প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে

‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগৰ যোজনা’ৰ লক্ষ্য হৈছে প্ৰথমবাৰৰ বাবে চাকৰি প্ৰত্যাশীসকলক সৱল কৰি তোলা আৰু যুৱক-যুৱতী তথা উদ্যোগৰ মাজত এখন সেতু নিৰ্মাণ কৰা : প্ৰধানমন্ত্ৰী

আমাৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, দক্ষতা তথা সামৰ্থ্যই ‘বিকশিত ভাৰত’ৰ পথ নিৰ্ধাৰণ কৰে : প্ৰধানমন্ত্ৰী

অনাগত বছৰবোৰত ভাৰতৰ যুৱক-যুৱতীসকলে বিশ্বৰ বিকাশ, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত আগৰণুৱা হ’ব :প্ৰধানমন্ত্ৰী

নেতৃত্ব দিবলৈ সাজু ভাৰত: প্ৰধানমন্ত্ৰী

একবিংশ শতিকাৰ সুযোগসমূহ সেই দেশবোৰৰ হ’ব, যিয়ে দক্ষ প্ৰতিভাক লালন-পালন কৰে, উদ্ভাৱনক উৎসাহিত কৰে আৰু গুণগত ক্ষেত্ৰত উচ্চতম মান বৰ্তাই ৰাখে : প্ৰধানমন্ত্ৰী

গোলকীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি গুণগত মানৰ সৰ্বোত্তম মান পূৰণ কৰিব লাগিব: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 19 JUN 2026 7:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।

ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ পৰা উভতি অহাৰ কিছু সময়ৰ পাছতে, য’ত তেওঁ জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু বিশ্বৰ নেতাসকলৰ সৈতে মত বিনিময় কৰিছিল, সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ প্ৰতিভা, দক্ষতা আৰু সম্ভাৱনাৰ বাবে বিশ্বজুৰি অভূতপূৰ্ব স্বীকৃতি লাভ কৰিছে। তেওঁ কয় যে বিশ্বই ভাৰতীয় যুৱক-যুৱতীসকলৰ সামৰ্থ্যক ক্ৰমান্বয়ে স্বীকৃতি দিছে আৰু প্ৰতিজন যুৱকে যাতে নিজৰ সম্ভাৱনাক সফলতালৈ ৰূপান্তৰিত কৰাৰ সুযোগ পায় তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা কেৱল নিয়োগ আঁচনিতেই সীমাবদ্ধ নহয়। ই প্ৰথমবাৰৰ বাবে চাকৰি বিচৰা যুৱক-যুৱতীসকলৰ আকাংক্ষাক শক্তিশালী কৰাৰ লগতে উদ্যোগ আৰু কৰ্মশক্তিৰ মাজত এক শক্তিশালী সেতু নিৰ্মাণৰ বাবে ৰচনা কৰা এক পদক্ষেপ।" তেওঁ লগতে উল্লেখ কৰে যে বহু আঁচনিয়ে সাধাৰণতে কৰ্মচাৰী বা নিয়োগকৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও এই কাৰ্যসূচীয়ে একেলগে দুয়োটাকে সমৰ্থন কৰে। চৰকাৰে যুৱক-যুৱতীসকলে তেওঁলোকৰ পেছাদাৰী যাত্ৰা আৰম্ভ কৰাৰ সৈতে থিয় দিয়ে আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা প্ৰতিষ্ঠানসমূহক প্ৰচাৰ কৰে।

আঁচনিখনৰ সফলতাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এতিয়ালৈকে প্ৰায় ৭০ লাখ নতুন চাকৰিৰ সৃষ্টি হৈছে আৰু সমানসংখ্যক প্ৰথমবাৰৰ বাবে চাকৰি বিচৰা লোকক সামাজিক সুৰক্ষাৰ পৰিসৰৰ অধীনলৈ অনা হৈছে। তেওঁ আৰু কয় যে প্ৰায় ২০ লাখ যুৱকে প্ৰথম চাকৰিত ছমাহ সম্পূৰ্ণ কৰিছে, আনহাতে এই মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে প্ৰায় ১০ লাখ হিতাধিকাৰীয়ে আঁচনিৰ অধীনত উদগনি লাভ কৰিছে। ২০০০ কোটি টকাতকৈ অধিক ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। এই সাহায্যক কেৱল আৰ্থিক সাহায্যতকৈও অধিক বুলি অভিহিত কৰি মোদীয়ে কয় যে ই দেশৰ যুৱক-যুৱতীসকলৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি থকা আস্থাক প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ অংশগ্ৰহণক লৈও সন্তুষ্টি প্ৰকাশ কৰে। "চৰকাৰ, উদ্যোগ আৰু যুৱক-যুৱতীসকলে একেলগে কাম কৰিলে নিয়োগ সৃষ্টিৰ গতি লাভ কৰে। এই পদক্ষেপ হৈছে নতুন ভাৰতৰ প্ৰতিফলন য'ত যুৱক-যুৱতীসকলে সুযোগ লাভ কৰে, উদ্যোগসমূহে উৎসাহ লাভ কৰে, আৰু নিয়োগ সৃষ্টি এক ৰাষ্ট্ৰীয় অভিযানত পৰিণত হয়", শ্ৰী মোদীয়ে লক্ষ্য কৰে।

ভাৰতৰ জনগাঁথনিগত শক্তিৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে ভাৰত বিশ্বৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম আৰু উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰা, ইয়াৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, দক্ষতা আৰু সামৰ্থ্যৰ সৈতে অন্তৰ্নিহিতভাৱে জড়িত। তেওঁ প্ৰতিজন ভাৰতীয় যুৱকে নিজৰ প্ৰতিভা আৰু উচ্চাকাংক্ষা অনুসৰি আগবাঢ়ি যাব পৰাটো নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে গুৰুত্ব সহকাৰে কয় যে বিগত ১২ বছৰত চৰকাৰে কৰ্মসংস্থাপনৰ প্ৰতিটো পথ শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। "আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ পৰা আৰম্ভ কৰি উৎপাদন, ডিজিটেল অৰ্থনীতি, মহাকাশ প্ৰযুক্তি, আৰু ষ্টাৰ্টআপলৈকে বিভিন্ন খণ্ডত উল্লেখযোগ্য প্ৰচেষ্টা চলোৱা হৈছে। মেক ইন ইণ্ডিয়া, ভ'কেল ফৰ লোকেল, স্থানীয় সামগ্ৰীসমূহ বিশ্বৰ বজাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা, আৰু মিছন মেনুফেকচাৰিঙৰ দৰে পদক্ষেপে নিয়োগ আৰু আত্মনিয়োগ দুয়োটাৰে পথ সম্প্ৰসাৰিত কৰিছে",  শ্ৰী মোদীয়ে কয়।

শ্ৰী মোদীয়ে আলোকপাত কৰে যে আন্তঃগাঁথনিত ১২ লাখ কোটি টকাতকৈ অধিক চৰকাৰী বিনিয়োগে নিয়োগ সৃষ্টিৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ৩৩ লাখ কোটি টকাতকৈ অধিক সাহায্যৰ সহায়ত লাখ লাখ যুৱকে নিজাকৈ উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। মহিলা সৱলীকৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে ১০ কোটিতকৈ অধিক মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত, আনহাতে ৩ কোটিৰো অধিক লখপতি দিদী হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে পি এম স্বনিধি আৰু পি এম বিশ্বকৰ্মাৰ দৰে পদক্ষেপে ক্ষুদ্ৰ উদ্যোগী, ৰাজপথৰ ব্যৱসায়ী, আৰু পৰম্পৰাগত শিপিনীসকলৰ জীৱিকা শক্তিশালী কৰিছে।

উদীয়মান প্ৰযুক্তিয়ে কেনেদৰে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে তাৰ উদাহৰণ হিচাপে প্ৰধানমন্ত্ৰীয়ে দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা ড্ৰ’ন খণ্ডৰ উদাহৰণ দাঙি ধৰে। ঔষধ আৰু কৃষি প্ৰয়োগৰ যোগানৰ পৰা আৰম্ভ কৰি SVAMITVA আঁচনিৰ অধীনত ভূমি মেপিং আৰু প্ৰতিৰক্ষা অভিযানলৈকে ড্ৰ’ন প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান গ্ৰহণে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন পথ মুকলি কৰিছে। ডিজিটেল অৰ্থনীতিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ে কোৱাৰ সময়ত শ্ৰী মোদীয়ে গিগ অৰ্থনীতি, প্লেটফৰ্ম ভিত্তিক সেৱা, কন্টেন্ট সৃষ্টি আৰু প্ৰযুক্তি-চালিত উদ্যোগসমূহ নিয়োগ আৰু আয়ৰ গুৰুত্বপূৰ্ণ উৎস হিচাপে উত্থানৰ ওপৰত আলোকপাত কৰে। “একালৰ কল্পনাতীত সুযোগসমূহ এতিয়া লাখ লাখ ভাৰতীয় যুৱকৰ বাবে কাৰ্যকৰী জীৱিকাত পৰিণত হৈছে। ভাৰতৰ সজীৱ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰতো একেই পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে, যিয়ে উদ্ভাৱনক লালন-পালন কৰি আহিছে, চাকৰিৰ সৃষ্টি কৰিছে, আৰু দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে বিগত দশকত ভাৰতৰ ষ্টাৰ্টআপ ইক’ছিষ্টেমৰ উল্লেখযোগ্য বৃদ্ধিৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে দেশত এসময়ত মাত্ৰ প্ৰায় ৫০০টা ষ্টাৰ্টআপ আছিল যদিও আজি দেশৰ প্ৰায় প্ৰতিখন জিলাতে ২ লাখতকৈ অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্টআপে কাম কৰি আছে। “ভাৰতৰ ভৱিষ্যতৰ প্ৰতি বিশ্ব সম্প্ৰদায় ক্ৰমান্বয়ে আশাবাদী আৰু ইয়াৰ যুৱ জনসংখ্যাৰ সামৰ্থ্যৰ ওপৰত অপৰিসীম আস্থা আছে”, শ্ৰী মোদীয়ে কয়। শেহতীয়াকৈ ফ্ৰান্স ভ্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ প্ৰযুক্তি, সেউজ শক্তি, আৰু জৈৱ প্ৰযুক্তিৰ দৰে উদীয়মান খণ্ডৰ ভাৰতীয় ষ্টাৰ্টআপ আৰু বিশ্ব বিনিয়োগকাৰীসকলক একত্ৰিত কৰা “ইণ্ডিয়া ইনোভেটছ” অনুষ্ঠানৰ সফল আয়োজনৰ কথা স্মৰণ কৰে। তেওঁ মন্তব্য কৰে যে এনে সংযোগে ভাৰতৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ প্ৰতি ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় আগ্ৰহ আৰু ভৱিষ্যতৰ প্ৰযুক্তিসমূহ গঢ় দিয়াত ইয়াৰ সম্প্ৰসাৰিত ভূমিকা প্ৰদৰ্শন কৰে।

শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে সক্ৰিয়ভাৱে বিশ্বৰ দেশসমূহৰ সৈতে নতুন বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰি আছে। এই চুক্তিসমূহে ভাৰতীয় উদ্যোগসমূহৰ বাবে নতুন বজাৰ মুকলি কৰিছে আৰু ভাৰতীয় পেছাদাৰীসকলৰ বাবে সতেজ সুযোগ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে। “যেতিয়া বিশ্বই ভৱিষ্যতৰ অৰ্থনীতিৰ বাবে প্ৰস্তুতি চলাইছে, ভাৰতে ইয়াক নেতৃত্ব দিবলৈ প্ৰস্তুতি চলাইছে।যেতিয়া জাতিসমূহে ক্ৰমান্বয়ে ভৱিষ্যতৰ প্ৰযুক্তিৰ দিশত আগবাঢ়িছে, ভাৰতে নিজৰ যুৱক-যুৱতীসকলক দ্ৰুতগতিত বিকশিত হোৱা বিশ্বত উন্নতি সাধন কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু সামৰ্থ্যৰে সজ্জিত কৰাত মনোনিৱেশ কৰিছে”।

প্ৰধানমন্ত্ৰীয়ে বিগত বাৰ বছৰত ভাৰতৰ নিয়োগ পৰিৱেশ তন্ত্ৰৰ এক উল্লেখযোগ্য পৰিৱৰ্তনৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে, যিটোৱে প্ৰায়ে কম মনোযোগ লাভ কৰে যদিও উন্নত ভাৰতৰ দিশত যাত্ৰাৰ বাবে গুৰুত্বপূৰ্ণ হৈয়েই আছে। 'চৰকাৰে নিয়োগক নিৰাপত্তা, মৰ্যাদা, আৰু সামাজিক সুৰক্ষাৰ সৈতে সংযোগ কৰাত গুৰুত্ব আৰোপ কৰিছে। প্ৰযুক্তিৰ সহায় লৈ কৰ্মচাৰীৰ ভৱিষ্য নিধি সংস্থা (ইপিএফঅ') আধুনিকীকৰণ কৰা হৈছে, পেঞ্চন ব্যৱস্থা সৰল কৰা হৈছে, আৰু লাখ লাখ শ্ৰমিকৰ বাবে স্বাস্থ্য বীমা আৰু সুলভ স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে। একেটা দৰ্শনেই চৰকাৰে গ্ৰহণ কৰা শ্ৰম সংস্কাৰক পথ প্ৰদৰ্শন কৰে", শ্ৰী মোদীয়ে লক্ষ্য কৰে।

ভাৰতৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত মহিলাসকলৰ ক্ৰমবৰ্ধমান অৱদানৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। “ৰাতিৰ শ্বিফ্টত নিয়োগ, ঘৰৰ পৰা কামৰ সুযোগৰ প্ৰসাৰ, আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ সৈতে জড়িত সংস্কাৰৰ উদ্দেশ্য হৈছে কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ আৰু অধিক বৃদ্ধি কৰা”, শ্ৰী মোদীয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে।

উদ্যোগৰ প্ৰতিনিধিসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে একবিংশ শতিকাৰ অৰ্থনৈতিক সফলতা নিৰ্ণয় কৰাত দক্ষ প্ৰতিভা, উদ্ভাৱন, আৰু গুণগত মানৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই শক্তিসমূহৰ অধিকাৰী দেশসমূহে সৰ্বাধিক সুযোগ আকৰ্ষণ কৰিব বুলি পৰ্যবেক্ষণ কৰে, আৰু তিনিওটা ক্ষেত্ৰতে ভাৰতৰ অভূতপূৰ্ব সম্ভাৱনা আছে বুলি দৃঢ়তাৰে কয়। “বিশ্বই ভাৰতৰ বাবে ক্ৰমান্বয়ে দুৱাৰ মুকলি কৰিছে আৰু প্ৰায় চল্লিশখন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পাদিত হৈছে।এই চুক্তিসমূহে নতুন বজাৰ সৃষ্টি কৰিছে, বিশ্বব্যাপী গ্ৰাহকৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰিছে, আৰু মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত নিৰ্মিত ব্ৰেণ্ডসমূহৰ বাবে সতেজ সুযোগ সৃষ্টি কৰিছে”, শ্ৰী মোদীয়ে মন্তব্য কৰে।

শ্ৰী মোদীয়ে কয় যে যেতিয়া কোনো জাতিয়ে বিশ্ব দৃষ্টিভংগী গ্ৰহণ কৰে তেতিয়া সফলতাৰ সীমা স্বাভাৱিকতে সম্প্ৰসাৰিত হয়। তেওঁ কয় যে একবিংশ শতিকাত প্ৰশিক্ষণ, মেণ্টৰশ্বিপ আৰু ইন্টাৰশ্বিপ এতিয়া ঐচ্ছিক নহয় বৰঞ্চ ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তিৰ অপৰিহাৰ্য উপাদান। "এখন উন্নত ভাৰতৰ দিশত যাত্ৰা কেৱল বিনিয়োগৰ দ্বাৰা পৰিচালিত নহ'ব। বৰঞ্চ ই প্ৰতিভা, দক্ষতা, আৰু উদ্ভাৱনৰ শক্তিৰ দ্বাৰা চালিত হ'ব। ৰাষ্ট্ৰীয় উন্নয়নৰ প্ৰতিটো ক্ষেত্ৰতে গুণগত মান সংজ্ঞায়িত মাপকাঠী হৈ থাকিব লাগিব। বিশ্বৰ মঞ্চত প্ৰতিযোগিতা আৰু সফলতা লাভ কৰিবলৈ ভাৰতে ধাৰাবাহিকভাৱে উচ্চতম আন্তঃৰাষ্ট্ৰীয় মানদণ্ড পূৰণ আৰু অতিক্ৰম কৰিব লাগিব", শ্ৰী মোদীয়ে আলোকপাত কৰে।

শ্ৰী মোদীয়ে লক্ষ্য কৰিছিল যে আজি বিশ্বই ভাৰতৰ ওপৰত বহুত আশা ৰাখিছে। দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতীয় যুৱক-যুৱতীসকলে এই আশাসমূহ পূৰণ কৰাই নহয়, তেওঁলোকৰ দৃঢ়তা, সৃষ্টিশীলতা, আৰু সামৰ্থ্যৰ জৰিয়তেও ইয়াক অতিক্ৰম কৰিব। তেওঁ এই আত্মবিশ্বাসক এক বিক্ষিত ভাৰতৰ প্ৰকৃত শক্তি আৰু ভাৰতৰ যুৱ শক্তিৰ অপৰিসীম সম্ভাৱনাৰ প্ৰতিফলন বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক বিপৰ্যয় বা ব্যৰ্থতাৰ বাবে নিৰুৎসাহিত নহ’বলৈও উৎসাহিত কৰে। “প্ৰতিটো বিফলতাই মূল্যৱান শিক্ষা কঢ়িয়াই লৈ ফুৰে আৰু ব্যক্তিগত বৃদ্ধি আৰু ভৱিষ্যতৰ সফলতাত অৰিহণা যোগায়।যৌৱন মনৰ প্ৰকৃত পৰিমাপ নিহিত হৈ আছে প্ৰত্যাহ্বানৰ পৰা নিৰন্তৰ শিকিব পৰা, সপোনক কৃতিত্বলৈ ৰূপান্তৰিত কৰা, প্ৰতিটো সাফল্যৰ পিছত নতুন আকাংক্ষা সৃষ্টি কৰাৰ ক্ষমতাত”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতী আৰু উদ্যমী মনোভাৱৰ প্ৰতি অদম্য বিশ্বাস প্ৰকাশ কৰি সামৰণি মাৰে সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ভাৰতবৰ্ষই উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে দেশৰ যুৱ নাগৰিকসকলৰ আকাংক্ষা, উদ্ভাৱন, উচ্চাকাংক্ষাক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

 

***

 

MJPS/SS/VJ/KD


(रिलीज़ आईडी: 2275543) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Odia , Kannada , Malayalam