প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত-জাপানৰ যুটীয়া বিবৃতি

प्रविष्टि तिथि: 02 JUL 2026 9:55PM by PIB Guwahati

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে কৃত্ৰিম বুদ্ধিমত্তা (AI) হৈছে এক যুগৰ প্ৰয়োজনীয় প্ৰযুক্তি,  যিয়ে অৰ্থনীতি, সমাজ, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্যোগ আৰু ব্যৱসায়, শাসন, আৰু নিৰাপত্তাৰ পৰিৱৰ্তন ঘটাইছে। তেওঁলোকে স্বীকাৰ কৰে যে আজি এআইৰ ডিজাইন, বিকাশ, নিয়োগ আৰু শাসনৰ ক্ষেত্ৰত কৰা পছন্দসমূহে উদ্ভাৱন, সমাজ কল্যাণ, অৰ্থনৈতিক সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত  দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব। এই বুজাবুজিৰ ভিত্তিত তেওঁলোকে এআইৰ ক্ষেত্ৰত দুয়োখন দেশৰ স্থিতিস্থাপকতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা পাৰস্পৰিকভাৱে বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশতে উদ্ভাৱন তথা  বিকাশৰ ক্ষেত্ৰত  সহযোগিতা আগবঢ়াই  নিবলৈ সহমত প্ৰকাশ কৰে, যাতে এক নিৰাপদ, সুৰক্ষিত, বিশ্বাসযোগ্য, সৰ্বাংগীন, মানৱকেন্দ্ৰিক, বহনক্ষম, জবাবদিহি, আৰু উদ্ভাৱনমুখী এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাটো সম্ভৱ  হয়।

আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ গাঁথনিগত পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লোৱাৰ প্ৰয়োজনীয়তাক দুয়োগৰাকী নেতাই স্বীকাৰ কৰে। ভাৰতৰ মহাসাগৰ আৰু জাপানৰ “মুক্ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় (এফ অ’ আই পি)”ৰ সৈতে সংগতি ৰাখি স্থিতিস্থাপক আৰু বৃদ্ধিমুখী অৰ্থনৈতিক পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে সহযোগিতা কৰাত তেওঁলোকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ বাবে তেওঁলোকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু গ্ল’বেল চাউথত স্থিতিস্থাপক আৰু সৰ্বাংগীন এআই বিকাশত সহায় কৰিবলৈ সমভাবাপন্ন দেশ আৰু অংশীদাৰৰ সৈতে ভাৰত তথা  জাপানৰ মাজত এআই সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক দৃঢ় কৰে।  দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে, এআইৰ বহনক্ষম উন্নয়নৰ বাবে এআই প্ৰযুক্তিৰ ব্যৱহাৰ আৰু প্ৰয়োগৰ জৰিয়তে উদ্ভাৱনক প্ৰসাৰিত কৰা, সংশ্লিষ্ট বিপদসমূহ উপযুক্তভাৱে দূৰ  কৰা আৰু স্থিতিস্থাপক, বৈচিত্ৰ্যপূৰ্ণ তথা বিশ্বাসযোগ্য এআই যোগান শৃংখল নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। এই সন্দৰ্ভত তেওঁলোকে নতুন দিল্লী এ আই ইমপেক্ট ছামিটৰ আলোচনা আৰু ফলাফলক আদৰণি জনায়। দুয়োগৰাকী নেতাই "জাপান-ভাৰত এআই সহযোগিতা পদক্ষেপ (জেআই)"ৰ অধীনত হোৱা অগ্ৰগতিৰ কথা স্বীকাৰ কৰে, বিশেষকৈ ২০২৬ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা প্ৰথম ভাৰত আৰু জাপান এআই কৌশলগত আলোচনাত তেওঁলোকে আলোচনাক আদৰণি জনায় । তেওঁলোকে লগতে  তলত দিয়া অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত তেওঁলোকৰ ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীক ব্যৱহাৰিক ফলাফললৈ ৰূপান্তৰিত কৰাৰ বিষয়ত জোৰ দিয়ে :

১. আন্তঃৰাষ্ট্ৰীয় এআই শাসন, সুৰক্ষা, আৰু চাইবাৰ সুৰক্ষা

দুয়োগৰাকী নেতাই ৰাষ্ট্ৰীয় আইন, অগ্ৰাধিকাৰ আৰু প্ৰসংগক সন্মান জনোৱাৰ লগতে দায়িত্বশীল উদ্ভাৱনক সমৰ্থন কৰা নিৰাপদ, সুৰক্ষিত, বিশ্বাসযোগ্য, শক্তিশালী আৰু অন্তৰ্ভুক্ত এআইক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় শাসন কাঠামোক প্ৰসাৰিত কৰাৰ গুৰুত্ব পুনৰ দৃঢ় কৰে। তেওঁলোকে জোৰ দিয়ে  যে এআই শাসন ব্যৱস্থা বিপদ-সুষম, অংশগ্ৰহণমূলক, অৱগত, সমানুপাতিক, আন্তঃকাৰ্য্যকৰী আৰু অভিযোজিত হ’ব লাগে। এই সন্দৰ্ভত তেওঁলোকে হিৰোচিমা এআই প্ৰক্ৰিয়াৰ (এইচএআইপি) তাৎপৰ্য্য পুনৰ দৃঢ় কৰে, য’ত ইয়াৰ আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনামূলক নীতি আৰু উন্নত এআই ব্যৱস্থাৰ বাবে আচৰণ বিধিসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

জাপানৰ সহ-অধ্যক্ষতাত গঠিত ছেফ এণ্ড ট্ৰাষ্টেড এ আই ৱৰ্কিং গ্ৰুপে ভাৰত এ আই ইমপেক্ট ছামিটৰ সময়ত প্ৰস্তুত কৰা এ আই গভৰ্নেন্সৰ গাইডেন্স নোটত থকা নীতিসমূহৰ বিষয়তো আলোকপাত কৰে। জি-২০, অৰ্গেনাইজেচন ফৰ ইকনমিক ক’অপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট (অ’ইচিডি), গ্ল’বেল পাৰ্টনাৰশ্বিপ অন এআই(জিপিএআই), আৰু ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত দুয়োখন দেশৰ মাজত সমন্বয় শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই ক্ষেত্ৰত এআই শাসনৰ ওপৰত প্ৰথম ৰাষ্ট্ৰসংঘৰ গ্ল’বেল ডাইলগক আদৰণি জনায়। তেওঁলোকে গ্ল’বেল চাউথ আৰু ব্যক্তিগত খণ্ডৰ অধিক অংশগ্ৰহণকে ধৰি হিৰোচিমা এআই প্ৰচেছ ফ্ৰেণ্ডছ গ্ৰুপ আৰু পাৰ্টনাৰ্ছ কমিউনিটিৰ ভিতৰত সহযোগিতা গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে আৰু হিৰোচিমা এআই প্ৰচেছ ফ্ৰেণ্ডছ গ্ৰুপ একচন প্লেন ২০২৬ ৰূপায়ণক প্ৰসাৰিত কৰে। দুয়োগৰাকী নেতাই এআই মডেল মূল্যায়ন, সামৰ্থ্য মূল্যায়ন, নিৰ্দেশনা, সঁজুলি, আৰু মানকে ধৰি এআইৰ নিৰাপদ ডিজাইন, বিকাশ, নিয়োগ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক কাৰিকৰী সম্পদ, সঁজুলি, মাপকাঠী আৰু উত্তম পদ্ধতিসমূহ একত্ৰিত কৰা সহযোগিতামূলক মঞ্চ হিচাপে ভাৰত এআই ইমপেক্ট সন্মিলনৰ সময়ত ঘোষণা কৰা ট্ৰাষ্টেড এআই কমনছৰ জৰিয়তে সহযোগিতাৰ দিশ  অন্বেষণ কৰিবলৈ উৎসাহিত কৰে। দুয়োগৰাকী  নেতাই স্বীকাৰ কৰে যে অতি সক্ষম সীমান্ত এআই মডেলত উন্নত চাইবাৰ ক্ষমতা আছে, যিয়ে ডিফেণ্ডাৰসকলক শক্তিশালী কৰাৰ লগতে অপব্যৱহাৰৰ আশংকাও সৃষ্টি কৰিব পাৰে। চাইবাৰ স্পেচ এটা গ্ল’বেল পাব্লিক গুড বুলি পুনৰ দৃঢ়তাৰে তেওঁলোকে আণ্ডাৰলাইন কৰে যে এনে ব্যৱস্থাসমূহৰ মূল্যায়ন, নিয়ন্ত্ৰিত মুক্তি আৰু বিশ্বাসযোগ্য প্ৰৱেশৰ ব্যৱস্থা বিপদভিত্তিক হ’ব লাগে আৰু দায়িত্বশীল অংশীদাৰসকলৰ বৈধ চাইবাৰ-ৰক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগী হ’ব লাগে। তেওঁলোকে এআই-সক্ষম চাইবাৰ সুৰক্ষা আৰু এআই ব্যৱস্থাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ সিদ্ধান্ত লয়, বিশেষকৈ জটিল আন্তঃগাঁথনিৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই এআই বিকশিত আৰু নিয়োগ কৰাৰ লগে লগে শিশুৰ সুৰক্ষা সুৰক্ষিত কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই কথাত একমত প্ৰকাশ কৰে যে এআইয়ে যাতে শিশুৰ বাবে ক্ষতিৰ উৎস নহয়, শিক্ষণ আৰু বৃদ্ধিৰ মাধ্যম হিচাপে কাম কৰে তাৰ বাবে দায়িত্বশীল ডিজাইন, শাসন, আৰু বিপদ ভিত্তিক সুৰক্ষা ব্যৱস্থা অতি প্ৰয়োজনীয়।

২.  আন্তঃগাঁথনি উন্নয়ন, আৰ্হি উন্নয়ন  আৰু মানৱ সম্পদ বিনিময় আৰু সমাধানৰ পথ অন্বেষণ

দুয়োগৰাকী নেতাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলকে ধৰি এআই প্ৰযুক্তি ষ্টেকৰ স্থিতিস্থাপক, বৈচিত্ৰ্যপূৰ্ণ আৰু বিশ্বাসযোগ্য যোগান শৃংখলৰ দ্বাৰা সমৰ্থিত নিৰাপদ, সুৰক্ষিত আৰু বিশ্বাসযোগ্য এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ গুৰুত্ব পুনৰ দৃঢ় কৰে। এই সন্দৰ্ভত তেওঁলোকে ভাৰত আৰু জাপানক এআইৰ ক্ষেত্ৰত কৌশলগত গৱেষণা আৰু উন্নয়নৰ অংশীদাৰ হিচাপে উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে ডাটা চেণ্টাৰ, জিপিইউ আৰু অন্যান্য কম্পিউট সম্পদ আৰু অৰ্ধপৰিবাহীকে ধৰি এআইৰ বাবে সুৰক্ষিত ডিজিটেল আন্তঃগাঁথনিৰ বিষয়ত  সহযোগিতা শক্তিশালী কৰাৰ সিদ্ধান্ত লয় আৰু অৰ্থনৈতিক-সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা সমগ্ৰ এআই প্ৰযুক্তি ষ্টেকত সম্ভাৱ্য সুযোগ আৰু দুৰ্বলতাসমূহ যৌথভাৱে মূল্যায়ন কৰে। এই সন্দৰ্ভত তেওঁলোকে ডিজিটেল সংযোগ আৰু স্থিতিস্থাপক এআই যোগান শৃংখল শক্তিশালী কৰাৰ বাবে এফঅ’আইপি ডিজিটেল কৰিডৰ পদক্ষেপক আগুৱাই নিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

ইণ্ডিয়া এআই ইমপেক্ট ছামিটত আলোচনা কৰা অনুসৰি ৰেজিলিয়েণ্ট, ইনোভেটিভ, আৰু ইফিচিয়েণ্ট এআইৰ স্বেচ্ছামূলক গাইডিং প্ৰিন্সিপলছ, প্লেবুক অন এডভান্সিং ৰেজিলিয়েণ্ট এআই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা লক্ষ্য কৰি দুয়োগৰাকী নেতাই স্থিতিস্থাপক, উদ্ভাৱনী আৰু দক্ষ এআইৰ ক্ষেত্ৰত  সহযোগিতা কৰাৰ সিদ্ধান্ত লয়, য’ত কাৰ্যক্ষম মডেল, অনুকূলিত অনুমান, শক্তি-দক্ষ কম্পিউট আৰু সেউজ, সুৰক্ষিত তথ্য আন্তঃগাঁথনিৰ কামৰ জৰিয়তেও অন্তৰ্ভুক্ত হৈ আছে। স্থানীয় ভাষা আৰু জনস্বাৰ্থৰ প্ৰয়োগৰ বাবে মডেলকে ধৰি বহুভাষিক, মুক্ত উৎস, ডমেইন নিৰ্দিষ্ট আৰু উলম্ব এআই মডেলৰ ওপৰত চৰকাৰ, উদ্যোগ আৰু শিক্ষাবিদৰ মাজত সহযোগিতা বৃদ্ধি কৰাত দুয়োজন নেতাই সহমত প্ৰকাশ কৰে। এই প্ৰেক্ষাপটত দুয়োগৰাকী নেতাই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত গভীৰ সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে কেইবাখনো উল্লেখযোগ্য স্মাৰকপত্ৰত স্বাক্ষৰ কৰাৰ কথাক  আদৰণি জনায়। ইয়াৰ ভিতৰত বৃহৎ ভাষাৰ আৰ্হি (এল এল এম)ৰ যৌথ গৱেষণা আৰু বিকাশৰ বাবে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান বম্বে, ভাৰতজেন প্ৰযুক্তি ফাউণ্ডেশ্যন, আৰু ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান প্ৰতিষ্ঠান (এন আই আই/আৰ আই এছ)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ (এম অ’ ইউ); সম্পূৰ্ণ এআই প্ৰযুক্তি ষ্টেকত সহযোগিতা কৰিবলৈ সৰ্বম আৰু পছন্দৰ নেটৱৰ্কসমূহৰ মাজত এখন  বুজাবুজিৰ চুক্তি; আৰু দুয়োখন দেশৰ এআই উন্নয়ন কোম্পানীসমূহক সহায় কৰিবলৈ ভাৰত এআই আৰু অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মাজত সহযোগিতা স্মাৰকপত্ৰ (এম অ’ চি)।

দুয়োগৰাকী নেতাই এআই-সক্ষম বৈজ্ঞানিক আৱিষ্কাৰ আৰু উন্নত গৱেষণাৰ গুৰুত্বৰ কথা  স্বীকাৰ কৰি, ভাৰত এআই ইমপেক্ট সন্মিলনৰ সময়ত স্থাপন কৰা নেটৱৰ্ক অৱ এআই ফৰ চাইন্স (এআই৪এছ) ইনষ্টিটিউশ্যনৰ অধীনতকে ধৰি এই ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক সহযোগিতা আগবঢ়াবলৈ উৎসাহিত কৰে। যৌথ গৱেষণা প্ৰকল্পক প্ৰসাৰিত কৰা আৰু গৱেষকৰ আদান-প্ৰদানক লাভাৱান্বিত কৰাকে ধৰি গৱেষণাৰ ক্ষেত্ৰত  সহযোগিতা গভীৰ কৰাৰ কৌশলগত গুৰুত্বক দুয়োগৰাকী নেতাই পুনৰ দৃঢ়তাৰে কয়। এই প্ৰেক্ষাপটত দুয়োগৰাকী নেতাই উদ্যোগ-শৈক্ষিক সহযোগিতাৰ জৰিয়তে অৰ্ধপৰিবাহীৰ পৰা আৰম্ভ কৰি সমগ্ৰ এআই ষ্টেকত প্ৰয়োগলৈকে মানৱ সম্পদ বিনিময়ত লিপ্ত হৈ দুয়োখন দেশৰ ঔদ্যোগিক প্ৰতিযোগিতামূলক ক্ষমতাক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ভাৰতৰ শক্তিশালী এ আই মানৱ মূলধনক ঘনিষ্ঠ সহযোগিতাৰ ভেটি হিচাপে স্বীকৃতি দি তেওঁলোকে ভাৰতৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান আৰু প্ৰযুক্তি প্ৰতিভাৰ সৈতে জাপানী কোম্পানীসমূহৰ ক্ৰমবৰ্ধমান সংযোগক আদৰণি জনায়। উভয় পক্ষই জাপানী কোম্পানীসমূহক ভাৰতত এআই সম্পৰ্কীয় অনুসন্ধান আৰু বিকাশ, উদ্ভাৱন আৰু উদ্যোগৰ অংশীদাৰিত্ব সম্প্ৰসাৰণৰ বাবে উৎসাহিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাত সন্মতি প্ৰকাশ কৰে, একে সময়তে ভাৰতীয় প্ৰতিভাৰ পেছাদাৰী বিকাশ আৰু জাপানলৈ গতিশীলতাক যৌথ গৱেষণা, ইন্টাৰশ্বিপ, নিয়োগৰ সুযোগ, আৰু অন্যান্য পথৰ জৰিয়তে সহায় কৰে, যাতে জাপানী কোম্পানীসমূহ আৰু ভাৰতৰ এআই প্ৰতিভা পৰিৱেশ তন্ত্ৰৰ মাজত অধিক শক্তিশালী সংযোগ গঢ়ি তুলিব পাৰে। এই প্ৰসংগত তেওঁলোকে ২০২৬ চনৰ জানুৱাৰী মাহত ভাৰত - জাপানৰ বৈদেশিক মন্ত্ৰীসকলৰ কৌশলগত আলোচনাত উল্লেখ কৰা লক্ষ্যক পুনৰ দৃঢ় কৰে । সেয়া হৈছে ২০৩০ চনৰ ভিতৰত ভাৰতৰ পৰা ৫০০ উচ্চ দক্ষ এআই পেছাদাৰীক জাপানলৈ আমন্ত্ৰণ জনোৱা আৰু যৌথ গৱেষণাক প্ৰসাৰিত কৰা আদি।

দুয়োগৰাকী নেতাই এআইৰ দায়িত্বশীল বিকাশ, নিয়োগ আৰু শাসনৰ ক্ষেত্ৰত মানৱ মূলধন কেন্দ্ৰীয় বুলিও স্বীকাৰ কৰে । এই সন্দৰ্ভত তেওঁলোকে ভাৰত এআই প্ৰভাৱ সন্মিলনৰ সময়ত প্ৰণয়ন কৰা এআইৰ যুগত দক্ষতা আৰু পুনৰ দক্ষতাৰ বাবে স্বেচ্ছামূলক  নীতিৰ প্ৰয়োজনীয়তাৰ  বিষয়ত  আলোকপাত কৰে।

দুয়োখন দেশৰ কৌশলগত, অৰ্থনৈতিক আৰু সমাজৰ অগ্ৰাধিকাৰসমূহৰ সৈতে মোকাবিলা কৰিবলৈ এআই সমাধানৰ সহ-সৃষ্টিৰ গুৰুত্ব পুনৰ দৃঢ়তাৰে কয়, আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে চলি থকা প্ৰকল্পসমূহ ত্বৰান্বিত কৰাত সহমত প্ৰকাশ কৰে। তেওঁলোকে দুয়োখন দেশৰ নিগম, ষ্টাৰ্টআপ, গৱেষণা প্ৰতিষ্ঠান, বিনিয়োগকাৰী আৰু ৰাজহুৱা সংস্থাসমূহক সুনিৰ্দিষ্ট সমস্যাৰ বিবৃতি চিনাক্ত কৰিবলৈ আৰু  পৰিমাপযোগ্য এআই সমাধানৰ সহযোগী বিকাশ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত তেওঁলোকে প্ৰাসংগিক অংশীদাৰসকলক সফল এআই ব্যৱহাৰৰ ক্ষেত্ৰসমূহ গ্ৰহণ, প্ৰতিলিপিকৰণ আৰু স্কেল-আপত সমৰ্থন কৰিবলৈ গ্ল’বেল এআই ইমপেক্ট কমনছৰ সহায় ল’বলৈ উৎসাহিত কৰে।

৩. সকলোৰে বাবে এআই

ভাৰত এ আই ইমপেক্ট সন্মিলনত গ্ৰহণ কৰা ‘নতুন দিল্লী ঘোষণা’ৰ দ্বাৰা পোষকতা কৰা ‘এআই ফৰ অল’ৰ দৃষ্টিভংগীক দুয়োগৰাকী নেতাই আদৰণি জনায় আৰু মানৱজাতিৰ উপকাৰ, সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ বাবে, আৰু ৰাজহুৱা সেৱা প্ৰদানৰ উন্নতিৰ লক্ষ্যৰে এআইৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতাৰ কথা  পুনৰ দৃঢ় কৰে।

দুয়োগৰাকী নেতাই সমভাবাপন্ন  দেশ আৰু অন্যান্য অংশীদাৰৰ সৈতে একেলগে কাম কৰি ৰাষ্ট্ৰীয় আইন, অগ্ৰাধিকাৰ আৰু প্ৰসংগক সন্মান জনাই এআইৰ ক্ষমতা বিকাশ, কাৰিকৰী সহায়, জ্ঞান বিনিময় আদি বিষয়ক সমৰ্থন কৰাৰ সিদ্ধান্ত লয়। তৃতীয় দেশ আৰু বহু অংশীদাৰ সম্প্ৰদায়ৰ অংশীদাৰসকলৰ সৈতে সহযোগিতা শক্তিশালী কৰাটো এক নিৰাপদ, সুৰক্ষিত, অন্তৰ্ভুক্ত, বহনক্ষম, স্থিতিস্থাপক, আৰু বিশ্বাসযোগ্য এআই পৰিৱেশ তন্ত্ৰৰ সহযোগিতাৰ মূল চাবিকাঠি বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জাপানৰ প্রধানমন্ত্রী তাকাইচি ছানাইক আদৰণি  জনোৱাৰ লগতে জাপানে অতি সোনকালে এ আই সন্মিলন আয়োজন কৰিবলৈ ওলোৱাৰ কথাক আৰু সমর্থন জনায়।

 

***

MJPS/SS/ST/DM


(रिलीज़ आईडी: 2280618) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Gujarati