গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এফচিআৰএ ২.০পৰ্টেল আৰু ই-অ’চিআই কাৰ্ড মুকলি

এফচিআৰএ ২.০প’ৰ্টেল আৰু ই-অ’চিআই কাৰ্ড উদ্যোগসমূহে নাগৰিকসকলৰ বাবে সুবিধা বৃদ্ধি কৰিব, ই-অ’চিআই কাৰ্ড মুকলি কৰিলে ৫০লাখতকৈও অধিক অ’চিআই কাৰ্ডধাৰী উপকৃত হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ‘নূন্যতম চৰকাৰ, সৰ্বাধিক প্ৰশাসন’ নীতিত কাম কৰি আছে

যেতিয়া অভিপ্ৰায় শুদ্ধ হয়, নীতি স্পষ্ট হয় আৰু প্ৰযুক্তি গ্ৰহণ কৰাৰ মানসিকতা থাকে, তেতিয়া সৎ লোকসকলৰ বাবে প্ৰশাসন সহজ হৈ পৰে আৰু অপৰাধীসকলৰ ওপৰত কঠোৰ হয়

২০১৪ চনৰ পূৰ্বে এফচিআৰএ ব্যৱস্থা ফাইলৰ সৈতে জড়িত আছিল আৰু নিৰীক্ষণৰ বাহিৰত আছিল, মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত জটিল প্ৰক্ৰিয়াত আবদ্ধ হৈ থকা এফচিআৰএ ব্যৱস্থাটোক শক্তিশালী কৰা হৈছে

আবেদনৰ বৰ্ধিত সংখ্যা আৰু অনুদানৰ প্ৰবাহৰ কথা বিবেচনা কৰি, কাগজ-পত্ৰৰ কাম হ্ৰাস কৰা আৰু বিদেশী অৱদানৰ সঠিক নিৰীক্ষণ বজাই ৰখাটো দেশৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ

এফচিআৰএ ২.০ প’ৰ্টেলে কাগজ-পত্ৰৰ কাম হ্ৰাস কৰিব, আবেদনৰ প্ৰক্ৰিয়াকৰণ ত্বৰান্বিত কৰিব আৰু বিদেশী অৱদানৰ কাৰ্যকৰী বাস্তৱ-সময় নিৰীক্ষণ নিশ্চিত কৰিব

এতিয়া শাৰীৰিকভাৱে নথিপত্ৰ জমা দিয়াৰ প্ৰয়োজনীয়তাও আঁতৰ কৰা হ’ব

এফচিআৰএ আইনৰ ফলত ভুল উদ্দেশ্যৰে অহা বিদেশী অৱদানৰ ওপৰত নিৰীক্ষণ বৃদ্ধি পাব

प्रविष्टि तिथि: 30 JUN 2026 5:09PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত এফচিআৰএ ২.০ পৰ্টেল আৰু ই-অ’চিআই কাৰ্ড মুকলি কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব, বৈদেশিক সচিব, চোৰাংচোৱা ব্যুৰো (আইবি)ৰ সঞ্চালক আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।

এই উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে তেওঁৰ সম্বোধনত কয় যে আজি আৰম্ভ কৰা দুয়োটা নতুন পদক্ষেপ নাগৰিকৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত অত্যন্ত লাভজনক বুলি প্ৰমাণিত হ’ব। তেওঁ কয় যে আজি আৰম্ভ হোৱা এই দুয়োটা পদক্ষেপে নাগৰিকসকলৰ বাবে সুবিধা বৃদ্ধি কৰিব আৰু বিশেষকৈ এফচিআৰএ প’ৰ্টেলৰ জৰিয়তে অনুদান গ্ৰহণ কৰাসকলে সন্মুখীন হোৱা অসুবিধাসমূহ সমাধান কৰিব। তেওঁ স্মৰণ কৰি কয় যে ২০১৪ চনত যেতিয়া শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া তেওঁ কৈছিল যে আমাৰ চৰকাৰে ‘নূন্যতম চৰকাৰ, সৰ্বাধিক প্ৰশাসন’ নীতিৰ ওপৰত কাম কৰিব। শ্ৰী শ্বাহে লগতে কয় যে যেতিয়া অভিপ্ৰায় স্পষ্ট হয়, নীতি স্বচ্ছ হয় আৰু প্ৰযুক্তি গ্ৰহণ কৰাৰ মানসিকতা থাকে, তেতিয়া সৎ লোকসকলৰ বাবে সকলো ধৰণৰ প্ৰশাসন অতি সহজ হৈ পৰে, অপৰাধীসকলৰ বাবে এক কঠোৰ নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হয় যাতে দেশক ক্ৰমান্বয়ে সুৰক্ষিত কৰি তুলিব পাৰি।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনৰ পূৰ্বে এফচিআৰএ ব্যৱস্থা ফাইল আৰু প্ৰক্ৰিয়াত জড়িত আছিল আৰু সঠিক নিৰীক্ষণৰ বাহিৰত আছিল, যি ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু উন্নয়ন দুয়োটাৰে বাবে গুৰুত্বপূৰ্ণ। তেওঁ কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত এই ব্যৱস্থাটো শক্তিশালী কৰা হয়। আজি এফচিআৰএ প’ৰ্টেলৰ নৱীকৰণে সংগঠনসমূহৰ বাবে কাৰ্য্যকলাপৰ সূচলতা যথেষ্ট বৃদ্ধি কৰিব। তেওঁ কয় যে বিগত বছৰবোৰত আবেদনৰ সংখ্যা আৰু অনুদানৰ প্ৰবাহ যথেষ্ট বৃদ্ধি পাইছে। এই কথা মনত ৰাখি, কাগজ-পত্ৰৰ কাম হ্ৰাস কৰা আৰু বিদেশী অৱদানৰ বাস্তৱ-সময়ৰ ফলপ্ৰসূ নিৰীক্ষণ নিশ্চিত কৰাটো দেশৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে এফচিআৰএ আইনৰ ফলত ভুল উদ্দেশ্যৰে অহা বিদেশী অৱদানৰ ওপৰত নিৰীক্ষণ বৃদ্ধি পাব। শ্ৰী শ্বাহে কয় যে এই নতুন ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে নথিপত্ৰসমূহ শাৰীৰিকভাৱে দাখিল কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ’ব। ই-ছাইন-আধাৰিত প্ৰমাণীকৰণ, অ’চিআৰ (অপ্টিকেল কেৰেক্টাৰ ৰেকগনিশ্যন), আৰু এনজিঅ’ দৰ্পন বেংক একাউণ্ট একত্ৰীকৰণ ব্যৱস্থাৰ দৰে সুবিধাসমূহ নিশ্চিত কৰা হ’ব। তেওঁ লগতে কয় যে যিহেতু এই সকলোবোৰ তথ্য ‘মেঘৰাজ’(চৰকাৰী ক্লাউড) ত হোষ্ট কৰা হ’ব, সেয়েহে তথ্য চুৰি হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস হ’ব। ইয়াৰ লগতে অহা মাহবোৰত এফচিআৰএ মোবাইল এপ্লিকেচন, এআই-চালিত চেটবট আৰু বেংকসমূহৰ বাবে এক সমৰ্পিত অনলাইন ডেশ্বব’ৰ্ডো মুকলি কৰা হ’ব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে আজি ই-অ’চিআই কাৰ্ডো মুকলি কৰা হৈছে। তেওঁ কয় যে এই নতুন ব্যৱস্থাত অ’চি আই প্ৰণালীত সন্মুখীন হোৱা প্ৰাৰম্ভিক সমস্যাবোৰ সমাধান কৰা হৈছে আৰু ই ৫০ লাখতকৈও অধিক অ’চিআই কাৰ্ডধাৰীৰ বাবে যথেষ্ট সুবিধা কঢ়িয়াই আনিব। ২০ বছৰৰ পাছত যেতিয়া নতুন পাছপোৰ্ট জাৰি কৰা হ’ব তেতিয়া অ’চিআই পুস্তিকা পুনৰ জাৰী কৰাৰ প্ৰয়োজন নহ’ব আৰু কাৰ্ডধাৰীৰ পঞ্জীয়ন নম্বৰো অনন্য হৈ পৰিব। তদুপৰি, ডিজিটেল অ’চি আই কাৰ্ডৰ জৰিয়তে নথিপত্ৰ হেৰুওৱা বা ক্ষতিগ্ৰস্ত হোৱাৰ সমস্যা দূৰ হ’ব আৰু কাৰ্ডধাৰীসকলে নিজাববীয়াকৈ বাস্তৱ-সময়ৰ প্ৰমাণীকৰণ কৰিব পাৰিব।

এফচিআৰএ ২.০ ৰ্টেল

এফচিআৰএ ২.০ প’ৰ্টেলটো বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইনৰ অধীনত অনুপালন সৰল কৰিবলৈ আৰু নিৰীক্ষণ তথা প্ৰৱৰ্তন ব্যৱস্থাটোক শক্তিশালী কৰিবলৈ বিকশিত কৰা হৈছে। আবেদন, নৱীকৰণ, বাৰ্ষিক ৰিটাৰ্ণ আৰু অন্যান্য সেৱাৰ সৈতে সম্পৰ্কিত সকলো মুখ্য প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণৰূপে ডিজিটেল (এণ্ড-টু-এণ্ড) কৰা হৈছে। বৰ্তমান সমগ্ৰ দেশতে প্ৰায় ১৪,৫০০ সক্ৰিয় এফচিআৰএ সংগঠনে কাম কৰি আছে। প্ৰতি বছৰে প্ৰায় ১৫,০০০ ৰ পৰা ২০,০০০ আবেদন আৰু প্ৰায় ১৭,০০০ বাৰ্ষিক ৰিটাৰ্ণ লাভ কৰা হয়। ইমান বৃহৎ পৰিমাণৰ বাবে, এক আধুনিক, প্ৰযুক্তি-সক্ষম আৰু সুৰক্ষিত ব্যৱস্থাৰ প্ৰয়োজনীয়তা দীৰ্ঘদিন ধৰি অনুভৱ কৰা হৈছিল। ৰাষ্ট্ৰীয় চৰকাৰ ক্লাউড (মেঘৰাজ)ত হোষ্ট কৰা এই প’ৰ্টেলত প্ৰক্ৰিয়া পুনৰ অভিযান্ত্ৰিক, এক সংহত ডেশ্বব’ৰ্ড, আধাৰ প্ৰমাণীকৰণ, ই-ছাইন সুবিধা, আৰু অ’চিআৰ-আধাৰিত নথিপত্ৰ বিশ্লেষণৰ দৰে বৈশিষ্ট্য অন্তৰ্ভুক্ত আছে। নতুন এফচিআৰএ সংশোধনী নিয়ম, ২০২৬ -ৰ মূল ব্যৱস্থাবোৰো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। এই প’ৰ্টেলটো প্ৰধান চৰকাৰী তথ্যভাণ্ডাৰ আৰু বেংকসমূহৰ সৈতে একত্ৰিত কৰা হৈছে, যাৰ ভিতৰত আছে পেন, আধাৰ, অ'চিআই, এনজিঅ’ দৰ্পন, আৰু আইচিএআইৰ ইউডিআইএন প্ৰণালী।

সংগঠনসমূহৰ বাবে, এই প’ৰ্টেলে কাগজ-পত্ৰৰ কাম হ্ৰাস কৰে, সময় ৰাহি কৰে আৰু এক সৰল তথা অধিক সুবিধাজনক অভিজ্ঞতা প্ৰদান কৰে। ইয়াত এপ্লিকেচনসমূহত দ্ৰুত প্ৰক্ৰিয়াকৰণ আৰু এক সংহত, লগইন-আধাৰিত ডেশ্বব’ৰ্ড অন্তৰ্ভুক্ত আছে। চৰকাৰৰ বাবে, প্ৰধান ডাটাবেছসমূহৰ সৈতে এপিআই-আধাৰিত একত্ৰীকৰণে দ্ৰুত আৰু অধিক সঠিক প্ৰমাণীকৰণ, উন্নত অনুপালন নিৰীক্ষণ,  বিদেশী অৱদানৰ ৰচিদ আৰু ব্যৱহাৰৰ কাৰ্যকৰী নিৰীক্ষণ সক্ষম কৰে-যাৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সুশাসন দুয়োটাই শক্তিশালী হয়। এই মঞ্চখন এআই-চালিত চেটবট আৰু মোবাইল-আধাৰিত প্ৰৱেশাধিকাৰৰ দৰে ভৱিষ্যতৰ বৈশিষ্ট্যসমূহ সামঞ্জস্য কৰাৰ বাবেও ডিজাইন কৰা হৈছে।

ই-অচিআই কাৰ্ড

ইলেক্ট্ৰনিক অভাৰচিজ চিটিজেন অৱ ইণ্ডিয়া (ই-অ’চিআই) কাৰ্ড হৈছে এক প্ৰধান নাগৰিক-কেন্দ্ৰিক পদক্ষেপ যাৰ লক্ষ্য হৈছে এটা সম্পূৰ্ণ ডিজিটেল ব্যৱস্থাৰ জৰিয়তে বিশ্বব্যাপী  প্ৰবাসী ভাৰতীয়ৰ বাবে অ’চিআই সেৱাসমূহৰ ৰূপান্তৰ সাধন কৰা। এই ব্যৱস্থাৰ অধীনত, আবেদনকাৰীসকলে সম্পূৰ্ণ অ’চিআই প্ৰক্ৰিয়া অনলাইনত সম্পূৰ্ণ কৰিব পাৰে-আবেদন দাখিল কৰা আৰু সমৰ্থনকাৰী নথিপত্ৰ আপলোড কৰাৰ পৰা আৰম্ভ কৰি অনুমোদনৰ পাছত ডিজিটেলভাৱে সৃষ্টি কৰা কাৰ্ড ডাউনলোড কৰালৈকে। বৰ্তমানৰ কাৰ্ডধাৰীসকলে বেছিভাগ ক্ষেত্ৰতে নতুন আবেদন বা শাৰীৰিক প্ৰমাণীকৰণৰ প্ৰয়োজন নোহোৱাকৈয়ে তেওঁলোকৰ ই-অ’চিআই কাৰ্ড ডিজিটেলভাৱে লাভ কৰিব পাৰে। নতুন ব্যৱস্থাৰ অধীনত, ২০ বছৰ বয়সৰ পাছত নতুন পাছপোৰ্ট লাভ কৰাৰ অন্তত অ’চিআই পুস্তিকা পুনৰ জাৰী কৰাৰ প্ৰয়োজনীয়তা আঁতৰ কৰা হৈছে। অৱশ্যে, যেতিয়াই নতুন পাছপোৰ্ট জাৰী কৰা হয়, কাৰ্ডধাৰীসকলে তেওঁলোকৰ পাছপোৰ্ট সম্পৰ্কীয় সবিশেষ অনলাইনত আপডেট কৰিব লাগিব।

আবেদনকাৰীসকলৰ বাবে, এই প্ৰণালীয়ে এক সুবিধাজনক আৰু সম্পূৰ্ণ ডিজিটেল অভিজ্ঞতা প্ৰদান কৰে যি শাৰীৰিক উপস্থিতিৰ প্ৰয়োজনীয়তা আঁতৰ কৰে, মোবাইল ডিভাইচৰ জৰিয়তে যিকোনো সময়তে প্ৰৱেশৰ অনুমতি দিয়ে, ডিজিটেল জাৰীৰ জৰিয়তে প্ৰক্ৰিয়াকৰণৰ গতি বৃদ্ধি কৰে, শাৰীৰিক নথিপত্ৰ হেৰুওৱা বা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আঁতৰ কৰে  আৰু দ্ৰুত প্ৰব্ৰজন ক্লিয়াৰেন্স সক্ষম কৰি মসৃণ ভ্ৰমণৰ সুবিধা প্ৰদান কৰে। চৰকাৰৰ বাবে, ই-অ’চিআই প্ৰণালীয়ে সম্পূৰ্ণৰূপে অনলাইন প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰে, কাগজ-পত্ৰৰ কাম আৰু প্ৰশাসনিক ব্যয় হ্ৰাস কৰে, তথ্য ব্যৱস্থাপনা আৰু কেন্দ্ৰীয় ট্ৰেকিং শক্তিশালী কৰে আৰু বিমানবন্দৰত বাস্তৱ-সময়ৰ সত্যাপনৰ বাবে ডিজিটেল প্ৰব্ৰজন প্ৰণালীৰ সৈতে একত্ৰিত কৰে। ইয়াৰ ফলত উন্নত পৰিচয় প্ৰমাণীকৰণ, উন্নত সুৰক্ষা আৰু প্ৰতাৰণাৰ আশংকা হ্ৰাস পায়।

এফচিআৰএ ২.০ প’ৰ্টেল আৰু ই-অ’চিআই কাৰ্ডৰ শুভাৰম্ভ গৃহ মন্ত্ৰালয়ৰ উন্নত প্ৰশাসন আৰু ৰাজহুৱা সেৱা প্ৰদানৰ বাবে প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ সাফল্য। ই এক অধিক স্বচ্ছ, সুৰক্ষিত আৰু ডিজিটেলভাৱে শক্তিশালী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাত অৰিহণা যোগায়।

 

****

RK/PR/PS/MK


(रिलीज़ आईडी: 2279653) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Malayalam , English , Urdu , Marathi , हिन्दी , Gujarati , Odia , Tamil , Kannada