প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ চোলাপুৰ গ্ৰাম্য অঞ্চলত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 JUN 2026 11:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চোলাপুৰ গ্ৰাম্য অঞ্চলত সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ তেওঁৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে আহতসকলৰ প্ৰতিগৰাকীক ৫০,০০০ টকাকৈ দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্স-ত পোষ্ট কৰা হৈছে;

"মহাৰাষ্ট্ৰৰ চোলাপুৰ গ্ৰাম্য অঞ্চলত হোৱা শোকাৱহ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছো। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলৰ প্ৰতিগৰাকী ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi"

****

MJPS/SS/ST/DD


(रिलीज़ आईडी: 2273028) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Kannada , Malayalam