প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 14 JUN 2026 4:36PM by PIB Guwahati

মহামহিম, মোৰ প্ৰিয় বন্ধু, ৰাষ্ট্ৰপতি মেক্ৰন, ভেঞ্চাৰ কেপিটেলিষ্টসকল, উদ্যোগ খণ্ডৰ নেতৃবৃন্দ আৰু উদ্ভাৱকসকল,

বঞ্জুৰ!

নমস্কাৰ!

ভাৰত ইনোভেটছৰ সৈতে জড়িত সকলো অংশগ্ৰহণকাৰীকে মই ওলগ জনাইছোঁ। এই কাৰ্যসূচীৰ সফলতাৰ বাবে মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

বিশ্বৰ বিভিন্ন দেশে ইজনে সিজনৰ সৈতে বাণিজ্য কৰে আৰু দেশসমূহৰ মাজত কৌশলগত অংশীদাৰিত্বও থাকে। কিন্তু এনে কিছুমান সম্পৰ্ক আছে যিবোৰ কেৱল পাৰস্পৰিক স্বাৰ্থৰ দ্বাৰাই নহয়, বৰঞ্চ এক উমৈহতীয়া দূৰদৰ্শিতাৰ দ্বাৰা পৰিচালিত হয়। ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক হৈছে তেনে এক অংশীদাৰিত্ব।

এই সম্পৰ্ক সংযোগ আৰু দৃঢ় বিশ্বাস—দুয়োটাৰে এক অনন্য নিদৰ্শন। ই উদ্ভাৱন আৰু প্ৰেৰণা দুয়োটাকে মূৰ্ত কৰি তোলে। ই আমাৰ উমৈহতীয়া মূল্যবোধ আৰু এক উমৈহতীয়া দূৰদৰ্শিতাৰ ওপৰত প্ৰতিষ্ঠিত।

এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।

সেয়া আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীয়েই হওক, কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় আলোচনাই হওক বা সুৰক্ষাৰ পৰা আৰম্ভ কৰি বহনক্ষমতালৈকে আমাৰ সহযোগিতাই হওক—মানৱ জাতিৰ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে আমাৰ দুই দেশে একেলগে কাম কৰি আহিছে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ শুভাৰম্ভ কৰা হৈছিল। আজি আমি সমানেই আনন্দিত যে ফ্ৰান্সৰ অংশীদাৰিত্বত ভাৰত ইনোভেটছ্ৰো শুভাৰম্ভ কৰা হৈছে।

এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰপতি মেক্ৰন, আপোনাৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত আপুনি কৈছিল যে এই শতিকাৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ ভাৰত আৰু ফ্ৰান্স একগোট হ’ব লাগিব। আজি মই গৌৰৱেৰে ক’ব পাৰোঁ যে এই পদক্ষেপ সেই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

ভাৰত ইনোভেটছ্ মঞ্চখন ভাৰতীয় প্ৰতিভা আৰু ইউৰোপীয় মূলধনৰ মাজত এখন সেতু হিচাপে মূৰ দাঙি উঠিছে। এয়া এনে এক মঞ্চ য’ত ভাৰতৰ যুৱপ্ৰজন্মই ইউৰোপীয় বিশেষজ্ঞতাৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ লাভ কৰিছে।

বন্ধুসকল,

আজি একবিংশ শতিকাৰ ভাৰতে এক গভীৰ পৰিৱৰ্তনৰ মাজেৰে গতি কৰিছে। ভাৰতে এক ষ্টাৰ্ট-আপ বিপ্লৱৰ সাক্ষী হৈছে। এই বিপ্লৱত ভাৰতৰ যুৱপ্ৰজন্মই এক নতুন মানসিকতাৰে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে সমস্যাৰ সমাধান বিচাৰি উলিয়াইছে। আমাৰ যুৱ উদ্ভাৱকসকলে প্ৰস্তুত কৰা বিশ্বমানৰ সমাধানসমূহ বিশ্বমঞ্চলৈ লৈ যোৱাৰ ক্ষেত্ৰত ভাৰত ইনোভেটছ্ এক মাধ্যম হিচাপে কাম কৰিছে। আইআইটি দিল্লীৰ বোৰ্ডৰ অধ্যক্ষ, মোৰ বন্ধু শ্ৰী হৰিশ ছালভেই এই পদক্ষেপৰ আয়োজনত উল্লেখনীয় অৱদান আগবঢ়াইছে আৰু মই তেওঁক তথা সমগ্ৰ দলটোক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজি ইয়াত বুজন সংখ্যক যুৱ উদ্যমী সমবেত হৈছে। তেওঁলোকৰ মাজত ভাৰতৰ ভৱিষ্যতৰ এক আভাস দেখা পোৱা যায়। তাত ভাৰতৰ যুৱশক্তিৰ আত্মবিশ্বাস আৰু এক নতুন ভাৰতৰ শক্তিও প্ৰত্যক্ষ কৰিব পাৰি।

এনে এক ভাৰত, যি কেৱল সমাধানৰ গ্ৰাহক হিচাপেই নহয়, বৰঞ্চ সমাধানৰ যোগানকাৰী হিচাপেহে আত্মপ্ৰকাশ কৰিছে। ইয়াত কোনোবাই যদি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে গ্ৰাম্য জীৱনৰ পৰিৱৰ্তনৰ বাবে কাম কৰিছে, আন কোনোবাই আকৌ কৃষকসকলক সহায় কৰিবলৈ উপগ্ৰহ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। একাংশ যুৱ উদ্ভাৱকে স্মাৰ্ট চিটি, উন্নত উৎপাদন আৰু নতুন সামগ্ৰীৰ জৰিয়তে ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিছে। আনহাতে একাংশই গ্ৰীণ হাইড্ৰ’জেন, ইলেকট্ৰিক মবিলিটি আৰু বেটাৰী প্ৰযুক্তিৰ জৰিয়তে এক বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিছে। একে সময়তে, বহুকেইটা ষ্টাৰ্ট-আপে প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ বিকাশ ঘটাইছে।

আপোনালোকৰ সামৰ্থ্যলৈ চাই মই ক’ব খোজো: ভাৰতে ব্যাপক পৰিসৰ আৰু দ্ৰুত গতিৰে উদ্ভাৱন কৰে। ভাৰতে এক বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱন কৰে। আৰু ভাৰতে সমগ্ৰ বিশ্বৰ বাবে উদ্ভাৱন কৰে।

বন্ধুসকল,

আজিৰ এই কাৰ্যসূচীত বহু ভেঞ্চাৰ কেপিটেলিষ্ট আৰু উদ্যোগ জগতৰ নেতৃবৃন্দও অংশীদাৰ হৈছে। তেওঁলোকৰ উপস্থিতিত মই বিশেষকৈ ভাৰতৰ পৰা অহা এই যুৱ অংশগ্ৰহণকাৰীসকলক প্ৰশংসা কৰিব বিচাৰিছো।

ইয়াত উপস্থিত থকা সকলোৱেই পৰম্পৰাগত পথ অনুসৰণ নকৰি এক নতুন পথ বাছি ল’লে আৰু নিজৰ বাবে এক নতুন দিশৰ সৃষ্টি কৰিলে। ইয়াত আপোনালোকে হয়তো এশ বা ডেৰশ ষ্টাৰ্ট-আপ দেখিবলৈ পাইছে, কিন্তু আজি ভাৰতত দুই লাখতকৈও অধিক তেনে ষ্টাৰ্ট-আপৰ এক বিশাল ভাণ্ডাৰ আছে। এই ষ্টাৰ্ট-আপসমূহে এতিয়া ভাৰতীয় তথা বিশ্ব অৰ্থনীতিৰ বিকাশত নতুন শক্তিৰে অৱদান আগবঢ়াইছে।

বন্ধুসকল,

বিশ্বৰ বাবে এই দশকটো একেলগে বাধা-বিঘিনি আৰু বিকাশ দুয়োটাৰে দশক। চলি থকা সংঘাত আৰু জলবায়ু পৰিৱৰ্তনৰ বৰ্ধিত প্ৰভাৱৰ মাজত বিশ্বই এক অভূতপূৰ্ব পৰিৱৰ্তনৰ মাজেৰে গতি কৰিছে। তথাপিও, আজি মানৱ জাতিৰ সমুখত থকা প্ৰত্যাহ্বানসমূহ যিদৰে বিশাল, আমাৰ সমুখত থকা সুযোগসমূহো সমানেই গুৰুত্বপূৰ্ণ।

কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং, জৈৱ প্ৰযুক্তি, মহাকাশ প্ৰযুক্তি আৰু উন্নত সামগ্ৰী—এই সকলোবোৰ প্ৰযুক্তিয়েই মানৱ জাতিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। এইবোৰে মানৱ সভ্যতাৰ পৰৱৰ্তী অধ্যায়ক প্ৰতিনিধিত্ব কৰে।

প্ৰতিটো প্ৰযুক্তিগত বিপ্লৱেই মানৱ জাতিক এক নতুন সুযোগ প্ৰদান কৰে। আৰু প্ৰতিটো সুযোগেই নিজৰ সৈতে এক নতুন দায়িত্বও কঢ়িয়াই আনে। আজি বিশ্বই এনে কিছুমান প্ৰযুক্তিৰ দিশে চাই আছে যিবোৰ বিশ্বাসযোগ্য, অন্তৰ্ভুক্তিমূলক, মানৱ-কেন্দ্ৰিক আৰু বিশ্বৰ কল্যাণৰ বাবে উৎসৰ্গিত। এনে এক সময়ত ভাৰতৰ অগ্ৰাধিকাৰ হৈছে—মানৱতাৰ বাবে প্ৰযুক্তি অৰ্থাৎ মানৱ-কেন্দ্ৰিক উদ্ভাৱন।

বন্ধুসকল,

এই মন্ত্ৰই আমাৰ ডিজিটেল বিপ্লৱৰ মূল আধাৰ হৈ আহিছে। ই ভাৰতৰ ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ সাৰমৰ্মকো প্ৰতিফলিত কৰে। আমাৰ কৃত্ৰিম বুদ্ধিমত্তা লক্ষ্যৰো মূল নীতি একেই—সকলোৰে কল্যাণ আৰু মংগলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা। দিল্লীত অনুষ্ঠিত হোৱা এই ছামিটৰো এয়া কেন্দ্ৰীয় বিষয় আছিল।

বন্ধুসকল,

ভাৰতে দেখুৱাই দিছে যে উদ্ভাৱন আৰু অন্তৰ্ভুক্তিকৰণ পৰস্পৰ বিৰোধী নহয়, বৰঞ্চ পৰিপূৰকহে। ইয়াৰ অৰ্থ হ’ল কোনো উদ্ভাৱনৰ শ্ৰেষ্ঠত্ব কেৱল তাৰ অৰ্থনৈতিক মূল্যায়নৰ ওপৰত নিৰ্ভৰ নকৰে, ইয়াৰ প্ৰকৃত শ্ৰেষ্ঠত্ব নিহিত থাকে মানৱ জীৱনত পৰা ইয়াৰ প্ৰভাৱৰ ওপৰত।

এয়াই হৈছে ভাৰত ইনোভেটছৰ মূল ভাৱনা। এয়াই ভাৰতৰ লক্ষ্য। ইয়াত উপস্থিত থকা ষ্টাৰ্ট-আপ পৰিৱেশৰ সৈতে ই আপোনালোক সকলোৰে বাবেও সমানেই এক ডাঙৰ প্ৰেৰণাৰ উৎস।

বন্ধুসকল,

উদ্ভাৱন ভাৰতৰ তেজত আছে। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতে নিজৰ জ্ঞান আৰু উদ্ভাৱনেৰে বিশ্বক এক নতুন দিশ প্ৰদৰ্শন কৰি আহিছে। গণিতৰ পৰা জ্যোতিৰ্বিজ্ঞানলৈ, চিকিৎসা বিজ্ঞানৰ পৰা যোগলৈকে, ভাৰতৰ অৱদানেই সমগ্ৰ মানৱ জাতিৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে। আজি আমি এই ঐতিহ্যকে এক নতুন গতি আৰু নতুন দিশ প্ৰদান কৰিছোঁ।

বন্ধুসকল,

বিগত ১১-১২ বছৰত ভাৰতে উদ্ভাৱনৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তুলিছে। পেটেণ্ট ফাইলিঙৰ পৰা ইনকিউবেচন নেটৱৰ্কলৈ, ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ পৰা নীতিগত সহায়লৈকে—এই সমগ্ৰ যাত্ৰা এক বিশেষ মিছন হিচাপে আগবাঢ়িছে।

আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ পৰিৱেশ। অৱশ্যে আমাৰ লক্ষ্য কেৱল ডাঙৰ চহৰসমূহতে সীমাবদ্ধ নহয়। আমি উদ্ভাৱনক তৃণমূল পৰ্যায়লৈ লৈ যাবলৈ কাম কৰিছোঁ।

বিদ্যালয়সমূহত অটল টিংকাৰিং লেব স্থাপন কৰা হৈছে, যুৱপ্ৰজন্মক হেকাথন আৰু উদ্ভাৱন প্ৰত্যাহ্বানৰ সৈতে সংযোগ কৰা হৈছে, সমগ্ৰ দেশতে ইনকিউবেটৰ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণ কৰা হৈছে আৰু বিশেষকৈ মহিলা উদ্ভাৱকসকলক বিভিন্ন নতুন প্ৰযুক্তিৰ সৈতে সংযোগ কৰা হৈছে।

এই সকলোবোৰ প্ৰচেষ্টাৰ ফলত ভাৰতত ব্যাপক পৰিসৰত এক পৰিৱৰ্তনমূলক পৰিৱৰ্তন প্ৰত্যক্ষ কৰা হৈছে। আজি ড্ৰোন দিদিৰ পৰা আৰম্ভ কৰি ষ্টাৰ্ট-আপৰ প্ৰতিষ্ঠাপকলৈকে, আমাৰ নাৰী শক্তিয়ে সফলতাৰ নতুন কাহিনী ৰচনা কৰিছে।

বন্ধুসকল,

আমাৰ যুৱশক্তিৰ সামৰ্থ্যক অধিক ব্যৱহাৰ কৰিবলৈ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডকো উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়া হৈছে। আজি ভাৰতত প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ সৈতে জড়িত শ শ ষ্টাৰ্ট-আপে উল্লেখনীয় কাম কৰি আছে।

শেহতীয়াকৈ ভাৰতে পৰমাণু শক্তি খণ্ডতো গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে। এই সংস্কাৰসমূহে স্বচ্ছ শক্তি, উন্নত ৰিয়েক্টৰ আৰু ফ্ৰণ্টিয়াৰ ৰিচাৰ্ছৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিব।

সংস্কাৰৰ এই যাত্ৰা স্তব্ধ নহয়; ই অবিৰতভাৱে আগবাঢ়ি যাব। আৰু ভাৰতৰ পৰা আত্মপ্ৰকাশ কৰা ষ্টাৰ্ট-আপৰ সংখ্যা বহু গুণ বৃদ্ধি পাব।

বন্ধুসকল,

এটা দশকৰ আগলৈকে বিশ্বই ভাৰতক প্ৰযুক্তি গ্ৰহণকাৰী দেশ হিচাপে চাইছিল। আজি ভাৰত প্ৰযুক্তি প্ৰদানকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতে যিয়েই উদ্ভাৱন নকৰক কিয়, ই যিয়েই সমাধান নিদিয়ক কিয়, সিয়েই মানৱ জাতিৰ এক বৃহৎ অংশক উপকৃত কৰে। এইয়া ভাৰত ইনোভেটছৰো উদ্দেশ্য।

ভাৰতৰ সৈতে গোলকীয় উদ্ভাৱনৰ পৰৱৰ্তী অধ্যায় যুটীয়াভাৱে ৰচনা কৰিবলৈ ভাৰত ইনোভেটছ্ হৈছে বিশ্বৰ প্ৰতি এক আমন্ত্ৰণ।

অনাগত তিনিত দিনত আপোনালোকৰ অধিৱেশন আৰু আলোচনাৰ বাবে মই মোৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আমি অংশীদাৰিত্ব বিচাৰোঁ। আমি যৌথ বিকাশ বিচাৰোঁ। আমি যৌথ গৱেষণা বিচাৰোঁ। আমি অংশীদাৰিত্বমূলক উৎপাদন বিচাৰোঁ। আৰু আমি দীৰ্ঘম্যাদী সহযোগিতা বিচাৰোঁ।

আজি ইয়াত উপস্থিত থকা প্ৰতিগৰাকী বিনিয়োগকাৰী, প্ৰতিখন বিশ্ববিদ্যালয়, প্ৰতিটো গৱেষণা প্ৰতিষ্ঠান আৰু প্ৰতিগৰাকী উদ্যমীক মই আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। ভাৰতলৈ আহক। আমাৰ সৈতে একেলগে কাম কৰক। ভাৰততে ডিজাইন কৰক। ভাৰততে বিকাশ কৰক। আৰু সমগ্ৰ বিশ্বৰ বাবে সমাধান সৃষ্টি কৰক।

আপোনালোক সকলোকে অশেষ ধন্যবাদ।

 

********

MJPS/SS/ST/DB


(रिलीज़ आईडी: 2272842) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Telugu , Kannada