ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ডিজিটেল ভাৰতৰ ১১ বছৰই: -ছাৰছ অনলাইন বজাৰ আৰু মেলাই ডিজিটেল বাণিজ্যৰ জৰিয়তে গ্ৰাম্য জীৱিকাক শক্তিশালী কৰিছে
৮.৯৯ কোটিতকৈ অধিক আত্ম সহায়ক গোটৰ সদস্যই ই-ছাৰছ পৰ্টেলত চিপছ, পাপড়, মৌ, হস্তশিল্প আদিৰ দৰে ১,৪০০+ সামগ্ৰী বিক্ৰী কৰি আহিছে
মহিলা উদ্যোগী আৰু কৃষি উৎপাদন সংগ্ৰহ তথা বিপণন এফপিঅ'ই নিজকে শক্তিশালী কৰিছে, নতুন আয়ৰ সুযোগ সৃষ্টি কৰিছে
২০২৯ চনৰ ভিতৰত ৬ কোটি লাখপতি দিদিৰ দৃষ্টিভংগীৰে ডিজিটেল ইণ্ডিয়াৰ ইছাৰছ পদক্ষেপে মহিলা আৰু গ্ৰাম্য উদ্যোগীসকলক দেশজুৰি সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম কৰি তুলিছে
प्रविष्टि तिथि:
11 JUL 2026 6:28PM by PIB Guwahati
ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীয়ে এঘাৰ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে ভাৰতে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সহায় লৈ বিভিন্ন খণ্ডৰ নাগৰিকসকলৰ বাবে অন্তৰ্ভুক্ত সুযোগৰ সৃষ্টি কৰি আহিছে। এই পৰিৱৰ্তনৰ এটা উল্লেখযোগ্য উদাহৰণ হ’ল ই-ছাৰছ। এয়া হৈছে চৰকাৰী সমৰ্থিত ডিজিটেল কমাৰ্চ প্লেটফৰ্ম , যিয়ে সমগ্ৰ দেশৰ গ্ৰাম্য উৎপাদকসকলক গ্ৰাহকৰ সৈতে সংযোগ কৰি আছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)ৰ অধীনত ডিজিটেল ইণ্ডিয়া কৰ্পৰেশ্যন (DIC)ৰ দ্বাৰা গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সহযোগত বিকশিত কৰা ই-ছাৰছ দীনদয়াল অন্ত্যোদয় যোজনা – ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM)ৰ অধীনত ৰূপায়ণ কৰা হৈছে। এই প্লেটফৰ্মে আত্মসহায়ক গোট (এছ এইচ জি), মহিলা উদ্যোগী, উৎপাদক গোট আৰু কৃষক উৎপাদক সংস্থা (এফ পি অ’)ক বিশ্বাসযোগ্য ডিজিটেল বজাৰৰ জৰিয়তে নিজৰ সামগ্ৰীৰ বজাৰ সৃষ্টি কৰিবলৈ সক্ষম কৰি তুলিছে, যাৰ ফলত বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি হোৱাৰ লগতে অন্তৰ্ভুক্ত ডিজিটেল বৃদ্ধিৰ দৃষ্টিভংগীকো আগুৱাই নিব পৰা গৈছে।
eSaras is the official e-commerce platform of the Ministry of Rural Development under the Deendayal Antyodaya Yojana–National Rural Livelihoods Mission (DAY-NRLM).
It connects rural women-led Self-Help Group (SHG) enterprises with customers across India, offering authentic… pic.twitter.com/k9NpCxTVGZ
— Ministry of Rural Development, Government of India (@MoRD_GoI) July 6, 2026
তৃণমূল পৰ্যায়ত পৰিমাপযোগ্য প্ৰভাৱ
ইছাৰছে ডে –এনআৰএলএম (DAY-NRLM) ৰ অধীনত গ্ৰাম্য উদ্যোগীকৰণক সহায় কৰা এক গুৰুত্বপূৰ্ণ ডিজিটেল বাণিজ্য মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি এই কাৰ্যসূচীয়ে ৮.৯৯ কোটিৰো অধিক পঞ্জীয়নভুক্ত আত্ম সহায়ক গোটৰ সদস্যাক সামৰি লৈছে, যাৰ ফলত বিশ্বৰ অন্যতম বৃহৎ মহিলা নেতৃত্বাধীন জীৱিকা পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হৈছে। প্লেটফৰ্মত ১,৪০০ৰো অধিক সামগ্ৰীৰ বৈশিষ্ট্য সন্নিবিষ্ট হৈ আছে, আনহাতে ৮০০+ ক্ৰেতাই অ’এনডিচি-সক্ষম ক্ৰেতা এপ্লিকেচনৰ জৰিয়তে এছএইচজি সামগ্ৰী লাভ কৰি আহিছে । গ্ৰাম্য উদ্যোগসমূহৰ প্ৰচাৰৰ বাবে বছৰি ৫০খনতকৈ অধিক ছাৰছ মেলাৰ আয়োজন কৰা হৈছে আৰু আত্ম সহায়ক গোটৰ সামগ্ৰীসমূহ অ'এনডিচিৰ সৈতে সংযুক্ত কৰি ১১+ ক্ৰেতা এপ্লিকেচনৰ জৰিয়তে উপলব্ধ কৰোৱা হৈছে। এনে পদক্ষেপে বজাৰৰ দৃশ্যমানতা আৰু বিক্ৰীৰ সুযোগ যথেষ্ট বৃদ্ধি কৰিছে। জীৱিকাৰ প্ৰসাৰৰ সৈতে ডিজিটেল প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাই ইছাৰছে গ্ৰাম্য মহিলা উদ্যোগীসকলক ঘৰুৱা আয় শক্তিশালী কৰাত, পৰম্পৰাগত দক্ষতা বৃদ্ধি তথা সংৰক্ষণ কৰাত আৰু সৰ্বাংগীন তথা স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগোৱাত সহায় কৰিছে।
গ্ৰাম্য মহিলাৰ বাবে ডিজিটেল বাণিজ্য
মহিলা নেতৃত্বাধীন আত্মসহায়ক গোটসমূহে ডে-এনআৰএলএমৰ অধীনত গ্ৰাম্য অৰ্থনৈতিক উন্নয়নৰ এক মূল স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। এটা এণ্ড-টু-এণ্ড ডিজিটেল কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে ই-ছাৰছে এই পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিছে, আত্ম সহায়ক গোটসমূহক স্বতন্ত্ৰভাৱে সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰিবলৈ সক্ষম কৰি কৰি তুলিছে । ই বিশ্বাসযোগ্য লোকঅ’এছ পৰিৱেশ তন্ত্ৰ, অনলাইন প্ৰডাক্ট কেটেলগ, ইনভেণ্টৰী ব্যৱস্থাপনা, সুৰক্ষিত ডিজিটেল পেমেণ্ট, সংহত লজিষ্টিক, অৰ্ডাৰ ব্যৱস্থাপনা আৰু ভাষিনীৰ জৰিয়তে বহুভাষিক প্ৰৱেশৰ জৰিয়তে ডিজিটেল অনবৰ্ডিঙৰ সুবিধা প্ৰদান কৰিছে। মধ্যস্থতাকাৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি আৰু ৰাষ্ট্ৰীয় বজাৰত প্ৰত্যক্ষ প্ৰৱেশ সক্ষম কৰি এই মঞ্চই গ্ৰাম্য মহিলাসকলক আয় উন্নত কৰাত, উদ্যোগ গঢ়ি তোলাত আৰু ডিজিটেল অৰ্থনীতিত অধিক ফলপ্ৰসূভাৱে অংশগ্ৰহণ কৰাত সহায় কৰিছে। এই মঞ্চই পৰীক্ষিত গ্ৰাম্য মহিলা উদ্যোগীসকলক ৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিবলৈও সক্ষম কৰি তুলিছে, যিয়ে ২০২৯ চনৰ ভিতৰত ৬ কোটি লাখপতি দিদি সৃষ্টিৰ চৰকাৰৰ দৃষ্টিভংগীক সমৰ্থন কৰিছে।
SARAS is a unique initiative by the Ministry of Rural Development to provide a marketing platform for the handcrafted products of the rural women artisans of self-help groups, ensuring a sustainable source of income for them and making them self-reliant.
This encompasses the… pic.twitter.com/DIDuARIm7p
— Ministry of Rural Development, Government of India (@MoRD_GoI) May 31, 2025
কৃষিৰ বাহিৰেও গ্ৰাম্য জীৱিকা শক্তিশালী কৰা
লাখ লাখ গ্ৰাম্য পৰিয়ালৰ বাবে কৃষি আয়ৰ প্ৰধান উৎস হৈয়েই আছে যদিও এইক্ষেত্ৰত উপাৰ্জন প্ৰায়ে ঋতুভিত্তিক হৈ আছে। ইছাৰছে আত্ম সহায়ক গোট আৰু গ্ৰাম্য উৎপাদক গোটসমূহক সমগ্ৰ বছৰটো ৰাজহ আহৰণ কৰিবলৈ সক্ষম কৰি তুলি আয়ৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰাত সহায় কৰিছে । এই প্লেটফৰ্মে খাদ্য প্ৰক্ৰিয়াকৰণ, পামভিত্তিক উদ্যোগ, হস্তশিল্প, হস্ততাঁত, মৌ, দুগ্ধজাত সামগ্ৰী, বনৌষধিজাত সামগ্ৰী, ব্যক্তিগত যত্ন গ্ৰহণত ব্যৱহৃত সামগ্ৰী আৰু ঘৰ সজ্জাকে ধৰি বহু জীৱিকাৰ কাৰ্য্যকলাপৰ বিষয়ে প্ৰচাৰ কৰে। ইয়াৰ ফলত গ্ৰাম্য পৰিয়ালসমূহৰ বাবে অতিৰিক্ত আৰু বহনক্ষম আয়ৰ সুযোগ সৃষ্টি হয়, বিশেষকৈ খেতি নচপোৱাৰ বতৰত, যাৰ ফলত ঋতুভিত্তিক কৃষি উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়।
উন্নত লাভৰ বাবে মূল্য সংযোজনক উৎসাহিত কৰা
বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ উপৰিও ই-ছাৰছে গ্ৰাম্য উদ্যোগীসকলক বজাৰলৈ অনাৰ পূৰ্বে তেওঁলোকৰ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিবলৈ উৎসাহিত কৰি আহিছে। কৃষিজাত সামগ্ৰীসমূহ প্ৰক্ৰিয়াকৰণ আৰু পেকেজিং কৰি অধিক মূল্যৰ সামগ্ৰী যেনে চিপছ, পাপড়, আচাৰ, জাম, স্কোৱাছ, মিঠাই, পেকেট কৰা মছলা, প্ৰচেছড দাইল আৰু বটলত ভৰোৱা মৌ পেকেজিং কৰাত সহায় হৈছে। উদাহৰণস্বৰূপে, কেঁচা আলু বা ফলমূল বিক্ৰী কৰাৰ পৰিৱৰ্তে উৎপাদক গোটসমূহে ইয়াক উন্নত শেল্ফ লাইফ আৰু ব্ৰেণ্ডিঙৰ সৈতে পেকেটত ভৰোৱা খাদ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰা হৈছে। এনে মূল্য সংযোজনে পণ্যৰ মান বৃদ্ধি কৰিছে, বজাৰযোগ্যতা উন্নত কৰিছে আৰু গ্ৰাম্য উৎপাদকসকলক একেটা কৃষি উৎপাদনৰ পৰা অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম কৰি তুলিছে।
ডিজিটেল উদ্যোগীকৰণৰ বাবে সামৰ্থ্য বিকাশ
ডিজিটেল বাণিজ্যৰ সফলতা কেৱল প্ৰযুক্তিৰ ওপৰতেই নহয়, গ্ৰাম্য উদ্যোগীসকলৰ সামৰ্থ্য গঢ়ি তোলাৰ ওপৰতো নিৰ্ভৰশীল। ডে -এনআৰএলএমৰ অধীনত আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে ডিজিটেল অনবৰ্ডিং, প্ৰডাক্ট লিষ্টিং, ব্ৰেণ্ডিং, পেকেজিং, প্ৰডাক্ট ফটোগ্ৰাফী, ডিজিটেল মাৰ্কেটিং, ইনভেণ্টৰী মেনেজমেণ্ট, অৰ্ডাৰ প্ৰচেছিং, গ্ৰাহক সেৱা, বিত্তীয় সাক্ষৰতা আৰু লজিষ্টিক মেনেজমেণ্টৰ প্ৰশিক্ষণ লাভ কৰে। এই সামৰ্থ্য বিকাশৰ পদক্ষেপসমূহে গ্ৰাম্য মহিলাসকলক অনলাইন ব্যৱসায়সমূহ স্বতন্ত্ৰভাৱে পৰিচালনা কৰিবলৈ আৰু বহল বজাৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰে। ডিজিটেল আন্তঃগাঁথনিৰ সৈতে প্ৰশিক্ষণৰ সংমিশ্ৰণেৰে ই-ছাৰছে মহিলা উদ্যোগীসকলক ভাৰতৰ সম্প্ৰসাৰিত ডিজিটেল অৰ্থনীতিৰ সক্ৰিয় অংশগ্ৰহণকাৰী হ’বলৈ সক্ষম কৰি তুলিছে।
বৈচিত্ৰ্যময় গ্ৰাম্য সামগ্ৰীক সমৰ্থন কৰা
ই-ছাৰছে ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ বৈচিত্ৰ্য প্ৰতিফলিত কৰা সামগ্ৰী প্ৰদৰ্শন কৰে। জনপ্ৰিয় সামগ্ৰীৰ শিতানসমূহৰ ভিতৰত আছে আচাৰ, পাপড়, মৌ, মছলা, বাজৰা ভিত্তিক খাদ্য সামগ্ৰী, বাঁহ আৰু বেতৰ শিল্প, কাঠৰ হস্তশিল্প, টেৰাকোটা সামগ্ৰী, হস্ততাঁত শাৰী, চাদৰ, কপাহী কাপোৰ, ঘৰ সজ্জাৰ সামগ্ৰী, বনৌষধি চাবোন, আৱশ্যকীয় তেল, দুগ্ধজাত সামগ্ৰী, ঘিউ আৰু উলৰ সামগ্ৰী আদি । এই মঞ্চই আত্ম সহায়ক গোটসমূহৰ পশুপালন আৰু সংশ্লিষ্ট জীৱিকা কাৰ্য্যকলাপৰ সৈতে জড়িত সামগ্ৰীসমূহো প্ৰচাৰ কৰে, যাৰ ফলত গ্ৰাম্য অৰ্থনীতিৰ একাধিক খণ্ডত বজাৰৰ সুযোগ সৃষ্টি হয়।
প্ৰযুক্তিয়ে অন্তৰ্ভুক্ত বৃদ্ধিৰ সূচনা কৰিছে
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ নীতিৰ ওপৰত নিৰ্মিত ই-ছাৰছে ইউএমএংগ, সুৰক্ষিত ডিজিটেল পেমেণ্ট চিষ্টেম, লজিষ্টিক অংশীদাৰ আৰু এপিআই-ভিত্তিক ডিজিটেল পৰীক্ষণ সেৱাৰ সৈতে একত্ৰিত কৰে। লোকঅ’এছ( LokOS) ৰ জৰিয়তে ডিজিটেল বিক্ৰেতা পৰীক্ষণে বিশ্বাস শক্তিশালী কৰে, আনহাতে ভাষিনীৰ দ্বাৰা চালিত বহুভাষিক সেৱাসমূহে বিভিন্ন অঞ্চলৰ ব্যৱহাৰকাৰীসকলৰ বাবে অভিগম্যতা উন্নত কৰিছে। প্লেটফৰ্মটোৱে টেক্সট-টু-স্পিচ সমৰ্থন, নিয়ন্ত্ৰণযোগ্য টেক্সট আকাৰ আৰু দৃশ্যমান অভিগম্যতা বিকল্পৰ দৰে অভিগম্যতা বৈশিষ্ট্যও প্ৰদান কৰে, যাৰ ফলত ডিজিটেল বাণিজ্যক বিশেষভাৱে সক্ষম ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন অভিগম্যতাৰ প্ৰয়োজনীয়তা থকা ব্যৱহাৰকাৰীসকলৰ বাবে অধিক অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰযুক্তি-চালিত বৈশিষ্ট্যসমূহে দেশজুৰি গ্ৰাম্য উৎপাদকসকলক গ্ৰাহকৰ সৈতে সংযোগ কৰা এক স্বচ্ছ, সুৰক্ষিত আৰু নাগৰিক-বন্ধুত্বপূৰ্ণ ডিজিটেল বজাৰ নিশ্চিত কৰিছে।
হিতাধিকাৰীৰ কাহিনী: সমগ্ৰ ভাৰতৰ গ্ৰাহকৰ ওচৰলৈ খুৰজা মৃৎশিল্পক লৈ যোৱা ফালাক আত্ম সহায়ক গোট
ডিজিটেল বাণিজ্যৰ জৰিয়তে বজাৰ সম্প্ৰসাৰণ কৰাৰ লগতে পৰম্পৰাগত জি আই টেগ কৰা খুৰজা মৃৎশিল্প সংৰক্ষণ কৰি থকা উত্তৰ প্ৰদেশৰ খুৰজাৰ ফালাক আত্মসহায়ক গোটৰ সফলতাত ই-ছাৰছৰ প্ৰভাৱ প্ৰতিফলিত হৈছে। ইয়াৰ পূৰ্বে গোটটোৰ হস্তনিৰ্মিত মৃৎশিল্পসমূহ মূলতঃ স্থানীয় বজাৰ, প্ৰদৰ্শনী আৰু আঞ্চলিক মেলাত বিক্ৰী কৰা হৈছিল, যাৰ ফলত ইয়াৰ বজাৰত প্ৰৱেশ সীমিত হৈ পৰিছিল।
ই-ছাৰছত যোগদান কৰাৰ পিছত ফালাক আত্ম সহায়ক গোটে বিগত চাৰে তিনি বছৰ ধৰি সমগ্ৰ ভাৰতৰ গ্ৰাহকক নিজৰ হাতেৰে নিৰ্মিত মৃৎশিল্পৰ সামগ্ৰীসমূহ সফলতাৰে বিক্ৰী কৰি আহিছে। এই প্লেটফৰ্মে গোটটোক ভৌগোলিক সীমাৰ বাহিৰলৈ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম কৰিছে, আনহাতে নিৰ্ভৰযোগ্য লজিষ্টিক সমৰ্থনে হাতেৰে নিৰ্মিত সহজে ভাঙি যোৱা সামগ্ৰীৰ নিৰাপদ যোগান নিশ্চিত কৰাত সহায় কৰিছে। এই পদক্ষেপে গোটটোৰ জীৱিকাৰ সুযোগ শক্তিশালী কৰিছে, খুৰজা মৃৎশিল্পৰ দৃশ্যমানতা বৃদ্ধি কৰিছে আৰু ভাৰতৰ পৰম্পৰাগত শিল্পকলা সংৰক্ষণৰ সমান্তৰালকৈ ডিজিটেল বাণিজ্যই গ্ৰাম্য মহিলা উদ্যোগীসকলক কেনেদৰে সৱল কৰি তুলিব পাৰে, সেয়া প্ৰদৰ্শন কৰিছে।
সমগ্ৰ ভাৰতত বজাৰত প্ৰৱেশৰ সুবিধাৰ সম্প্ৰসাৰণ
আৰম্ভণিৰ পৰাই ই-ছাৰছে গ্ৰাম্য উৎপাদকসকলৰ বজাৰত প্ৰৱেশৰ উন্নতিৰ বাবে নিজৰ ডিজিটেল পৰিৱেশ তন্ত্ৰক নিৰন্তৰভাৱে শক্তিশালী কৰি আহিছে। ৱেব পৰ্টেলটো ২০২২ চনৰ ২৮ অক্টোবৰত মুকলি কৰা হয়, তাৰ পিছত ২০২৩ চনৰ ২৮ জুনত এণ্ড্ৰইড মোবাইল এপ্লিকেচনটো মুকলি কৰা হয়।পৰৱৰ্তী সময়ত ডিজিটেল কমাৰ্চৰ বাবে মুক্ত নেটৱৰ্ক (ONDC), লজিষ্টিক অংশীদাৰ, সুৰক্ষিত পেমেণ্ট গেটৱে, পাৱাৰ বিআই ভিত্তিক বিশ্লেষণ, ডিজিটেল বিক্ৰেতা পৰীক্ষণ আৰু উমংগৰ সৈতে সংহতিৰ ফলত প্লেটফৰ্মৰ প্ৰসাৰতা বৃদ্ধি পাইছে আৰু কাৰ্য্যকৰী দক্ষতা উন্নত হৈছে।
হস্তশিল্প, বস্ত্ৰশিল্প, প্ৰচেছড খাদ্য আৰু অন্যান্য গ্ৰাম্য সামগ্ৰী উৎপাদন কৰা মহিলা নেতৃত্বাধীন আত্ম সহায়ক গোটসমূহে এতিয়া সমগ্ৰ ভাৰততে গ্ৰাহক লাভ কৰিবলৈ সক্ষম হৈছে, পৰম্পৰাগত মেলা আৰু প্ৰদৰ্শনীৰ বাহিৰলৈ গৈ বছৰজুৰি ডিজিটেল বাণিজ্যলৈ অগ্ৰসৰ হ’ব পাৰিছে।
অধিক তথ্যৰ বাবে চাওক https://www.esaras.in/
****
Dharmendra Tewari / Dr. Nayan Solanki / Kanishk Sharma / Vanshita Jaiswal/DM
(रिलीज़ आईडी: 2284080)
आगंतुक पटल : 10