প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাটাৰৰ ফাদাৰ আমিৰ মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
12 JUL 2026 3:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ ফাদাৰ আমিৰ মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক কাটাৰক উন্নয়ন আৰু সমৃদ্ধিৰ দিশে আগুৱাই নিয়া এজন দূৰদৰ্শী নেতা বুলি অভিহিত কৰে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত কাটাৰ ভ্ৰমণৰ সময়ত তেওঁক লগ পোৱাৰ সৌভাগ্য লাভ কৰা এজন প্ৰকৃত বন্ধু হিচাপেও শ্ৰী মোদীয়ে তেওঁক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কাটাৰৰ আমিৰ, মহামহিম শ্বেখ তামিম বিন হামাদ আল থানী, সমগ্ৰ ৰাজপৰিয়াল আৰু কাটাৰৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে;
'কাটাৰৰ ফাদাৰ আমিৰ মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো। কাটাৰক উন্নয়ন আৰু সমৃদ্ধিৰ এক নতুন শিখৰলৈ লৈ যোৱা এজন দূৰদৰ্শী নেতা, আমি তেওঁক এজন প্ৰকৃত বন্ধু হিচাপেও স্মৰণ কৰিছো, যাক ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত শেষবাৰৰ বাবে কাটাৰ ভ্ৰমণৰ সময়ত লগ পোৱাৰ সৌভাগ্য হৈছিল। কাটাৰৰ আমিৰ, মহামহিম তামিম বিন হামাদ আল থানী, সমগ্ৰ ৰাজপৰিয়াল আৰু কাটাৰৰ জনসাধাৰৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।
@TamimBinHamad”
***************
MJPS/SS/ST/KD
(रिलीज़ आईडी: 2283903)
आगंतुक पटल : 14