প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
प्रविष्टि तिथि:
07 JUL 2026 11:47PM by PIB Guwahati
মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো,
মোৰ মৰমৰ বন্ধুসকল,
ভাই-ভনীসকল,
চেলামত মালাম!
নমস্কাৰ!
ভানাক্কম!
সত শ্ৰী আকল!
জয় ঝুলে লাল!
কেম-চো? (কেনে আছে?)
আজি ফুটবলৰ জ্বৰত আক্ৰান্ত পৃথিৱী। ইণ্ডোনেছিয়াতো ফুটবলৰ প্ৰতি থকা আকৰ্ষণ সঁচাকৈয়ে অসাধাৰণ। আপোনালোক সকলোৱে সেই একেই শক্তি আৰু উৎসাহেই আজি ইয়ালৈ কঢ়িয়াই আনিছে।
আন এক উল্লেখযোগ্য কাকতালীয় ঘটনা আছে, যিটো হয়তো আপোনালোকৰ মাজৰে কিছুৱে লক্ষ্য কৰিছে, কিন্তু তথাপিও মই উল্লেখ কৰিব বিচাৰিছো। প্ৰতিবাৰেই যেতিয়া মই ইণ্ডোনেছিয়া ভ্ৰমণ কৰিছো, তেতিয়া ফিফা বিশ্বকাপ পূৰ্ণ গতিত চলি আহিছে। প্ৰথমবাৰৰ বাবে ২০১৮ চনত আমি জাকাৰ্টাত গোট খাইছিলো। ২০২২ চনত বালিত আমি আকৌ লগ পাইছিলো।এতিয়া ২০২৬ চনত আমি আকৌ এবাৰ জাকাৰ্টাত লগ হৈছো। তিনিওটা অনুষ্ঠানতে ইণ্ডোনেছিয়াৰ ফুটবলৰ উত্তেজনা আৰু আবেগ প্ৰতিফলিত হৈ আহিছে।
বন্ধুসকল,
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!
এনে এক সুন্দৰ অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে। আপোনালোক এক সজীৱ ভাৰতৰ জীৱন্ত প্ৰতীক । আজি ইয়াত ইমানবোৰ মানুহ গোট খোৱা দেখি সঁচাকৈয়ে উৎসাহিত হৈ পৰিছো। বন্ধুসকল, এইবাৰ মই ইয়ালৈ অকলে অহা নাই। আজি মোৰ লগত যোগদান কৰিছে মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি প্ৰবোৱে।
আজি মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে ৰাষ্ট্ৰপতি প্ৰবোৱোৱে দেখুওৱা উষ্মতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
মহামহিম,
আপুনি ভাৰতৰ প্ৰকৃত বন্ধু। ইয়াত উপস্থিত থকাৰ বাবে ধন্যবাদ !!!
বন্ধুসকল,
আমাৰ বিমানখন ইণ্ডোনেছিয়াৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ পৰাই আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰাই ইণ্ডোনেছিয়াৰ জনসাধাৰণে মোৰ প্ৰতি যি উষ্ণ মৰম প্ৰকাশ কৰিছে, সেয়া দেখি মুহূৰ্ততে মই আপ্লুত হৈ পৰিছো। এনে আন্তৰিক আতিথ্যৰ বাবে মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ। বিমানবন্দৰত ৰাষ্ট্ৰপতি প্ৰবোৱোৱে নিজেই তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে মোক আদৰণি জনোৱাটো সঁচাকৈয়ে এক স্মৰণীয় অভিজ্ঞতা হৈ ৰ'ব ।
ইণ্ডোনেছিয়াত ভাৰতীয় সংস্কৃতিৰ প্ৰতি থকা প্ৰেম আজি ৰাষ্ট্ৰপতি ভৱনতো প্ৰত্যক্ষ কৰিলো। ইয়াত থকা মানুহৰ উৎসাহ, ল’ৰা-ছোৱালীৰ হাঁহি, যুৱক-যুৱতীসকলৰ শক্তি এই সকলোবোৰ সঁচাকৈয়ে উল্লেখযোগ্য আৰু শব্দেৰে প্ৰকাশ কৰিব নোৱাৰা বিধৰ । মই য’লৈকেই গৈছো , লগ পোৱা প্ৰতিজন ব্যক্তিৰেই প্ৰতিখন মুখত ভাৰতৰ প্ৰতি মৰম, সন্মান, উষ্ণতা স্পষ্টকৈ দেখা পাইছো।
বন্ধুসকল,
মই লক্ষ্য কৰিছো যে ভাৰতীয় গীত কুচ কুচ হোতা হায় ইয়াত অতি জনপ্ৰিয়। আজি মই ৰাষ্ট্ৰপতি প্ৰবোৱোক কলো যে ভাৰত আৰু ইণ্ডোনেছিয়া যেতিয়া একেলগে আগবাঢ়ি যায়, তেতিয়া সেয়া অলপতে সীমাবদ্ধ হৈ নাথাকে - তাতোকৈ বহু বেছি হৈ পৰে!
বন্ধুসকল,
আজি পুৱাই মই ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ সৌভাগ্য অৰ্জন কৰিলোঁ। এয়া ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ প্ৰতি জনোৱা শ্ৰদ্ধা। আপোনালোক সকলোৰে বাবে, ভাৰতীয় সমাজৰ সদস্যসকলৰ বাবে ই এক সন্মান। সৰ্বোপৰি এই বঁটা ইণ্ডোনেছিয়া আৰু ভাৰতৰ ঘনিষ্ঠ বন্ধুত্বৰ আন এক প্ৰতীক। এই মঞ্চৰ পৰাই ৰাষ্ট্ৰপতি প্ৰবোৱো, ইণ্ডোনেছিয়া চৰকাৰ আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
বন্ধুসকল,
যোৱা বছৰ ভাৰতে ২৬ জানুৱাৰীত অতি উৎসাহ আৰু আনন্দৰে গণৰাজ্য দিৱস উদযাপন কৰিছিল। ২৬, অৰ্থাৎ ২ আৰু ৬ =... আৰু মোৰ বন্ধুৰো জন্ম হৈছিল ১৭ তাৰিখে, অৰ্থাৎ ১+...
সেই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰপতি প্ৰবোৱে। তেওঁৰ সেই ভ্ৰমণৰ সময়ত আমি বিভিন্ন বিষয়ত বিশদভাবে আলোচনা কৰাৰ সুযোগ পাইছিলোঁ। কিন্তু সেই ভ্ৰমণৰ এটা বিশেষ দিশো আছে, যিটো আজি মই বিশেষভাৱে মনত পেলাব বিচাৰিছো। ৰাষ্ট্ৰপতি প্ৰবোৱেও এতিয়াও সেই দিনৰ কথা অতি গৌৰৱেৰে প্ৰকাশ কৰি আহিছে।
ৰাষ্ট্ৰপতি মহোদয়, আপুনি সেই সময়ত কৈছিল আৰু আজি পুনৰ কৈছে- আপোনাৰ ভিতৰত ভাৰতৰ ডি এন এ নিহিত হৈ আছে। আজিও মই লক্ষ্য কৰিলোঁ যে সেই কথা কোৱাৰ লগে লগে হাতচাপৰিৰ জোৱাৰ উঠিল । ভাৰততো আপুনি লাখ লাখ ভাৰতীয়ৰ হৃদয় জয় কৰিছে। আপোনাৰ সেই এটা বাক্যই ভাৰতবাসীৰ হৃদয় চুই গৈছিল।
আপোনাৰ কথাৰ আঁত ধৰিয়েই ক'ব বিচাৰিছো- আপুনি যিটো ডি এন এৰ কথা কৈছিল সেয়া পাৰস্পৰিক বিশ্বাসৰ দ্বাৰা গঠিত। সেই ডি এন এ আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্যই গঢ় দিয়ে। সেই ডি এন এক আমাৰ স্মৃতিবোৰে গঢ় দিছে। সেই ডি এন এটো গঢ় লৈ উঠিছে সেই সাগৰীয় বতাহেৰে, যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ জাহাজবোৰক উভয়ৰে পাৰলৈ লৈ গৈছে।
বন্ধুসকল,
ভাৰত-ইণ্ডোনেছিয়াৰ সম্পৰ্কৰ ডি এন এ গঢ় লৈ উঠিছে সেই সন্ত আৰু বৌদ্ধ সন্ন্যাসীসকলকলৈ, যিসকলে জ্ঞানক সীমাৰ ভিতৰত আৱদ্ধ কৰি ৰখা নাছিল। কেৱল মছলাৰ ব্যৱসায় কৰাই নহয়, সংস্কৃতিৰ মাজত সেতু নিৰ্মাণ কৰা উদ্যোগীসকলেও ইয়াক গঢ় দিছে। এই ডি এন এ বহন কৰিছে ৰামায়ণ আৰু মহাভাৰতক নিজৰ ভাষাত আঁকোৱালি লোৱা শিল্পীসকলে, একে সময়তে তেওঁলোকে নিজৰ ভাগ-বাটোৱাৰা কৰা মনোভাৱো অক্ষুণ্ণ ৰাখিছে।
ইণ্ডোনেছিয়াৰ জনসাধাৰণ, আৰু আজি ইয়াত সমবেত হোৱা বহু পৰিয়ালে ভাৰত তথা ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্কক লালন-পালন কৰে , শক্তিশালী কৰে আৰু নিৰন্তৰ সমৃদ্ধ কৰি তোলে।
বন্ধুসকল,
সমগ্ৰ বিশ্বতে দুখন দেশৰ মাজৰ সম্পৰ্ক প্ৰায়ে সন্ধি আৰু বুজাবুজিৰ চুক্তিৰ জৰিয়তে আগবাঢ়ি যায়। কিছুমান দেশক কৌশলৰ দ্বাৰা ওচৰলৈ অনা হয়, আন কিছুমানে বাণিজ্যৰ জৰিয়তে নিজৰ সম্পৰ্ক গভীৰ কৰে। কিন্তু ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক সভ্যতাৰ অন্যতম উল্লেখনীয় সম্পৰ্ক; ই সাগৰৰ দ্বাৰা গঢ় দিয়া সম্পৰ্ক।
সাম্ৰাজ্যৰ উত্থান-পতন ঘটে, সামুদ্ৰিক পথ সলনি হয় আৰু বিশ্বৰ ৰাজনীতিৰ পৰিৱৰ্তনো ঘটে। কিন্তু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ বন্ধন সদায় স্থায়ী হৈ আছে। সেয়াই আমাৰ আটাইতকৈ ডাঙৰ শক্তি।
বন্ধুসকল,
আজি বিশ্বই সংযোগৰ কথা কয়। কিন্তু আমাৰ পূৰ্বপুৰুষসকলে ইতিমধ্যে সেই সংযোগক জীৱন্ত কৰি তুলিছিল । আজি বিশ্বজুৰি যোগান শৃংখলত আস্থাহীনতাৰ পৰিবেশে বিৰাজ কৰিছে। ফলত বিঘিনি ঘটিছে। কিন্তু ভাৰত আৰু ইণ্ডোনেছিয়াই এনে এটা সময়ত যোগান শৃংখলৰ ওপৰত আস্থা গঢ়ি তুলিছিল যেতিয়া বিশ্বজুৰি যোগান শৃংখলৰ বিষয়ে কোনো আলোচনাই হোৱা নাছিল।
মই সুখী যে আজি ভাৰত আৰু ইণ্ডোনেছিয়াই একেলগে সেই আস্থাৰ আধাৰত নতুন ভৱিষ্যত লিখিছে। এই আশাব্যঞ্জক ভৱিষ্যতৰ দ্বাৰা লাভাৱান্বিত হোৱাসকলৰ ভিতৰত আপোনালোকো আছে - ইণ্ডোনেছিয়াত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল আছে ।
বন্ধুসকল,
এতিয়া আমি ছ’চিয়েল মিডিয়াৰ যুগত বাস কৰিছো আৰু এই যুগত সহযোগিতাৰ বিষয়ে যথেষ্ট চৰ্চা চলিছে। কিন্তু ভাৰত আৰু ইণ্ডোনেছিয়াই যুগ যুগ ধৰি সহযোগিতা অব্যাহত ৰাখিছে।
এই ‘সহযোগিতা’ৰ বাবেই ইণ্ডোনেছিয়াৰ কুটাইত প্ৰাচীন সংস্কৃত শিলালিপিৰ সৃষ্টি হৈছিল। এই ‘সহযোগিতা’ই পণ্ডিতসকলক নালন্দা বিশ্ববিদ্যালয়লৈ লৈ গৈছিল।
কটকত বালি যাত্ৰা উৎসৱেই হওক, মহানদীত পালতোলা নাওৰ পৰম্পৰাই হওক, ৱায়াং কুলিটৰ মাজেৰে মহাভাৰতৰ মঞ্চায়নেই হওক, ভেছাক তীৰ্থযাত্ৰাই হওক, বা দেৱী শ্ৰীৰ পূজাই হওক, ভাৰত আৰু ইণ্ডোনেছিয়াৰ এই ‘সহযোগিতা’ এই সকলোবোৰ পৰম্পৰাতে স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
বন্ধুসকল,
ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সহযোগিতাৰ ইতিহাস যিমান প্ৰাচীন সিমানেই চহকীও। প্ৰাচীন কালত সুমাত্ৰাৰ মুআৰো জাম্বি নালন্দাৰ ভগ্নী প্ৰতিষ্ঠান আছিল। মই অতিশয় আনন্দিত যে আজি আমি সেই একেটা পৰম্পৰাকে পুনৰ সজীৱ কৰি তোলা হৈছে।
আপোনালোকে সকলোৱে জানে যে নালন্দা বিশ্ববিদ্যালয় এতিয়া নতুন ৰূপত পুনৰ প্ৰতিষ্ঠা কৰা হৈছে। ইণ্ডোনেছিয়াৰ বহু ছাত্ৰ-ছাত্ৰীয়েও তাত নামভৰ্তি কৰিছে। অৰ্থাৎ, একবিংশ শতিকাত আমাৰ ভাগ-বাটোৱাৰা কৰা অতীতৰ সহযোগিতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ দুয়োখন দেশে নতুন ভৱিষ্যতৰ দিশত পথ নিৰ্ধাৰণ কৰিছে।
বন্ধুসকল,
ভাৰত আৰু ইণ্ডোনেছিয়া কেৱল আমাৰ অন্তৰতে নহয় ভৌগোলিক প্ৰতিবেশী হিচাপেও ঘনিষ্ঠ হৈ আছে। ভাৰতৰ গ্ৰেট নিকোবৰ দ্বীপ আৰু ইণ্ডোনেছিয়াৰ আচেৰ মাজৰ দূৰত্ব প্ৰায় ১৫০ কিলোমিটাৰ। কল্পনা কৰকচোন - ভাৰতৰ নিজৰ বহু ৰাজ্যৰ মাজৰ দূৰত্বতকৈ ইণ্ডোনেছিয়া- ভাৰতৰ এটা দ্বীপৰ মাজৰ দূৰত্ব বহু কম।ইণ্ডোনেছিয়ালৈ অহা প্ৰতিজন ভাৰতীয়ই ইয়াক নিজৰ বুলি অনুভৱ কৰে। সেইবাবেই বছৰ বছৰ ধৰি আমাৰ দুয়োখন দেশ বাণিজ্য, পৰম্পৰা, পৰ্যটনৰ জৰিয়তে সংযুক্ত হৈ আছে, এনেদৰেই আমাৰ সম্পৰ্কৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈছে।
আজি ভাৰতে নতুন বন্দৰ নিৰ্মাণ, নতুন জাহাজৰ বিকাশ, নতুন সাগৰীয় পথৰ অন্বেষণ, নতুন অংশীদাৰিত্বৰ জৰিয়তে সামুদ্ৰিক বাণিজ্যক আগুৱাই নিয়াৰ সময়তে ইণ্ডোনেছিয়াই আমাৰ প্ৰিয় বন্ধু হিচাপে আমাৰ সৈতে থিয় দিছে।
বন্ধুসকল,
ইণ্ডোনেছিয়াই হওক বা ভাৰতেই হওক, দুয়োখন দেশেই উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আগ্ৰহী। আমাৰ ওচৰত থমকি ৰ’বলৈ বা থিয় হ’বলৈ সময়ো নাই, সুযোগো নাই। কিছু সময়ৰ আগতে ভাৰতীয় সমাজৰ একাংশ সদস্যই ইণ্ডোনেছিয়াৰ উন্নয়নৰ বিষয়ে কৈছে। ভাৰতৰ পৰা ময়ো ভাৰতৰ প্ৰগতিৰ বহু কাহিনী লৈ আহিছো আপোনালোকৰ লগত ভাগ কৰিবলৈ।
বন্ধুসকল,
আজিকালি ভাৰতৰ কথা আহিলেই এটা বিষয়ে প্ৰথমে শিৰোনাম দখল কৰে, সেয়া হ’ল ভাৰতৰ অৰ্থনীতি। কিছুমানে ক’ব যে ভাৰত বহু ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হৈছে। আন কিছুমানে ইয়াৰ জিডিপি বৃদ্ধিৰ বিষয়ে ক’ব। কিছুমানে আপোনালোকক ক’ব যে যোৱা ১০-১২ বছৰত অৰ্থনীতিৰ কিমান নাটকীয়ভাৱে উন্নতি ঘটিছে। এটাৰ পিছত এটাকৈ উল্লেখযোগ্য কৃতিত্বৰ কথাই কেৱল শুনিব।
আজি ভাৰতৰ অৰ্থনীতিয়ে বিশ্বৰ বৃদ্ধিৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছে। আনকি যেতিয়া বিশ্বত ক’ভিড মহামাৰীয়ে আঘাত হানিছিল, তেতিয়াও ভাৰতৰ অৰ্থনীতি স্তব্ধ হৈ পৰা নাছিল। পশ্চিম এছিয়াত চলি থকা সংকটৰ সময়তো ভাৰতৰ অৰ্থনীতিৰ গতি মন্থৰ হোৱা নাছিল। দৰাচলতে মাৰ্চ মাহত সমাপ্ত হোৱা পূৰ্বৰ বিত্তীয় বৰ্ষৰ শেষৰ ত্ৰৈমাসিকত আমাৰ বৃদ্ধিৰ হাৰ ৭.৭% আছিল।
এই গতি আৰু এই অগ্ৰগতি আকস্মিকভাৱে হোৱা নাই। ভাৰতে বহু সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমি ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিছো আৰু সেইবাবেই আজি দেশত পৰিৱৰ্তন ঘটিছে। আমি এই মন্ত্ৰ সাৰোগত কৰি আগবাঢ়িছো: সংস্কাৰ, পৰিবেশন, পৰিৱৰ্তন।
বন্ধুসকল,
আজি ভাৰতে যি বৃদ্ধি লাভ কৰিছে সেয়া হৈছে ১৪ কোটি মানুহৰ সপোনৰ বৃদ্ধি। ই হৈছে লাখ লাখ ভাৰতীয়ৰ আকাংক্ষাৰ বৃদ্ধি। আপোনালোক সকলো সেই সপোনৰ অবিচ্ছেদ্য অংগ। ইণ্ডোনেছিয়াত বসবাস কৰা প্ৰতিজন ভাৰতীয় সেই সপোনৰ অংশীদাৰ।
বন্ধুসকল,
যদি মই ভাৰতৰ বৃদ্ধিৰ গতি আৰু পৰিসৰক এটা শাৰীতে বৰ্ণনা কৰো তেন্তে মই ক’ম: এই গতিত আছে ১.৪ বিলিয়নৰ আকাংক্ষা। আজি আমাৰ গাঁৱৰ পৰা আমাৰ চহৰলৈকে ভাৰতৰ প্ৰতিজন নাগৰিকৰ মন আকাংক্ষাৰে ভৰি পৰিছে। সকলোৰে মনত আত্মবিশ্বাস বাঢ়িছে - হয়, আমি সফলতা লাভ কৰিব পাৰো।
বন্ধুসকল,
এটা উদাহৰণ দিওঁ। আপোনালোকে সকলোৱে জানে যে ঘৰৰ মালিক হোৱাটো প্ৰতিজন ব্যক্তিৰ বাবে এক অন্যতম ডাঙৰ সপোন। এতিয়া ভাৰতৰ এই সংখ্যাটো বিবেচনা কৰক: ভাৰতত যোৱা ১০-১২ বছৰত চৰকাৰে দৰিদ্ৰ পৰিয়ালক ৪ কোটিতকৈও অধিক স্থায়ী ঘৰ নিৰ্মাণ কৰি দিছে। বহু দেশত মুঠ ঘৰৰ সংখ্যাও ইমান বেছি নহয়।
বন্ধুসকল,
যেতিয়া মানুহে নিজৰ ঘৰ এখন পায়, যেতিয়া তেওঁলোকে নিজৰ জীৱনটো মৰ্যাদাৰে জীয়াই থাকিবলৈ সক্ষম হয়, তেতিয়া লাখ লাখ ভাৰতীয়ৰ আকাংক্ষাই গতি লাভ কৰে আৰু তেওঁলোকৰ সপোনবোৰো গতিশীল হৈ পৰে।
বন্ধুসকল,
ভাৰতত সামাজিক সুৰক্ষাৰ আৱৰণৰ বিষয়ে এটা আমোদজনক পৰিসংখ্যা জনাম । ১২ বছৰ পূৰ্বে ভাৰতৰ প্ৰায় ২৫ কোটি লোকৰহে সামাজিক সুৰক্ষাৰ আৱৰণ আছিল। আজি প্ৰায় ১০০ কোটি ভাৰতীয়ক সামাজিক সুৰক্ষাৰ অধীনত সামৰি লোৱা হৈছে। আপোনালোকক জনোৱা পিছৰ সংখ্যাটোৱে আপোনালোকক নিশ্চয়কৈ আচৰিত কৰি তুলিব।
ভাৰতত প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা নামেৰে এখন আঁচনি আছে। এই আঁচনিৰ অধীনত মাত্ৰ ২০ টকাৰ বাৰ্ষিক প্ৰিমিয়ামত ২ লাখ টকাৰ আকস্মিক বীমা কভাৰেজ উপলব্ধ হয়। অৰ্থাৎ ইয়াৰ দাম একাপ কফিতকৈও কম। পৃথিৱীৰ আন ক’তো এনে আঁচনি পাব পাৰে বা নাপাবও পাৰে, কিন্তু ভাৰতত সেয়া উপলব্ধ। এই আঁচনিৰ অধীনত ভাৰতৰ প্ৰায় ৬০ কোটি লোকক সামৰি লোৱা হৈছে।
বন্ধুসকল,
আন এক আঁচনিও আছে, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। এই আঁচনিৰ অধীনত জীৱন বীমা প্ৰতিদিনে প্ৰায় ১.৫ টকা প্ৰিমিয়ামত উপলব্ধ। দিনটোত মাত্ৰ ১.৫ টকা - আনকি একাপ কফিৰ দামো তাতোকৈ বেছি। বৰ্তমান ভাৰতৰ ২৮ কোটি লোকক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে।
বন্ধুসকল,
এই দুখন চৰকাৰী আঁচনিৰ অধীনত এতিয়ালৈকে হিতাধিকাৰীক প্ৰায় ২২,০০০ কোটি টকা প্ৰদান কৰা হৈছে। ২২,০০০ কোটি টকা। যেতিয়া মানুহে জীৱনত কঠিন সময়ৰ সন্মুখীন হৈছিল, তেতিয়া চৰকাৰে তেওঁলোকৰ কাষত বন্ধু হিচাপে থিয় দিছিল আৰু সমৰ্থন আগবঢ়াইছিল।
বন্ধুসকল,
আজি ভাৰতে আন এক ব্যৱস্থা গ্ৰহণ কৰিছে যিটো অভূতপূৰ্ব আৰু উল্লেখযোগ্য। ই হৈছে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ ব্যৱস্থা। এয়া এটা কাৰ্যকৰী ব্যৱস্থা , যাৰ জৰিয়তে কোনো ধৰণৰ সুৰুঙা নথকাকৈ সম্পূৰ্ণ লাভ হিতাধিকাৰীৰ ওচৰলৈ যায়।
এজন ভদ্ৰলোকে মোৰ ওচৰলৈ আহি সুধিলে যে বংগৰ প্ৰতি মোৰ দৃষ্টিভংগী কি? এয়াই হৈছে দৃষ্টিভংগী... প্ৰত্যক্ষ লাভ হস্তান্তৰ। কোনো সুৰুঙা নাই। ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ যায়। যোৱা ১২ বছৰত প্ৰায় ৫০ লাখ কোটি অৰ্থাৎ ৫০ ট্ৰিলিয়ন টকাৰ সাহায্য পোনপটীয়াকৈ মানুহৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে।
বন্ধুসকল,
এনে ব্যৱস্থাই মানুহৰ আস্থা মজবুত কৰে । ইয়াৰোপৰি ২৫ কোটি ভাৰতীয়ই দৰিদ্ৰতাক জয় কৰিবলৈ সক্ষম হৈছে, তেওঁলোকে গৌৰৱ আৰু মৰ্যাদাৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে।
বন্ধুসকল,
আপোনালোকক আন এটা তথ্য জনাব বিচাৰিছো। আপোনালোকে হয়তো শুনিছে যে বিশ্বৰ সকলো ৰিয়েল টাইম ডিজিটেল পেমেণ্টৰ প্ৰায় ৫০% কেৱল ভাৰততে হয়। বিশ্বৰ মুঠৰ ৫০%।
আজি ভাৰতত প্ৰতিদিনে ৭৫ কোটিৰো অধিক ডিজিটেল লেনদেন হয়। ৭৫ কোটিৰো অধিক। অৰ্থাৎ দৈনন্দিন জীৱনত মানুহে আৰু নগদ ধন কঢ়িয়াই ফুৰিব নালাগে। আচলতে পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে মানুহে ডেবিট কাৰ্ডৰ পিন, আনকি বেংকৰ এটিএমৰ পাছৱৰ্ড পাহৰিবলৈ আৰম্ভ কৰিছে, কাৰণ তেওঁলোকে সকলো কাম ইউপিআইৰ জৰিয়তে কৰিবলৈ লৈছে, কেৱল মোবাইল ফোন ব্যৱহাৰ কৰি।
বন্ধুসকল,
সপোন ডাঙৰ হ’লে যি গতিৰে কাম কৰা হয় সেই অনুসৰি আগবাঢ়ি যাব পাৰি । আজি ভাৰতত য'লৈকেই যাওক, চৌদিশে ঘাইপথ আৰু এক্সপ্ৰেছৱে নিৰ্মাণ হোৱা দেখিব।
বিগত ১২ বছৰত ঘাইপথ নিৰ্মাণৰ গতি তিনিগুণ বৃদ্ধি পাইছে। এয়াও বিশ্বৰ আটাইতকৈ দ্ৰুততম কাম সমূহৰ ভিতৰত অন্যতম। এই সময়ছোৱাত ভাৰতত এক্সপ্ৰেছৱেৰ দৈৰ্ঘ্য প্ৰায় ১০০ কিলোমিটাৰৰ পৰা ৩০০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে।
ভাৰতৰ যুৱক-যুৱতীসকলেই এই ডাঙৰ সপোনবোৰক আগুৱাই নিছে। বিগত ১২ বছৰত বিশ্বজুৰি কিউএছ ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংখ্যা ১১খনৰ পৰা ৫০খনতকৈও অধিক বৃদ্ধি পাইছে। আজি ভাৰতৰ যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক পেটেণ্ট দাখিল কৰি উদ্ভাৱনক আগুৱাই লৈ গৈছে। সেইবাবেই আজি ভাৰতত ২ লাখৰো অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্ট-আপ আছে। ২ লাখৰো অধিক। ইয়াৰ উপৰি ইয়াত প্ৰায় ১২৫ টা ইউনিকৰ্ণ আছে।
সেইবাবেই মই কওঁ যে ভাৰত কেৱল দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিয়েই নহয়, ভাৰতত গতিশীল হৈ আছে এক বিলিয়নতকৈও অধিক সপোন।
বন্ধুসকল,
ইণ্ডোনেছিয়ালৈ অহাৰ মাত্ৰ দুদিন আগতে ৪ জুলাইত ১ লাখ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰাৰ সুযোগ পাইছিলোঁ, সেয়াও মাত্ৰ এটা দিনতে। এদিনতে এক ট্ৰিলিয়ন টকাৰ আন্তঃগাঁথনি প্ৰকল্প।হয়, এই পৰিসৰতে ভাৰতে কাম কৰি আছে।
বন্ধুসকল,
৪ জুলাইত ভাৰতে এটা বৃহৎ শোধনাগাৰ উদ্বোধন কৰে। আৰু এই শোধনাগাৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ পৰিমাণো সমানেই উল্লেখযোগ্য। ইয়াত ৪০টা নতুন আইফেল টাৱাৰ বা ৫টা বুৰ্জ খলিফা নিৰ্মাণ কৰিবলৈ প্য়জনীয় পৰিমাণৰ তীখা ব্যৱহাৰ কৰা হৈছে। এই শোধনাগাৰ নিৰ্মাণত ব্যৱহৃত কেবলৰ দৈৰ্ঘ্যৰে পৃথিৱীক দুবাৰকৈ মেৰিয়াব পৰা যাব। এনে প্ৰকল্পৰ বাবেই ভাৰত আজি তেল শোধন ক্ষমতাৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ৪ খন দেশৰ ভিতৰত অন্যতম হৈ পৰিছে।
বন্ধুসকল,
কেৱল ৪ জুলাইতে এই শোধনাগাৰৰ বাহিৰেও যোধপুৰত এটা সুন্দৰ নতুন বিমানবন্দৰ উদ্বোধন কৰা হয়। সৰু চহৰ আৰু নগৰলৈ বিমান সংযোগ সম্প্ৰসাৰণৰ বাবে ২৮,০০০ কোটি টকাৰ উড়ান আঁচনি আৰম্ভ কৰা হয়। সেইদিনা জয়পুৰৰ মেট্ৰ’ নেটৱৰ্কৰো সম্প্ৰসাৰণ কৰা হয়। সেইদিনাই ভাৰতৰ তৃতীয়টো অৰ্ধপৰিবাহী প্লাণ্টৰো কাম আৰম্ভ কৰা হয়। যাৰ অৰ্থ হ’ল শক্তি আৰু সংযোগৰ পৰা আৰম্ভ কৰি চিপ নিৰ্মাণলৈকে ভাৰত এতিয়া অনিৰুদ্ধ হৈ পৰিছে!
বন্ধুসকল,
আজি ভাৰতে কেৱল নিজৰ আকাংক্ষা পূৰণ কৰাই নহয় প্ৰতিখন বন্ধুত্বপূৰ্ণ দেশৰ আকাংক্ষাৰ পূৰণৰ কামতো নিয়োজিত হৈছে। প্ৰত্যেকখন দেশৰ কাষত থিয় দিছে। ভাৰত সবকা সাথ সবকা বিকাশৰ মন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈছে । সেইবাবেই দেশখনে নিজৰ অংশীদাৰসকলৰ সৈতে কাম কৰি নতুন সুযোগ সৃষ্টি কৰিছে আৰু নতুন সম্ভাৱনাৰ সৈতে নিজকে সংযোগ কৰিছে। ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা ইণ্ডোনেছিয়াৰ বাবে আৰু সমগ্ৰ আছিয়ান অঞ্চলৰ বাবেও এক বহুগুণক শক্তি। উদাহৰণস্বৰূপে স্বাস্থ্য খণ্ডটোৱেই লওক। আজি বিশ্বৰ প্ৰতি পাঁচটা জেনেৰিক ঔষধৰ ভিতৰত এটাই ভাৰতত প্ৰস্তুত কৰা হয়। ইউনিচেফে ক্ৰয় কৰা ভেকচিনৰ প্ৰায় ৬০% ভাৰতৰ পৰা আহে। ইয়াৰ পৰা সমগ্ৰ অঞ্চলটো উপকৃত হৈছে । আমি আমাৰ বন্ধুৰ বাবে য়েতিয়া কাম কৰিবলৈ সক্ষম হওঁ,তেতিয়া আমি অতি গৌৰৱ অনুভৱ কৰো।
বন্ধুসকল,
ভাৰতৰ বিষয়ে আপোনালোকৰ লগত ইমানখিনি কথা ভাগ-বাটোৱাৰা কৰিলো। এতিয়া আপোনালোকলৈ মোৰ আৰু এটা অনুৰোধ আছে। আপোনালোকে ইণ্ডোনেছিয়াৰ বন্ধুসকলক ভাৰতৰ বিষয়ে কওক আৰু তেওঁলোকক ভাৰত ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰক।
এতিয়া জাকাৰ্টাৰ পৰা মুম্বাইলৈ, বালিৰ পৰা দিল্লী আৰু বাংগালুৰুলৈ কেইবাখনো পোনপটীয়া বিমান চলাচল কৰে। ইয়াৰ ফলত ভাৰতলৈ অহা-যোৱা কৰাটো বহুত সহজ হৈ পৰিছে।
বন্ধুসকল,
ভাৰতীয় সমাজৰ নৱপ্ৰজন্ম, বিশেষকৈ যুৱ প্ৰজন্মক ভাৰতৰ বিষয়েও কব লাগে। ইণ্ডোনেছিয়াত ভাৰত কো জানো কুইজ ভাৰতীয় সম্প্ৰদায়ৰ শিশুসকলৰ বাবে আৰম্ভ কৰা হৈছে। বৃহৎ সংখ্যক শিশুৱে ইয়াত অংশগ্ৰহণ কৰিছে। আনকি শুভাৰম্ভনি অনুষ্ঠানৰ সময়তো আপোনালোকৰ প্ৰবল উৎসাহৰ সাক্ষী হৈছিলো।
ইয়াৰ ষষ্ঠ সংস্কৰণত আমি পৰীক্ষাৰ আৰ্হিৰ পৰা আঁতৰি আহি সমগ্ৰ প্ৰতিযোগিতাখনক খেলসুলভ অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিছো। ইয়াৰ সকলো যুৱক-যুৱতীলৈ আহ্বান জনাইছো যে ইয়াত অংশগ্ৰহণ কৰক আৰু আপোনালোকৰ অভিজ্ঞতা মোৰ লগত ছ’চিয়েল মিডিয়াত ভাগ-বাটোৱাৰা কৰক।
বন্ধুসকল,
ভাৰত আৰু ইণ্ডোনেছিয়া কেৱল আমাৰ ইতিহাসৰ দ্বাৰাই নহয়, ভাগ-বাটোৱাৰা কৰা ভৱিষ্যতৰ দ্বাৰাও সংযুক্ত। আমাৰ সুযোগবোৰ ভাগ কৰা হৈছে। আমাৰ প্ৰত্যাহ্বানসমূহ ভাগ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আমি একেলগে যোগাভ্যাস কৰোঁ। যেতিয়া ছুনামীৰ দৰে সংকট আহি পৰে তেতিয়া আমি একেলগে থিয় দিওঁ, তাৰ সন্মুখীন হওঁ।
আমাৰ দুয়োখন দেশৰ মাজত থকা আস্থা শক্তিৰ এক বৃহৎ উৎস হৈ পৰিছে। আমি সকলোৱে মিলি ইয়াক আৰু অধিক শক্তিশালী কৰিব লাগিব। ভাৰত আৰু ইণ্ডোনেছিয়াৰ বাবে, সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে আপোনালোক সকলোৱেই অতি গুৰুত্বপূৰ্ণ যোগসূত্ৰ। আপোনালোকৰ এই ভূমিকাক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰি যাব লাগিব।
এই কথাখিনিৰে মই আকৌ এবাৰ মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি প্ৰবোৱৰ প্ৰতি, ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ভাৰত আৰু ইণ্ডোনেছিয়াৰ বন্ধুসকল , চেলামান্য।
আপোনালোকক অশেষ ধন্যবাদ।
কাইলৈ ৰাষ্ট্ৰপতি মহোদয়ৰ সৈতে পবিত্ৰ মন্দিৰ দৰ্শন কৰিম। কাইলৈ কিমান তাৰিখ ? সেইটোৱেই আমাৰ বন্ধন কিমান শক্তিশালী তাকেই প্ৰতিফলিত কৰে। ভাৰতৰ বহু পদক্ষেপ মই ৰাষ্ট্ৰপতি প্ৰবোৱোৰ সৈতে ভাগ-বাটোৱাৰা কৰিছো, আৰু প্ৰতিশ্ৰুতি দিছো যে ইয়াৰে কোনো এটাৰ ওপৰত কোনো কপিৰাইট নাই। কোনো কপিৰাইট নাই, আৰু কোনো ৰয়েল্টিও দাবী কৰা নহয়। সবকা সাথ, সবকা বিকাশেই আমাৰ পথ প্ৰদৰ্শক মন্ত্ৰ।
আপোনালোকক অশেষ ধন্যবাদ।
ঘোষণা: এয়া প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ থুলমূল অনুবাদ। মূল ভাষণটি তেওঁ হিন্দী ভাষাত দিছিল।
***
MJPS/SS/ST/DM
(रिलीज़ आईडी: 2282680)
आगंतुक पटल : 8