১৯তম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF) ২০২৬ৰ তৃতীয় দিনা মাষ্টাৰক্লাছ
মুকলি মঞ্চ আৰু কৰ্মশালাই লাভ কৰিলে বিশেষ গুৰুত্ব
১৯তম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF) ২০২৬ৰ তৃতীয় দিনা চিন্তা-চৰ্চা, কাৰিকৰী দক্ষতা আৰু শৈল্পিক দৰ্শনৰ এক সজীৱ বিনিময় প্ৰত্যক্ষ কৰা হয়। কেইবাটাও নিৰ্বাচিত মাষ্টাৰক্লাছ, মুকলি মঞ্চ আৰু ব্যৱহাৰিক কৰ্মশালাৰ জৰিয়তে দেশ-বিদেশৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, নাট্য পৰিচালক আৰু কাৰিকৰসকলে চলচ্চিত্ৰ প্ৰেমীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়।

দিনটোৰ মুখ্য আকৰ্ষণসমূহৰ ভিতৰত— বিখ্যাত ফৰাচী নাট্য পৰিচালক ফেব্ৰিচ কাৰেৰ দ্বাৰা থিয়েটাৰ আৰু তথ্যচিত্ৰৰ মাজৰ সম্পৰ্কক লৈ পৰিচালিত এক মনোজ্ঞ মাষ্টাৰক্লাছ, আৰ্কাইভেল সঁজুলি হিচাপে তথ্যচিত্ৰৰ ভূমিকাৰ ওপৰত অনুষ্ঠিত এক অন্তৰ্দৃষ্টিপূৰ্ণ ‘আইডিপিএ’ মুকলি মঞ্চৰ অধিৱেশন, আৰু বঁটা প্ৰাপ্ত চিনেমাটোগ্ৰাফাৰ মধুৰা পালিতৰ নেতৃত্বত চিনেমাটোগ্ৰাফীৰ গভীৰ বোধগম্যতাৰ ওপৰত আধাৰিত এক কৰ্মশালা।

অধিৱেশন ০১
মাষ্টাৰক্লাছ: ষ্টেনিস্লাভস্কি আৰু মানৱীয় সত্যৰ সন্ধান: থিয়েটাৰৰ পৰা তথ্যচিত্ৰলৈ
১৭ জুন, ২০২৬ তাৰিখে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,২০২৬ত জনপ্ৰিয় ফৰাচী নাট্য পৰিচালক তথা সৃষ্টিশীল শিল্পী ফেব্ৰিচ কাৰেই 'ষ্টেনিস্লাভস্কি আৰু মানৱীয় সত্যৰ সন্ধান: থিয়েটাৰৰ পৰা তথ্যচিত্ৰলৈ' শীৰ্ষক বিষয়ৰ ওপৰত এটা মাষ্টাৰক্লাছ পৰিচালনা কৰে।
অধিৱেশন ০২
মুকলি মঞ্চ: মানুহ, মুহূৰ্ত আৰু স্মৃতিক আৰ্কাইভ কৰাৰ মাধ্যম হিচাপে তথ্যচিত্ৰ
১৭ জুন, ২০২৬ তাৰিখে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২৬ত 'মানুহ, মুহূৰ্ত আৰু স্মৃতিক আৰ্কাইভ কৰাৰ মাধ্যম হিচাপে তথ্যচিত্ৰ' শীৰ্ষক আইডিপিএ মুকলি মঞ্চৰ অধিৱেশনত পেনেলিষ্ট হিচাপে উপস্থিত থাকে ক্ৰমে শ্ৰী সুৰেশ শৰ্মা, শ্ৰীমতী ৰূপা বৰুৱা, শ্ৰী ইউনুচ খান আৰু শ্ৰী অম্বৰীশ ৰয়চৌধুৰী। এই অধিৱেশন পৰিচালনা কৰে জ্যেষ্ঠ চলচ্চিত্ৰ সমালোচক শ্ৰী সঞ্জীৱ নৰৱেকাৰে।

অধিৱেশন ০৩
কৰ্মশালা: মূল কলা আৰু দৃশ্যগত ভাষা: চিনেমাটোগ্ৰাফীৰ আত্মা
১৭ জুন, ২০২৬ তাৰিখে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,২০২৬-ত প্ৰখ্যাত চিনেমাটোগ্ৰাফাৰ মধুৰা পালিতে ‘মূল কলা আৰু দৃশ্যগত ভাষা: চিনেমাটোগ্ৰাফীৰ আত্মা’ বিষয়বস্তুৰ ওপৰত এখন কৰ্মশালা পৰিচালনা কৰে।

এমআইএফএফৰ বিষয়ে:
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF) হৈছে বিশ্বজুৰি নিৰ্মিত সৰ্বশ্ৰেষ্ঠ তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেচন চলচ্চিত্ৰসমূহক আদৰণি জনোৱা এক আগশাৰীৰ মঞ্চ, যিয়ে বিশেষ মাষ্টাৰক্লাছ আৰু কৰ্মশালাৰ জৰিয়তে মত বিনিময় আৰু শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়াক উৎসাহিত কৰে।
* * *
PIB Team MIFF | Riyas Babu/Mohammad Aqib Khan/Darshana Rane/DB
रिलीज़ आईडी:
2275540
| Visitor Counter:
30