপ্লৱতকৈ কোনো গুণে কম নাছিল।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আচাৰ্য শুশ্ৰুত বহুতো জটিল আৰু অভিনৱ শৈল্য চিকিৎসা পদ্ধতিৰ পথপ্ৰদৰ্শক হিচাপে জনাজাত। তেওঁৰ সময়ত তেওঁ প্লাষ্টিক চাৰ্জাৰী, চকুৰ কেটাৰেক্ট (ছানি) অপাৰেচন, টিউমাৰৰ চিকিৎসা আৰু ই.এন.টি. (নাক-কাণ-ডিঙি) চাৰ্জাৰীৰ দৰে বিভিন্ন ক্ষেত্ৰত নতুন কৌশলৰ সূচনা কৰিছিল। তেওঁ ৰচনা কৰা ‘শুশ্ৰুত সংহিতা’ই কেৱল ভাৰতীয় উপ-মহাদেশকেই নহয়, সমগ্ৰ বিশ্বকে এক নতুন দিশ প্ৰদান কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমাৰ পৰম্পৰাৰ মাজত নিহিত থকা মানৱ কল্যাণকামী জ্ঞানক পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই আগুৱাই লৈ যোৱাটো সমাজৰ বাবে লাভদায়ক হ’ব। আয়ুৰ্বেদৰ সামগ্ৰিক জীৱন দৃষ্টি মানৱতাৰ বাবে এক আশীৰ্বাদ। এই প্ৰাচীন জ্ঞানে যাতে বৰ্তমান সময়তো প্ৰাসংগিক আৰু কাৰ্যকৰী হৈ থাকে, তাক আমি নিশ্চিত কৰা উচিত। তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰে এক নৱশক্তিৰে বিশ্ব দৰবাৰত আয়ুৰ্বেদ আৰু যোগক প্ৰতিষ্ঠা কৰিছে। চৰকাৰে সকলো বৈজ্ঞানিক মাপকাঠিত শৈল্য চিকিৎসাৰ এই প্ৰাচীন পৰম্পৰাক প্ৰমাণিত কৰাৰ বাবে প্ৰয়াস চলাই থকাটো দেখি তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে মানকীকৃত নথিপত্ৰীকৰণ, ডিজিটেল স্বাস্থ্য সংহতি আৰু আধুনিক বৈজ্ঞানিক গৱেষণা কৌশলৰ কাৰ্যকৰী ব্যৱহাৰে এই চিকিৎসা পদ্ধতিক সমগ্ৰ বিশ্বতে ব্যাপকভাৱে গ্ৰহণযোগ্য কৰি তোলাত সহায় কৰিব।

প্ৰেশাদাৰী যাত্ৰা আৰম্ভ কৰিবলৈ ওলোৱা যুৱ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক উদ্দেশ্যি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আয়ুৰ্বেদৰ ভৱিষ্যত তেওঁলোকৰ হাততে ন্যস্ত আছে। তেওঁ তেওঁলোকক কৌতুহল, সততা আৰু বৈজ্ঞানিক মানসিকতাৰে পৰিচালিত হৈ নিজৰ ক্ষেত্ৰখনত ব্যৱহাৰিক গৱেষণা আৰু উচ্চ-গুণগত মানৰ প্ৰমাণ প্ৰস্তুত কৰাৰ পথেৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে য’ত প্ৰয়োজন হয়, তাত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰিব নালাগে। তেওঁ তেওঁলোকক আচাৰ্য শুশ্ৰুতই দেখুৱাই যোৱা পথ অনুসৰণ কৰিবলৈ আৰু চিকিৎসা নৈতিকতা তথা ৰোগীৰ প্ৰতি সহানুভূতিশীল সেৱাৰ প্ৰতি নিজৰ প্ৰতিবদ্ধতাত অবিচলিত থাকিবলৈ আহ্বান জনায়।
ৰাষ্ট্ৰপতিগৰাকীয়ে দৃঢ় বিশ্বাস প্ৰকাশ কৰে যে 'সৌশ্ৰুতম ২০২৬'ৰ আলোচনাই নতুন জ্ঞানৰ সৃষ্টি কৰিব আৰু আয়ুৰ্বেদিক শৈল্য চিকিৎসাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক সুদৃঢ় কৰিব। তেওঁ কয় যে এনে অৰ্থপূৰ্ণ অনুষ্ঠানে সামগ্ৰিক স্বাস্থ্যসেৱা ব্যৱস্থালৈ আয়ুৰ্বেদৰ অৱদান বৃদ্ধি কৰাত সহায় কৰিব।
অল ইণ্ডিয়া ইনষ্টিটিউট অব আয়ুৰ্বেদ (AIIA)ৰ দ্বাৰা আয়োজিত এই তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত ভাৰত আৰু অন্যান্য দেশৰ বিশিষ্ট শৈল্য চিকিৎসক (অস্ত্ৰোপচাৰ বিশেষজ্ঞ), শিক্ষাবিদ আৰু গৱেষকসকল একত্ৰিত হ’ব।
ৰাষ্ট্ৰপতিৰ ভাষণটো চাবলৈ বা শুনিবলৈ ইয়াত ক্লিক কৰক -
***
MJPS/SS/PRK/RD
(रिलीज़ आईडी: 2285231)
आगंतुक पटल : 8