প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰিপাব্লিক চামিট ২০২৬ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

ভাৰত কেৱল ক্ষিপ্ৰ গতিত বিকাশশীল অৰ্থনীতিয়েই নহয়, বৰঞ্চ এক বিশ্বাসযোগ্য অৰ্থনীতিও: প্ৰধানমন্ত্ৰী

এক উদীয়মান শক্তি হোৱাৰ সমান্তৰালকৈ ভাৰত এক নিৰ্ভৰযোগ্য শক্তিও: প্ৰধানমন্ত্ৰী

ভাৰতৰ বাবে 'ৰাষ্ট্ৰ প্ৰথম' নীতিয়েই হৈছে সৰ্বোচ্চ মাৰ্গদৰ্শক প্ৰেৰণা: প্ৰধানমন্ত্ৰী

ভাৰতত মাওবাদীয়ে শেষ নিশ্বাস লৈছে: প্ৰধানমন্ত্ৰী

"এই কাম কেতিয়াও সম্ভৱ নহয়" মনোভাৱৰ পৰা "এই কাম কৰা হ’বই" মনোভাৱলৈ অহা পৰিৱৰ্তনটোৱেই ভাৰতৰ আটাইতকৈ ডাঙৰ সাফল্য: প্ৰধানমন্ত্ৰী

চৰকাৰে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সৱলীকৰণ কৰিছে: প্ৰধানমন্ত্ৰী

১৪০ কোটি ভাৰতীয়ৰ সামূহিক প্ৰচেষ্টাই 'বিকশিত ভাৰত'ৰ সপোন বাস্তৱায়িত কৰিব: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 22 JUN 2026 10:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত "মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম" বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।

সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে "ৰাষ্ট্ৰ প্ৰথম" ভাৱনাটোৱেই হৈছে বিগত এক দশকত ভাৰতে লাভ কৰা সাফল্য আৰু এক বিশ্বাসযোগ্য বিশ্ব শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ অন্তৰালৰ মূল মাৰ্গদৰ্শক নীতি। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত এক সুদীৰ্ঘ ঐতিহাসিক স্মৃতিসম্পন্ন সভ্যতা আৰু ইয়াৰ প্ৰগতি তথা প্ৰতিকূল পৰিস্থিতি, উভয়ৰে পৰা শিক্ষা গ্ৰহণ কৰাৰ এক অনবদ্য ক্ষমতা আছে। তেওঁ মন্তব্য কৰে যে আজি গ্ৰহণ কৰা সিদ্ধান্ত আৰু পদক্ষেপসমূহে অনাগত শতিকাসমূহৰ বাবে দেশৰ ভৱিষ্যতৰ ভেটি স্থাপন কৰিছে। তেওঁ কয়, "দেশখন কেৱল বিশ্বৰ অন্যতম ক্ষিপ্ৰ গতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপেই নহয়, বৰঞ্চ এক বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপেও মূৰ দাঙি উঠিছে। ভাৰতৰ এই উত্থান বিশ্বাস, স্থিৰতা আৰু বৃহত্ গোলকীয় কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰত প্ৰতিষ্ঠিত।"

শেহতীয়াকৈ জি-৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ নেতাসকলে 'ৰাষ্ট্ৰ প্ৰথম' নীতিৰ প্ৰতি ভাৰতৰ অটল দায়বদ্ধতাক স্বীকাৰ কৰে। তেওঁ লগতে কয় যে এই মাৰ্গদৰ্শক দৰ্শনেই দেশৰ নীতি, অগ্ৰাধিকাৰ আৰু প্ৰত্যাশাক গঢ় দি আহিছে, যাৰ ফলত দেশখন উন্নয়ণৰ পথত অগ্ৰসৰ হৈছে।

চৰকাৰৰ ১২ বছৰীয়া সেৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বচ্ছ ভাৰত, মেক ইন ইণ্ডিয়া, খাদীৰ প্ৰসাৰ আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ দৰে প্ৰধান ৰাষ্ট্ৰীয় পদক্ষেপসমূহ সফল হোৱাৰ কাৰণ হৈছে দেশৰ নাগৰিকসকলে ৰাষ্ট্ৰক প্ৰথম স্থান দিয়াৰ ভাৱনাক আদৰি লৈছিল। জনজাতীয় আৰু মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত এই দৃষ্টিভংগীৰ পৰিৱৰ্তনকাৰী প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এসময়ত হিংসা আৰু অনগ্ৰসৰতাৰ কবলত পৰা অঞ্চলসমূহে এতিয়া অভূতপূৰ্ব প্ৰগতিৰ সাক্ষী হৈছে। বিগত এক দশকত প্ৰভাৱিত অঞ্চলসমূহত ১২,০০০ কিলোমিটৰতকৈও অধিক পথ, ৯,৫০০তকৈও অধিক ম’বাইল টাৱাৰ, বেংকিং সুবিধা, ডাকঘৰ আৰু যোগাযোগ নেটৱৰ্ক স্থাপন কৰা হৈছে।"

শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত দশকবোৰত হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি লোৱা মাওবাদী হিংসা এতিয়া দৃঢ় সুৰক্ষা ব্যৱস্থা আৰু খৰতকীয়া উন্নয়নৰ যুটীয়া প্ৰচেষ্টাৰ বাবে অন্তিম পৰ্যায়ত উপনীত হৈছে। তেওঁ উল্লেখ কৰে যে, "বাষ্টাৰ অলিম্পিকৰ ক্ৰমবৰ্ধমান সাফল্যই প্ৰমাণ কৰে যে এসময়ত এই অঞ্চলটোৰ সৈতে জড়িত থকা ভয় আৰু অনিশ্চয়তাৰ স্থান এতিয়া যুৱক-যুৱতীসকলৰ প্ৰত্যাশা আৰু প্ৰতিভাই লৈছে।"

আকাংক্ষী ভাৰতৰ উত্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে দেশখনে নিৰাশাবাদৰ যুগৰ পৰা আত্মবিশ্বাস আৰু সুযোগৰ যুগত প্ৰৱেশ কৰিছে। তেওঁ মন্তব্য কৰে যে "পৰিৱৰ্তন সম্ভৱ" বুলি গঢ়ি উঠা এই বিশ্বাসেই ভাৰতৰ অন্যতম ডাঙৰ শক্তি হৈ পৰিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে, "আকাংক্ষী জিলা আৰু আকাংক্ষী ব্লক কাৰ্যসূচীয়ে দেশৰ কিছুমান পিছপৰা অঞ্চলক উন্নয়নৰ চালিকা শক্তিলৈ ৰূপান্তৰিত কৰিছে। এই প্ৰচেষ্টাসমূহে লাখ লাখ নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত আৰু সুযোগৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ অৱদান যোগাইছে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ সুফল কেৱল ব্যক্তিগত হিতাধিকাৰীৰ মাজতেই সীমাবদ্ধ থকা নাই, বৰঞ্চ ই সমগ্ৰ সমাজৰ সমৃদ্ধিত অৰিহণা যোগাইছে। তেওঁ মন্তব্য কৰে যে, "শেহতীয়া বছৰবোৰত প্ৰায় ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ ফলত এক বিশাল নব্য-মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিছে, যিয়ে অৰ্থনৈতিক কাৰ্যকলাপ শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সুযোগ সম্প্ৰসাৰিত কৰিছে। দৰিদ্ৰতা দূৰীকৰণ কেৱল এক কল্যাণকামী লক্ষ্যই নহয়, বৰঞ্চ ই বিকাশ, আকাংক্ষা আৰু সামাজিক গতিশীলতাৰো এক অনুঘটক।"

বিগত এক দশকত চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে মধ্যবিত্ত পৰিয়ালসমূহৰ সহজ জীৱন ধাৰণৰ মান উন্নত কৰাটো চৰকাৰৰ সদায় এক মুখ্য অগ্ৰাধিকাৰ হৈ আহিছে। থমকি ৰোৱা গৃহ নিৰ্মাণ প্ৰকল্পসমূহৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে পলম হোৱা আৱাসিক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাত সহায়ক হোৱাকৈ ২৫,০০০ কোটি টকাৰ এটা বিশেষ পুঁজি গঠন কৰা হৈছিল, যাৰ ফলত দেশজুৰি হাজাৰ হাজাৰ ক্ৰেতাই নিজৰ ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ দৃঢ়তাৰে কয় যে, "সুলভ মূল্যৰ গৃহ ঋণ, ডিজিটেল সেৱা আৰু উন্নত চহৰীয়া আন্তঃগাঁথনিয়ে নাগৰিকৰ জীৱনৰ মানদণ্ড লক্ষণীয়ভাৱে বৃদ্ধি কৰিছে। 'স্পেচিয়েল উইণ্ড' ফৰ এফৰ্ডেবল এণ্ড মিড-ইনকাম হাউছিং' (SWAMIH) পুঁজিৰ দৰে পদক্ষেপে থমকি ৰোৱা হাজাৰ হাজাৰ গৃহ নিৰ্মাণ গোট সম্পূৰ্ণ কৰি ক্ৰেতাসকলক হস্তান্তৰ কৰাত সহায় কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত এক দশকত ভাৰতৰ পৰিবহন আৰু সংযোগ আন্তঃগাঁথনিৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে, "মেট্ৰ’ ৰেল নেটৱৰ্কে এতিয়া দৈনিক এক কোটিতকৈও অধিক যাত্ৰীক সেৱা আগবঢ়াইছে, আনহাতে বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰত ৰে’লৰ দৰে পদক্ষেপে সমগ্ৰ দেশতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিছে। পথ নেটৱৰ্ক, ঘাইপথ আৰু বিমানবন্দৰৰ সম্প্ৰসাৰণে যাতায়াত সুগম কৰাৰ লগতে চহৰ আৰু উদীয়মান বিকাশ কেন্দ্ৰ উভয়তে নাগৰিকৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।"

কৰ সংস্কাৰৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কৰদাতাসকলৰ ব্যয়যোগ্য আয় বৃদ্ধি কৰা আৰু কৰ সংক্ৰান্তীয় বোজা হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ লক্ষ্য কৰে যে ফেচলেচ প্ৰক্ৰিয়া আৰু অনলাইন ফাইলিং ব্যৱস্থাকে ধৰি সৰলীকৃত তথা প্ৰযুক্তি-আধাৰিত কৰ প্ৰশাসনে কৰদাতাসকলৰ সুবিধা আৰু স্বচ্ছতা বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে জন ঔষধি কেন্দ্ৰৰ দৰে পদক্ষেপৰ জৰিয়তে পৰিয়ালসমূহৰ স্বাস্থ্যসেৱাৰ খৰচ হ্ৰাস কৰাৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰো বুজ লয়, যিয়ে সুলভ মূল্যত ঔষধ যোগান ধৰে। তদুপৰি বিভিন্ন কল্যাণকামী আঁচনিৰ অধীনত জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্য বীমাৰ আওতালৈ অনা হৈছে। তেওঁ উল্লেখ কৰে যে এই পদক্ষেপসমূহে লাখ লাখ পৰিয়ালৰ চিকিৎসাৰ নামত পকেটৰ পৰা হোৱা খৰচ হ্ৰাস কৰাৰ লগতে স্বাস্থ্যসেৱাৰ সৰল উপলব্ধতাত সহায় কৰিছে।

মধ্যবিত্ত শ্ৰেণীক উপকৃত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ ৰেহাইৰ ব্যৱস্থাই কৰমুক্ত আয়ৰ সীমা উল্লেখনীয়ভাৱে বৃদ্ধি কৰিছে, যাৰ ফলত হাতত থকা নাটনি ধনৰ পৰিমাণ বৃদ্ধি পাইছে। তেওঁ অনলাইন ফাইলিং আৰু ফেচলেচ মূল্যায়ন প্ৰক্ৰিয়াসহ প্ৰযুক্তি-চালিত সংস্কাৰৰ জৰিয়তে কৰ প্ৰশাসনৰ সৰলীকৰণৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত নিয়ম পালনৰ বোজা হ্ৰাস পাইছে আৰু স্বচ্ছতা বৃদ্ধি পাইছে।

নাগৰিকৰ পৰিৱৰ্তিত আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ উন্নয়ন যাত্ৰাই ক্ৰমবৰ্ধমান প্ৰত্যাশাৰ এক সংস্কৃতি গঢ়ি তুলিছে, য’ত মানুহে উন্নত আন্তঃগাঁথনি, ক্ষিপ্ৰ সেৱা আৰু উচ্চ জীৱন ধাৰণৰ মানদণ্ড বিচাৰিছে। এই আকাংক্ষাসমূহ দেশৰ ভৱিষ্যতৰ প্ৰতি থকা আত্মবিশ্বাসৰ এক ইতিবাচক লক্ষণ আৰু প্ৰগতি যে সম্ভৱ, তাৰ প্ৰতি নাগৰিকৰ বিশ্বাসৰে প্ৰতিফলন।"

প্ৰধানমন্ত্ৰীয়ে কয় যে এক দ্ৰুত পৰিৱৰ্তনশীল গোলকীয় পৰিৱেশত ভাৰতৰ যুৱপ্ৰজন্ম, উদ্যোগী, উদ্ভাৱক আৰু ষ্টাৰ্ট-আপসমূহ উদীয়মান সুযোগসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অগ্ৰণী স্থানত আছে। তেওঁ 'ৰাষ্ট্ৰ প্ৰথম' নীতিৰে পৰিচালিত হৈ সংস্কাৰ, উদ্ভাৱন আৰু নাগৰিক কেন্দ্ৰিক শাসনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ দোঁহাৰে। শ্ৰী মোদীয়ে ক্ষিপ্ৰতাৰে বিকশিত হোৱা ভাৰতৰ আকাংক্ষাক একাংশ ৰাজনৈতিক মহলৰ ধাৰাবাহিক নেতিবাচকতা আৰু বিৰোধিতাৰ সৈতে তুলনা কৰে। তেওঁ লক্ষ্য কৰে যে যি সময়ত নাগৰিকসকলে ক্ৰমান্বয়ে উন্নত আন্তঃগাঁথনি, প্ৰযুক্তি, সংযোগ আৰু সুযোগ বিচাৰিছে, সেই সময়তে কিছুমান গোটে উন্নয়নমূলক পদক্ষেপসমূহৰ পৰা হোৱা সুফলসমূহ দাবী কৰাৰ পিছতো তেনে আঁচনিৰ বিৰোধিতা কৰে। ৰাষ্ট্ৰ নিৰ্মাণত গঠনমূলক অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত দৃঢ়তাৰে প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক, বিশেষকৈ যুৱপ্ৰজন্মক ভাৰতৰ উন্নয়নৰ লক্ষ্য আৰু 'ৰাষ্ট্ৰ প্ৰথম' নীতিৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণিত কয় যে সমগ্ৰ বিশ্বই বৰ্তমান অভূতপূৰ্ব বিশৃংখল পৰিস্থিতিৰ সন্মুখীন হৈছে, যিয়ে পৰম্পৰাগত ধাৰণাসমূহক প্ৰত্যাহ্বান জনোৱাৰ লগতে বিকাশ আৰু উদ্ভাৱনৰ বাবে নতুন সুযোগৰো সৃষ্টি কৰিছে। তেওঁ ভাৰতৰ যুৱশক্তি, উদ্যোগী, উদ্ভাৱক আৰু ষ্টাৰ্ট-আপসমূহক এই সুযোগসমূহ গ্ৰহণ কৰি দেশৰ প্ৰগতিত অৰিহণা যোগাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে দোঁহাৰে যে, "এই পৰিৱৰ্তনকাৰী যাত্ৰাত চৰকাৰ দৃঢ়তাৰে জনসাধাৰণৰ কাষত থিয় দিছে। দেশখন খৰতকীয়া উন্নয়নৰ পথত খোজ পেলাইছে আৰু এই গতি ধাৰাবাহিকভাৱে শক্তিশালী হৈ থাকিব।" প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক প্ৰচেষ্টা আৰু আকাংক্ষাই এক 'বিকশিত ভাৰত'ৰ সপোন বাস্তৱায়িত কৰিব আৰু ইয়াৰ বাবে তেওঁ সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

***

MJPS/SS/VJ/DB


(रिलीज़ आईडी: 2277304) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Kannada