ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উন্মোচন কৰিলে ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ ট্ৰফী
प्रविष्टि तिथि:
07 JUL 2026 2:09PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (৭ জুলাই, ২০২৬) ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ডুৰাণ্ড কাপ প্ৰতিযোগিতা ২০২৬-ৰ ট্ৰফীসমূহ উন্মোচন কৰে আৰু ফ্লেগ অফ কৰি যাত্ৰাৰ শুভাৰম্ভ কৰে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে ডুৰাণ্ড কাপৰ সৈতে জড়িত সকলো প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়া তথা খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে আৰু কয় যে এই প্ৰতিযোগিতাখনে বহুতো প্ৰতিভাশালী ফুটবলাৰক এখন মঞ্চ প্ৰদান কৰি আহিছে।
ৰাষ্ট্ৰপতিয়ে সন্তোষ প্ৰকাশ কৰি উল্লেখ কৰে যে এইবাৰ ডুৰাণ্ড কাপ, প্ৰেচিডেন্টছ কাপ আৰু ছিমলা ট্ৰফীৰ বাবে শ্ৰীলংকাৰ এটা দলকে ধৰি কিছুমান নতুন দলে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। তেওঁ দৃঢ় বিশ্বাস প্ৰকাশ কৰে যে নতুন দলসমূহৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাখনক অধিক জনপ্ৰিয় কৰি তুলিব। তেওঁ অংশগ্ৰহণকাৰী সকলো দল আৰু খেলুৱৈক সুন্দৰ প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ৰাষ্ট্ৰপতিয়ে কয় যে ফুটবল হৈছে বিশ্বৰ আটাইতকেই জনপ্ৰিয় খেলসমূহৰ ভিতৰত অন্যতম। এয়া উৎকৃষ্টতা, একতা আৰু ক্ৰীড়াসুলভ মনোভাৱৰ এক অনন্য উদাহৰণ। তেওঁ কয় যে চলি থকা ফিফা বিশ্বকাপত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দল আৰু খেলুৱৈসকলে নিজ নিজ দেশৰ ফুটবলৰ মৰ্যাদা বৃদ্ধি কৰিবলৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। এই দল আৰু খেলুৱৈসকলৰ সমগ্ৰ বিশ্বতে অনুৰাগী আছে, যিসকলে তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনক প্ৰশংসা কৰে। ফুটবলে মানুহক একত্ৰিত কৰে আৰু খেলুৱৈসকলৰ অসাধাৰণ প্ৰদৰ্শনে সকলোতে ক্ৰীড়াপ্ৰেমীসকলক অনুপ্ৰাণিত কৰে।
ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে বিশ্ব ফুটবলৰ মঞ্চত নিজৰ স্থিতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাৰতৰ এতিয়াও এক দীঘলীয়া যাত্ৰা বাকী আছে। তেওঁ আশা প্ৰকাশ কৰে যে এই প্ৰতিযোগিতাখনে ফুটবল প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ৰাষ্ট্ৰপতিয়ে কয় যে ক্ৰীড়াসুলভ মনোভাৱৰ গুৰুত্ব কেৱল খেলপথাৰতে সীমাবদ্ধ নহয়। ই আমাক সমতা, সহযোগিতা আৰু প্ৰতিকূল পৰিস্থিতিতো অটল হৈ থকাৰ মূল্যবোধ শিকায়। আমি ২০৪৭ চনৰ ভিতৰত আমাৰ দেশক ‘বিকশিত ভাৰত’লৈ ৰূপান্তৰিত কৰাৰ দিশত আগবাঢ়িছোঁ। তেওঁ দৃঢ় বিশ্বাস প্ৰকাশ কৰে যে ফুটবল খেলুৱৈসকলে নিজৰ দলৰ বিজয় যাত্ৰাত ইজনে সিজনক সহায় কৰাৰ দৰেই, দেশৰ নাগৰিক হিচাপে আমিও একতাৰে থিয় দি ‘বিকশিত ভাৰত’ৰ লক্ষ্য অৰ্জন কৰাত সফল হ’ম।
ৰাষ্ট্ৰপতিৰ ভাষণ চাবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক
***
MJPS/SS/PRK/RD
(रिलीज़ आईडी: 2282925)
आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam