প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছেচেলছলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণ

प्रविष्टि तिथि: 28 JUN 2026 8:20PM by PIB Guwahati

২০২৬ চনৰ ২৭-২৯ জুনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ছেচেলছ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী তথা ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে আজি মাহেৰ ভিক্টোৰিয়াৰ ষ্টেট হাউছত আনুষ্ঠানিক আলোচনাত মিলিত হয়।

এই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সামৰি লোৱা আলোচনাত দুয়োগৰাকী নেতাই স্বাস্থ্য, শিক্ষা, সামৰ্থ্য বিকাশ, ডিজিটেল ৰূপান্তৰ, বহনক্ষম উন্নয়ন, সামাজিক আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, সামুদ্ৰিক সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। তেওঁলোকে ভাৰত মহাসাগৰীয় অঞ্চলত অবৈধ মাছ ধৰা, ড্ৰাগছ সৰবৰাহ, পাইৰেচি আদি প্ৰত্যাহ্বানকে ধৰি আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ বিষয়েও মত বিনিময় কৰে। দুয়োগৰাকী নেতাই ভাৰতে ঘোষণা কৰা বিশেষ অৰ্থনৈতিক পেকেজৰ অধীনত প্ৰকল্প আৰু পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছেচেলছৰ উন্নয়নৰ অগ্ৰাধিকাৰক সমৰ্থন কৰাৰ লগতে দুয়োখন দেশৰ ঘনিষ্ঠতা আৰু চিৰস্থায়ী অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

আনুষ্ঠানিক আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভাৰত আৰু ছেচেলছৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত এক যৌথ স্মৃতিগ্ৰন্থৰ ল’গ’ মুকলি কৰে। ইয়াৰ পিছত সামৰ্থ্য বিকাশ, ইউপিআই, স্বাস্থ্য, কৃষি, জাহাজ পৰিবহণ, মহাকাশ, প্ৰত্যাৰ্পণ আৰু ক্ৰেডিট লাইনৰ ক্ষেত্ৰত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। লাইন অব ক্ৰেডিটৰ পৰিমাণ আছিল ১২৫০ কোটি টকা। বুজাবুজি চুক্তিসমূহৰ সম্পূৰ্ণ তালিকা ইয়াত পোৱা যাব [link]। ইয়াৰ উপৰি ছেচেলছৰ উন্নয়নৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰিবলৈ খাদ্য সুৰক্ষা, আন্তঃগাঁথনি, স্বাস্থ্য, বৃত্তিমূলক প্ৰশিক্ষণ, সামুদ্ৰিক সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও ঘোষণা কৰা হৈছিল। এই ঘোষণাসমূহৰ সবিশেষ ইয়াত [link] পোৱা যাব। ছেচেলছে ক’লিউচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই)ত যোগদান কৰাৰ কথাও ঘোষণা কৰে।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে ছেচেলছৰ ৰাষ্ট্ৰীয় সংসদৰ বিশেষ অধিৱেশনত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। তেওঁৰ ভাষণত তেওঁ ভাৰত আৰু ছেচেলছৰ মাজত বন্ধুত্বৰ ঐতিহাসিক বান্ধোনৰ ওপৰত আলোকপাত কৰে আৰু দুয়োখন দেশক পথ প্ৰদৰ্শন কৰা গণতন্ত্ৰ, আইনৰ শাসন আৰু জনকেন্দ্ৰিক সুশাসনৰ ভাগ-বতৰা কৰা মূল্যবোধৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে পাৰস্পৰিক বিশ্বাস আৰু ঘনিষ্ঠ সহযোগিতাই উন্নয়ন সহযোগিতা, সামুদ্ৰিক সুৰক্ষা, প্ৰযুক্তি, উদ্ভাৱন, স্বাস্থ্য আৰু সামৰ্থ্য বিকাশৰ দৰে ক্ষেত্ৰসমূহক সামৰি এক শক্তিশালী অংশীদাৰিত্ব গঢ় দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন গণতন্ত্ৰৰ মাজত সংসদীয় আদান-প্ৰদান আৰু অধিক বৃদ্ধিৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীৰ সম্পূৰ্ণ ভাষণ ইয়াত চাব পাৰিব [link]

ছেচেলছৰ বিৰোধী দলৰ নেতা মহামান্য মিষ্টাৰ বাৰ্নাৰ্ড জৰ্জেও প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত-ছেচেলছৰ দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত আলোচনা কৰি দুয়োখন দেশৰ বিশেষ বন্ধুত্বক অধিক শক্তিশালী কৰাৰ বাবে দৃঢ় সমর্থন প্রকাশ কৰে৷

 

***

 

MJPS/SS/VJ/KD


(रिलीज़ आईडी: 2278756) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Kannada , Malayalam