প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কলকাতাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
25 JUN 2026 11:13AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে আশ্বাস দিয়ে যে আক্ৰান্তসকলে যাতে সকলোপ্ৰকাৰৰ সহায় লাভ কৰে, তাক নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে অহৰ্নিশে কাম কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।
এক্সত শ্ৰী মোদীয়ে পোষ্ট কৰিছে;
কালি কলকাতাত সংঘটিত দুৰ্ঘটনাটো অত্যন্ত দুখজনক। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব। আক্ৰান্তসকলে যাতে সকলোপ্ৰকাৰৰ সহায় লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে অহৰ্নিশে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী @narendramodi
**********
MJPS/SS/VJ/NB
(रिलीज़ आईडी: 2277636)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Kannada