প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১৭ জুলাইত প্ৰধানমন্ত্ৰীৰ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ

প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব প্ৰায় ২৬,৮০০ কোটি টকাৰ প্ৰকল্পৰ

জিন্দত প্ৰায় ১৪,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

জিন্দ আৰু সোণেপটৰ মাজত ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে

এই ৰে’লখন বিশ্বৰ আটাইতকৈ দীঘল আৰু আটাইতকৈ শক্তিশালী হাইড্ৰ’জেন ৰে’লসমূহৰ অন্যতম

হাইড্ৰ’জেন ইন্ধনচালিত ৰে’লখনে কেৱল জলীয় ভাপ উপজাত সামগ্ৰী হিচাপে নিৰ্গত কৰি শূন্য কাৰ্বন নিৰ্গমন নিশ্চিত কৰিব

শিখ গুৰুসকলৰ উত্তৰাধিকাৰ আৰু শিখ ঐতিহ্যৰ প্ৰতি উৎসৰ্গিত কুৰুক্ষেত্ৰৰ শিখ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

চণ্ডীগড়ত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনি সামৰি ৬,৬০০ কোটিতকৈও অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গ কৰিব প্ৰধানমন্ত্ৰীয়ে

পিজিআইএমইআৰ, চণ্ডীগড়ত এডভান্সড মাদাৰ এণ্ড চাইল্ড চেণ্টাৰ আৰু এডভান্সড নিউৰ’চাইন্স চেন্টাৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ সম্পূৰ্ণ নিয়ন্ত্ৰিত প্ৰৱেশাধিকাৰযুক্ত পেকেজ-১ ৰ পৰা ৬লৈ দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গ কৰিব প্ৰধানমন্ত্ৰীয়ে

জলন্ধৰত ৫,৪৭০ কোটিতকৈও অধিক টকাৰ ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

২০খন ৰাজ্যত নব্য ৰূপত সজাই তোলা ৭৫খন অমৃত ভাৰত ৰে’ল ষ্টেচন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 15 JUL 2026 6:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জুলাইত হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে জিন্দ ৰে’ল ষ্টেচনত জিন্দ আৰু সোণেপটৰ মাজত ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ ফ্লেগ অফ কৰিব। প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত প্ৰায় ১৪,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমৱেত ৰাইজকো সম্বোধন কৰিব।

তাৰ পিছত প্ৰধানমন্ত্ৰী চণ্ডীগড়লৈ যাব, য’ত দুপৰীয়া প্ৰায় ১:৪৫ বজাত তেওঁ ৬,৬০০ কোটিতকৈও অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ তাতো সমৱেত ৰাইজক সম্বোধন কৰিব।

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে জলন্ধৰলৈ যাব, য’ত তেওঁ ৫,৪৭০ কোটিতকৈও অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।

জিন্দত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে জিন্দ আৰু সোণেপটৰ মাজত ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’লৰ যাত্ৰা আৰম্ভ কৰিব, যিটো ৰে’ল খণ্ডত স্বচ্চ আৰু বহনক্ষম যাতায়াত ব্যৱস্থা গ্ৰহণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰততে আৰ্হি প্ৰস্তুত, অভিযান্ত্ৰিক নিৰ্মাণ আৰু একত্ৰিত কৰা এই ৰে’লখন থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে, যিয়ে উন্নত ৰে’ল অভিযান্ত্ৰিক ক্ষেত্ৰত দেশৰ ক্ৰমবৰ্ধমান ক্ষমতা প্ৰতিফলিত কৰে। ইয়াৰ সূচনাৰে ভাৰতে কাৰ্যক্ষম হাইড্ৰ’জেন চালিত ৰে’ল থকা নিৰ্বাচিত দেশসমূহৰ গোটত যোগদান কৰিলে।

এই ৰে’লখন হাইড্ৰ’জেন ইন্ধন চেল প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত, যিয়ে হাইড্ৰ’জেনক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰি ৰে’লখন চলায়। এই প্ৰক্ৰিয়াত কেৱল উপজাত সামগ্ৰী হিচাপে জলীয় ভাপ উৎপন্ন হয়, যাৰ ফলত চলাচলৰ সময়ত শূন্য কাৰ্বন নিৰ্গমন হয়।

ডিজেল ৰে’লৰ তুলনাত এইবোৰে ধোঁৱা নিৰ্গমন নাইকিয়া কৰে, জীৱাশ্ম ইন্ধন আৰু ইয়াৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু যথেষ্ট কম শব্দৰে চলাচল কৰে। পৰম্পৰাগত বৈদ্যুতিক ৰে’লৰ বিপৰীতে ইয়াত নিৰন্তৰ বিদ্যুৎ সংযোগৰ বাবে অভাৰহেড বৈদ্যুতিক আন্তঃগাঁথনিৰ প্ৰয়োজন নহয়, কিয়নো হাইড্ৰ’জেন ইন্ধন চেলৰ জৰিয়তে ৰে’লখনৰ ভিতৰতে বিদ্যুৎ উৎপাদন হয়, যাৰ ফলত ই এক পৰিষ্কাৰ আৰু দক্ষ সমাধান হিচাপে পৰিগণিত হৈছে। সেউজ হাইড্ৰ’জেনৰ ব্যৱহাৰে জীৱাশ্ম ইন্ধন ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে, যিয়ে ভাৰতৰ বহনক্ষম পৰিবহণৰ দিশত যাত্ৰাক সমৰ্থন কৰে।

ভাৰতৰ হাইড্ৰ’জেন ৰে’লখনত ১০টা ডবা সংলগ্ন আছে, যাৰ ফলত ই এতিয়ালৈকে নিৰ্মাণ কৰা আটাইতকৈ দীঘল হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’লসমূহৰ অন্যতম হৈ পৰিছে। ই ৩,২০০ এইচপি  প্ৰপালচন ছিষ্টেমৰ দ্বাৰা পৰিচালিত, যাৰ ফলত ই বৰ্তমান কাৰ্যক্ষম হৈ থকা আটাইতকৈ শক্তিশালী হাইড্ৰ’জেন চালিত ৰে’ল ছেটসমূহৰ অন্যতম।

প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাত ১২,৪৭০ কোটিতকৈও অধিক টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৯,৬৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১৫৭.৯২ কিলোমিটাৰ দীঘল ফ’ৰলেনযুক্ত, সম্পূৰ্ণ নিয়ন্ত্ৰিত প্ৰৱেশাধিকাৰৰ দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে (পেকেজ-১ৰ পৰা ৫) দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। এই গ্ৰীণফিল্ড কৰিডৰটো ৬৬৭ কিলোমিটাৰ দীঘল দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ অংশ। এই এক্সপ্ৰেছৱেই দিল্লী আৰু কাটৰাৰ মাজৰ ভ্ৰমণৰ সময় প্ৰায় ১৪ ঘণ্টাৰ পৰা প্ৰায় ৬ ঘণ্টালৈ আৰু দিল্লী-অমৃতসৰৰ যাত্ৰা প্ৰায় ৮ ঘণ্টাৰ পৰা ৪ ঘণ্টালৈ হ্ৰাস কৰিব। এই প্ৰকল্পই ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (জিটি ৰোড) যান-জঁট বহু পৰিমাণে হ্ৰাস কৰিব, শ্ৰী মাতা বৈষ্ণো দেৱী দৰ্শন কৰিবলগীয়া তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ যাতায়াত বৃদ্ধি কৰাৰ লগতে এই কৰিডৰৰ কাষে কাষে ঔদ্যোগিক তথা লজিষ্টিক উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৭নং আৰু ৩৪৪নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ৩৩.৮১ কিলোমিটাৰ দীঘল ফ’ৰনেলযুক্ত, আংশিকভাৱে নিয়ন্ত্ৰিত প্ৰৱেশাধিকাৰৰ আম্বালা-কালা আম্ব ঘাইপথ দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। এই ঘাইপথে আম্বালা চহৰ অঞ্চল আৰু কালা আম্ব ঔদ্যোগিক অঞ্চলৰ মাজত সংযোগ সুদৃঢ় কৰিব, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ মাজৰ পথ যোগাযোগ উন্নত কৰিব, পাৰ্বত্য অঞ্চললৈ পৰ্যটকৰ যাতায়াত সহজ কৰিব আৰু কালা আম্ব অঞ্চলৰ উদ্যোগসমূহৰ লজিষ্টিক ব্যয় হ্ৰাস কৰিব।

উৎসৰ্গা কৰিবলগীয়া আন এক অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে ৩৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ৪০.৬0 কিলোমিটাৰ দীঘল জিন্দ-গোহানা গ্ৰীণফিল্ড ঘাইপথ। এই নতুন ঘাইপথটোৱে জিন্দ আৰু গোহানাৰ মাজৰ ভ্ৰমণৰ সময় প্ৰায় দুই ঘণ্টাৰ পৰা মাত্ৰ ৪০ মিনিটলৈ হ্ৰাস কৰিব, যাৰ ফলত দৈনিক যাত্ৰী, সামগ্ৰী পৰিবহণ আৰু কৃষিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ জিন্দ-গোহানা অঞ্চল লাভান্বিত হ’ব আৰু লগতে ৰোহতক, পানিপথ আৰু দিল্লী-এনচিআৰৰ সৈতে সংযোগ উন্নত হ’ব।

প্ৰধানমন্ত্ৰীয়ে ২৪.২৭ কিলোমিটাৰ দীঘল হান্সি-বৰৱালা ব্ৰাউনফিল্ড ঘাইপথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব, যিয়ে বৰ্তমানৰ পথছোৱাক পেভড শোল্ডাৰৰ সৈতে দ্বৈত/ফ’ৰনেললৈ উন্নীত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কুৰুক্ষেত্ৰত এলিভেটেড ৰে’ল ট্ৰেক দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব, যিটো চহৰখনৰ ৰে’ল ক্ৰচিঙৰ দীৰ্ঘদিনীয়া যান-জঁট দূৰ কৰিব পৰা এক প্ৰধান নগৰীয়া আন্তঃগাঁথনি প্ৰকল্প। এই প্ৰকল্পই সুষম যান-বাহন চলাচল নিশ্চিত কৰিব, পথ সুৰক্ষা উন্নত কৰিব আৰু ৰে’ল তথা পথ পৰিবহণ ব্যৱস্থা উভয়ৰে কাৰ্যক্ষমতা বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰতিষ্ঠান দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব-ভীৱানীত অৱস্থিত পণ্ডিত নেকী ৰাম শৰ্মা চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ণলৰ কোৰিয়াৱাছত অৱস্থিত মহৰ্ষি শ্বাৱন চিকিৎসা মহাবিদ্যালয় তথা ৰাও তুলা ৰাম হাস্পতাল। এই প্ৰতিষ্ঠানসমূহে হাৰিয়ানাত মানসম্পন্ন চিকিৎসা শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰিব, এমবিবিএছ আসনৰ সংখ্যা বৃদ্ধি কৰিব, বিশেষজ্ঞ স্বাস্থ্য পেচাদাৰীৰ উপলব্ধতা উন্নত কৰিব আৰু জনসাধাৰণক নিজৰ ঘৰৰ ওচৰতে উন্নত চিকিৎসা সেৱা লাভ কৰাত সহায় কৰিব, যাৰ ফলত ৰাজ্যখনৰ স্বাস্থ্যসেৱা খণ্ডটো অধিক শক্তিশালী হ’ব।

অঞ্চলটোৰ সাংস্কৃতিক আন্তঃগাঁথনিক অধিক সমৃদ্ধ কৰি প্ৰধানমন্ত্ৰীয়ে কুৰুক্ষেত্ৰত শিখ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰিব। সংগ্ৰহালয়টোত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি শিখ ধৰ্মৰ ইতিহাস, শিখ গুৰুসকলৰ বাণী, তেওঁলোকৰ সাহস, বলিদান আৰু ভাৰতৰ সভ্যতা-সংস্কৃতিলৈ শিখ সম্প্ৰদায়ৰ অমূল্য অৱদান প্ৰদৰ্শন কৰা হ’ব।

চণ্ডীগড়ত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনি সামৰি ৬,৬০০ কোটিতকৈও অধিক টকাৰ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ৰ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ (PGIMER)-ত ‘এডভান্সড মাদাৰ এণ্ড চাইল্ড চেণ্টাৰ’ আৰু ‘এডভান্সড নিউৰ’চাইন্স চেণ্টাৰ’ উদ্বোধন কৰিব।

এডভান্সড মাদাৰ এণ্ড চাইল্ড চেণ্টাৰটোক অতি জটিল গৰ্ভাৱস্থা, সংকটজনকভাৱে অসুস্থ নৱজাতক আৰু বিশেষ চিকিৎসাৰ প্ৰয়োজন হোৱা শিশুসকলৰ বাবে সৰ্বাংগীণ তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে। ৩০০ খন বিচনা আৰু অত্যাধুনিক চিকিৎসা সুবিধাৰে সুসজ্জিত এই কেন্দ্ৰটোৱে মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱা যথেষ্ট শক্তিশালী কৰিব আৰু অঞ্চলটোৰ হাজাৰ হাজাৰ পৰিয়ালক উপকৃত কৰিব।

উন্নত স্নায়ুবিজ্ঞান কেন্দ্ৰটোৱে নিউৰ’লজী, নিউৰ’চাৰ্জাৰী, নিউৰ’-ক্ৰিটিকেল কেয়াৰ আৰু উন্নত নিদানমূলক সুবিধা আদি সকলো সেৱা একেটা চৌহদতে প্ৰদান কৰিব। ই জটিল স্নায়ৱিক ৰোগত আক্ৰান্ত ৰোগীসকলক সময়মতে বিশ্বমানৰ চিকিৎসা প্ৰদান নিশ্চিত কৰাৰ লগতে স্নায়ুবিজ্ঞানৰ ক্ষেত্ৰত চিকিৎসা গৱেষণা, শিক্ষা আৰু প্ৰশিক্ষণ সুদৃঢ় কৰিব।

প্ৰধানমন্ত্ৰীয়ে পিজিআইএমইআৰ, চণ্ডীগড়ত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ (PM-ABHIM) অধীনত ১৫০খন বিচনাযুক্ত এটা অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ ব্লকৰো আধাৰশিলা স্থাপন কৰিব। এই সুবিধাই জৰুৰীকালীন প্ৰস্তুতি, নিবিড় পৰিচৰ্যা সেৱা আৰু দুৰ্যোগ সঁহাৰি ক্ষমতা যথেষ্ট বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰিব।

প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ৰ শিক্ষানুষ্ঠানসমূহৰ সৈতে জড়িত কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত পঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত কুৰুক্ষেত্ৰ ছাত্ৰাবাস আৰু মেছৰ উদ্বোধন, চেক্টৰ ৪৬ৰ চৰকাৰী মহাবিদ্যালয়ত হোষ্টেল ব্লকৰ উদ্বোধন আৰু পঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত গৱেষক ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই সুবিধাসমূহে শৈক্ষিক আন্তঃগাঁথনি শক্তিশালী কৰিব, ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাবে আৱাসিক সুবিধা উন্নত কৰিব আৰু উচ্চ শিক্ষাৰ বাবে এক উন্নত পৰিৱেশ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত সংযোগ ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰধান পথ আন্তঃগাঁথনি প্ৰকল্পসমূহ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ মোহালী জিলাৰ আইটি চিটিৰ পৰা কুৰালীলৈ নিৰ্মাণ কৰা ৬ লেনযুক্ত গ্ৰীণফিল্ড ঘাইপথ উদ্বোধন কৰিব, যিটো অঞ্চলটোৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প। এই ঘাইপথে মোহালী, খাৰাৰ আৰু কুৰালীৰ মাজৰ ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ লগতে পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ মাজত উন্নত সংযোগ স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৬ লেনযুক্ত জিৰাকপুৰ গ্ৰীণফিল্ড বাইপাছৰো আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই জিৰাকপুৰ-পঞ্চকুলা খণ্ডত ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ লগতে দৈনিক যাত্ৰীসকলক মসৃণ, দ্ৰুত আৰু সুৰক্ষিত যাত্ৰাৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। লগতে আম্বালা-চণ্ডীগড় গ্ৰীণফিল্ড ঘাইপথৰ (NH-205A) পিআৰ-৭ স্পাৰৰ আধাৰশিলা স্থাপন কৰা হ’ব, যিটো ১০.৩ কিলোমিটাৰ দীঘল গ্ৰীণফিল্ড কৰিডৰে দীৰ্ঘ দূৰত্বৰ যান-বাহনক জিৰাকপুৰ চহৰ অঞ্চল হৈ পোনে পোনে জিৰাকপুৰ বাইপাছৰ পৰা চণ্ডীগড় এৰ’চিটিৰ সৈতে সংযোগ কৰাত সহায় কৰিব।

জলন্ধৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে সংযোগ সুদৃঢ় কৰা, যাত্ৰীৰ সুবিধা উন্নত কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৫,৪৭০ কোটিতকৈও অধিক টকাৰ ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জলন্ধৰ কেণ্টকে ধৰি ৭৫টা নতুনকৈ সজাই তোলা ৰে’ল ষ্টেচন উদ্বোধন কৰিব। সমগ্ৰ ২০খন ৰাজ্যত ৭৫টা অমৃত ষ্টেচনৰ এই উদ্বোধন অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি, যিটো বিশ্বৰ সৰ্ববৃহৎ ষ্টেচন পুনৰ উন্নয়ন কাৰ্যসূচীসমূহৰ অন্যতম। প্ৰায় ১,৫৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ষ্টেচনসমূহক আধুনিক, যাত্ৰী অনুকূল সুবিধালৈ ৰূপান্তৰিত কৰা হৈছে। ‘ঐতিহ্যৰ লগতে, উন্নয়নো’ (Virasat Bhi, Vikas Bhi) মনোভাৱেৰে পুনৰ নিৰ্মাণ কৰা এই ষ্টেচনসমূহত স্থানীয় সংস্কৃতি, ঐতিহ্য আৰু স্থাপত্য প্ৰতিফলিত কৰা উপাদানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে নাংগল বান্ধ-তালৱাৰা-মুকেৰিয়ান নতুন ৰে’ল লাইন প্ৰকল্পৰ অংশ হিচাপে প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দৌলতপুৰ চ’ক-কাৰ্তোলী নতুন ৰে’ল পথটো উদ্বোধন কৰিব। ই পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ মাজত ৰে’ল সংযোগ যথেষ্ট শক্তিশালী কৰিব, যাৰ ফলত হোচিয়াৰপুৰ আৰু উনা জিলা লাভান্বিত হ’ব। এই নতুন ৰে’ল লাইনে শ্ৰী আনন্দপুৰ চাহেব আৰু মা চিন্তপূৰ্ণি মন্দিৰৰ দৰে গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থানসমূহলৈ যোগাযোগ প্ৰদান কৰিব, লগতে যাত্ৰীসকলক এক দ্ৰুত, সুৰক্ষিত আৰু অধিক নিৰ্ভৰযোগ্য পৰিবহণ মাধ্যম প্ৰদান কৰি দুৰ্গম অঞ্চলসমূহলৈ যাতায়াত সহজ কৰিব।

প্ৰধানমন্ত্ৰীয়ে কাৰ্তোলী-আম্বালা ৰে’ল সেৱাৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব, যিয়ে পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ মাজত যোগাযোগ উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে অমৃতসৰ (ছেহাৰটা)-বাৰাণসী ৰে’ল সেৱাৰো শুভাৰম্ভ কৰিব, যাৰ ফলত ভাৰতৰ দুটা অত্যন্ত পূজনীয় আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ মাজত পোনপটীয়া ৰে’ল সংযোগ স্থাপন হ’ব।

ৰাজ্যখনৰ পথ আন্তঃগাঁথনি অধিক শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে ৩,০৭০ কোটিতকৈও অধিক টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ফ’ৰনেলযুক্ত গ্ৰীণফিল্ড দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ ৩০.৯ কিলোমিটাৰ দীঘল পেকেজ-৬ উদ্বোধন কৰিব। এই খণ্ডটোৱে বিশেষকৈ গধুৰ বাহনসমূহৰ বাবে সহজ আৰু দ্ৰুত যাত্ৰাৰ সুবিধা প্ৰদান কৰিব, লগতে ইন্ধনৰ ব্যৱহাৰ আৰু বাহনৰ পৰিচালন ব্যয় হ্ৰাস কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৫.২ কিলোমিটাৰ দীঘল ৬ লেনযুক্ত গ্ৰীণফিল্ড ছাউদাৰ্ন লুধিয়ানা বাইপাছ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই লুধিয়ানা আৰু ভাতিণ্ডাৰ মাজৰ ভ্ৰমণৰ দূৰত্ব আৰু সময় হ্ৰাস কৰিব, লগতে অন্যান্য গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতেও সংযোগ উন্নত কৰিব।

***

MJPS/SS/VJ/DB


(रिलीज़ आईडी: 2285226) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada