তথ্যচিত্ৰৰ যাত্ৰা হৈছে ‘সুখকৰ ঘটনাৰে’ পৰিপূৰ্ণ: চলচ্চিত্ৰৰ জৰিয়তে স্মৃতি সংৰক্ষণৰ কলা সন্দৰ্ভত ১৯তম এমআইএফএফত বিশেষজ্ঞসকলৰ আলোচনা
তথ্যচিত্ৰই ভৱিষ্যত প্ৰজন্মৰ বাবে ইতিহাস, সংস্কৃতি আৰু মানৱীয় অভিজ্ঞতাসমূহ সংৰক্ষণ কৰে
১৯তম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ চলি থকাৰ মাজতে ‘ভাৰতীয় তথ্যচিত্ৰ প্ৰযোজনা সন্থা’ (আইডিপিএ)-ৰ উদ্যোগত “মানুহ, মুহূৰ্ত আৰু স্মৃতিক আৰ্কাইভ কৰাৰ মাধ্যম হিচাপে তথ্যচিত্ৰ” শীৰ্ষক বিষয়বস্তুৰ ওপৰত এখন মুকলি মঞ্চ অনুষ্ঠিত হয়। এই অধিৱেশনত চলচ্চিত্ৰ নিৰ্মাতা সুৰেশ শৰ্মা, সঞ্জীৱ নৰৱেকাৰ, ৰূপা বৰুৱা, অম্বৰীশ ৰয়চৌধুৰী আৰু অনাতাৰ ঘোষক ইউনুচ খানে একেলগে অংশগ্ৰহণ কৰি ইতিহাস, সংস্কৃতি আৰু সামূহিক স্মৃতি সংৰক্ষণৰ ক্ষেত্ৰত তথ্যচিত্ৰৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে।

পেনেলিষ্টসকলে তথ্যচিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ ওপৰত আলোকপাত কৰাৰ লগতে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে তথ্যচিত্ৰই কেৱল কোনো ঘটনা বা ব্যক্তিৰ নথিপত্ৰ হিচাপেই কাম নকৰে, বৰঞ্চ ই সামাজিক, সাংস্কৃতিক আৰু ঐতিহাসিক অভিজ্ঞতাসমূহৰ এক গুৰুত্বপূৰ্ণ আৰ্কাইভ হিচাপেও কাম কৰে।

সুৰেশ শৰ্মাই তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গৱেষণা, তথ্য-পৰীক্ষণ আৰু এটা শক্তিশালী আখ্যান বা কাহিনী-গাঁথনিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে তথ্যচিত্ৰসমূহ তেতিয়াই চিৰস্মৰণীয় হৈ পৰে, যেতিয়া সেইবোৰে চৰিত্ৰসমূহৰ সংগ্ৰাম আৰু সংবেদনশীলতাক ফুটাই তুলিব পাৰে। তেওঁ লগতে কয় যে গৱেষণাৰ সময়ত লাভ কৰা নতুন তথ্যবোৰে প্ৰায়ে চলচ্চিত্ৰখনৰ কাহিনীভাগক এক নতুন ৰূপ দিয়ে।
সঞ্জীৱ নৰৱেকাৰে তথ্যচিত্ৰক ধাৰাবাহিক ‘সুখকৰ ঘটনা’ বুলি অভিহিত কৰে, য’ত এটা কাহিনীৰ সন্ধান কৰিবলৈ গৈ প্ৰায়ে বহু অপ্ৰত্যাশিত আৱিষ্কাৰৰ মুখামুখি হ’বলগীয়া হয়। তেওঁ নতুন দৃষ্টিভংগী বিচাৰি উলিওৱা আৰু নতুন তথ্যৰ আধাৰত কাহিনীসমূহক সলনি বা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।
ৰূপা বৰুৱাই কয় যে মানুহ আৰু স্থানৰ কাহিনী ক’বলৈ নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহ সময়ৰ লগে লগে কেনেকৈ একো একোটা মূল্যৱান আৰ্কাইভেল নথিপত্ৰলৈ ৰূপান্তৰিত হয়। নিজৰ ছবি ‘ৰাইডাৰ্ছ অৱ দ্য মিষ্ট’ আৰু ‘ডটাৰ্ছ অৱ দ্য প’ল’ গড’ ৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কাহিনী কথন আৰু নিৰ্দিষ্ট গতি বজাই ৰাখি দৰ্শকক আকৰ্ষণ কৰি ৰখাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
ইউনুচ খানে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত অনাতাঁৰ তথ্যচিত্ৰৰ ভূমিকাৰ বিষয়ে কয়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলৰ যাত্ৰাৰ নথিপত্ৰ প্ৰস্তুত কৰা আৰু লোকসংগীত, সাহিত্য তথা অন্যান্য সাংস্কৃতিক পৰম্পৰাসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ‘বিবিধ ভাৰতী’ৰ প্ৰচেষ্টাৰ কথা তেওঁ উল্লেখ কৰে।
অম্বৰীশ ৰয়চৌধুৰীয়ে তথ্যচিত্ৰ নিৰ্মাণত আৰ্কাইভেল গৱেষণাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে ‘ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংৰক্ষণাগাৰ’ (এনএফএআই)-ৰ দৰে প্ৰতিষ্ঠানসমূহৰ মূল্যৱান ভূমিকাৰ কথা সোঁৱৰাই দিয়ে। ঐতিহাসিক বিষয়সমূহৰ নথিপত্ৰ প্ৰস্তুত কৰাৰ সময়ত তথ্যগত সঠিকতা আৰু সাৱধানতাৰে কৰা পৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
পেনেলিষ্টসকলে উল্লেখ কৰে যে এটা কাহিনীৰ সন্ধান হিচাপে যি যাত্ৰা আৰম্ভ হয়, সেয়া প্ৰায়েই পৰৱৰ্তী সময়ত সংস্কৃতি, স্মৃতি আৰু সামাজিক পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ আৰ্কাইভত পৰিণত হয়। স্মৃতি, পৰম্পৰা আৰু বাস্তৱ জীৱনৰ অভিজ্ঞতাসমূহ ধৰি ৰাখি তথ্যচিত্ৰসমূহে কেৱল লিখিত নথিপত্ৰৰ বহীৰ্ভূতভাৱেও ইতিহাস সংৰক্ষিত হোৱাটো নিশ্চিত কৰে। তথ্যচিত্ৰৰ গৱেষণা, আৰ্কাইভেল পদ্ধতি আৰু চলচ্চিত্ৰৰ জৰিয়তে স্মৃতি সংৰক্ষণৰ গুৰুত্বক বিষয় হিচাপে লৈ দৰ্শকৰ সৈতে কৰা এক সজীৱ মত-বিনিময়েৰে এই অধিৱেশনৰ সামৰণি পৰে।
* * *
PIB Team MIFF | Nikita Joshi/Edgar Coelho/Darshana Rane/DB
रिलीज़ आईडी:
2275541
| Visitor Counter:
32